শ্ৰীৰামপুৰ গেটেৰে চৰকাৰী নিৰাপত্তা লৈ মাদানী অসমত সোমাল অথচ মুখ্যমন্ত্ৰীয়ে গমেই নাপায় ! সন্দেহ হৈছে লুৰীণজ্যোতিৰ
জমিয়ত-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ অসম ভ্ৰমণ আৰু বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া ৷ পঢ়ক এই খবৰ...

Published : September 2, 2025 at 6:02 PM IST
মৰাণ: জমিয়ত-উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়া । মৌলানা মেহমুদ মাদানীৰ নেতৃত্বত অহা এটা দলে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদৰ বহুকেইটা স্থান পৰিদৰ্শন কৰিছে ।
মৌলানা মেহমুদ মাদানীয়ে অসম ভ্ৰমণ কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাব বুলি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা-কৰ্মীসকলে দাবী কৰাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহে একেই দাবী তুলিছে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷ বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সাম্প্ৰদায়িক বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ মেহমুদ মাদানীক অসমলৈ মাতি অনা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে ।
গগৈয়ে মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ ডিব্ৰুগড়ত মঙলবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে মাদানীয়ে অসম ভ্ৰমণ কৰা বুলি দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।
শ্ৰীৰামপুৰ গেটৰ পৰা অসম আৰক্ষীয়ে নিৰাপত্তা দিছে
‘‘অসমলৈ মেহমুদ মাদানীৰ আগমনৰ কথা অসমৰ ৰাইজে গম পোৱা নাছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই আহিছিল যদিও অসমত এতিয়া বদৰুদ্দিন আজমলৰ কাম নচলা হোৱাত ৰাজ্যৰ বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্ট আমদানি কৰিছে । মেহমুদ মাদানীয়ে শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰিছে । শ্ৰীৰামপুৰ গেটৰ পৰা অসম আৰক্ষীয়ে নিৰাপত্তা দি অনাৰ পিছত গোৱালপাৰা পায় । বদৰুদ্দিন আজমলে গোৱালপাৰালৈ গ’লে য’ত বাহৰ পাতে, তাতে আছিল মেহমুদ মাদানী । নিশা আমি অসম ভ্ৰমণৰ বিৰোধিতা কৰাৰ পাছতহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমত মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ কথা অসমৰ ৰাইজক অৱগত কৰে’’- বুলি সংবাদমেলত গুৰুতৰ অভিযোগ তোলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক অসমলৈ আমদানি কৰিছে
লুৰীণজ্যোতি গগৈয়ে লগতে কয়, ‘‘যিজন ব্যক্তিয়ে কেইটামান দিনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীক লৈ প্ৰৰোচনামূলক মন্তব্য কৰিছিল, সেইজন ব্যক্তিয়েই শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰিছে সেই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে গম নাপায়, অসমৰ গৃহ বিভাগে গম নাপায় সেই কথা কেতিয়াও হ'ব নোৱাৰে ৷ বিজেপিৰ সৈতে মেহমুদ মাদানীৰ সম্পৰ্ক আছে । দেশৰ সাম্প্ৰদায়িক সংঘৰ্ষত মাদানীৰ দৰে লোক জড়িত আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক অসমলৈ আমদানি কৰি অসমত তৃতীয়টো সাম্প্ৰদায়িক সংঘৰ্ষৰ ষড়যন্ত্ৰ ৰচিছিল । ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিশাই গোৱালপাৰা এৰি আহিছে মেহমুদ মাদানীয়ে । মেহমুদ মাদানীক সকলো ব্যৱস্থা কৰি দিছে অসম চৰকাৰে । প্ৰশাসনে ১৪৪ ধাৰা দি উচ্ছেদিত ঠাইলৈ যাবলৈ নিদিয়ে । কিন্তু মেহমুদ মাদানীক যাবলৈ দিয়া হৈছে । এতিয়া বিষয়টো ৰাজহুৱা হোৱাৰ পাছতে মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিবলৈ উঠি-পৰি লাগিছে একাংশ ।’’
মাদানীক সম্পূৰ্ণ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা হৈছে
"মাদানীক সম্পূৰ্ণ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা হৈছে । প্ৰশাসনে ১৪৪ ধাৰা কিয় প্ৰৱৰ্তন নকৰিলে ? কিয় মাদানীক কৰায়ত্ব নকৰিলে ? গুৱাহাটীলৈ আহি কিদৰে সংবাদমেল সম্বোধন কৰিব পাৰিলে ? জমিয়ত-উলেমা-ই-হিন্দ বিজেপিৰ এজেণ্ট সেই কথা প্ৰমাণ হৈছে । হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ নাথাকিলে মাদানীয়ে উচ্ছেদৰ ঠাই ভ্ৰমণ কৰিব নোৱাৰে’’ বুলিও গগৈয়ে সংবাদমেলত মন্তব্য কৰে ৷
আনহাতে, প্ৰৰোচনা আৰু উচটনিমূলক মন্তব্য দিয়া ব্যক্তিৰ বিৰুদ্ধে ১৪৪ ধাৰাৰ অধীনত বাধা দিব লাগে, কৰায়ত্ব কৰিব লাগে, সেয়া কিন্তু দেখা নগ'ল বুলিও অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে অভিযোগ তোলে । কিয় মেহমুদ মাদানীক আটক কৰা নহ’ল, তাৰ উত্তৰ চৰকাৰে দিব লাগিব বুলিও সংবাদমেলত চৰকাৰক উদ্দেশ্যি দাবী জনাই লুৰীণজ্যোতি গগৈয়ে ।

