ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মা মোদীৰ আন এটা ৰূপ : অমৰিন্দৰ সিং

হিমন্ত বিশ্ব শৰ্মাক সময় সদায় একে নাথাকে বুলি সকীয়ালে পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ।

Congress awareness meeting in Lahowal
লাহোৱালত 'ভোট চোৰ, চকী এৰক' শীৰ্ষক সজাগতামূলক কৰ্মীসভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 8:22 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পাছতে লাহোৱালত কংগ্রেছে বজালে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আয়োজিত জনসভাত পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

কংগ্ৰেছৰেই চৰকাৰ হ'ব :

‌আজি ডিব্ৰুগড়ৰ চাবুৱা-লাহোৱাল সমষ্টিৰ লাহোৱালৰ মটক চাহ বাগিচাৰ খেলপথাৰত 'ভোট চোৰ, চকী এৰক' শীৰ্ষক সজাগতামূলক কৰ্মীসভা আৰু বি এল এ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে কংগ্ৰেছ দলে । পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে অসমত হিমন্ত বিশ্ব শৰ্মা মোদীৰ আন এটা ৰূপ‌ বুলি কটাক্ষ কৰি কয়," অসমত হিমন্ত বিশ্ব শৰ্মা মোদীৰ আন এটা ৰূপ । এনেকুৱা নহওক যে অসমৰ ৰাইজৰ ভোট চোৰ কৰি লয় । আজি সমগ্ৰ দেশতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ চৰ্চা চলিছে । ৰাইজে পৰিবৰ্তন বিচাৰিছে । আজি যি পৰিবেশ সৃষ্টি হৈছে আহিব লগা দিনত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব । মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰো সময় সদায় একে নাথাকে, সময় সলনি হ'ব ।"

লাহোৱালত 'ভোট চোৰ, চকী এৰক' শীৰ্ষক সজাগতামূলক কৰ্মীসভা (ETV Bharat Assam)

ভোট চোৰ সন্দৰ্ভত তেওঁ কয়,"সমগ্ৰ দেশতে ৰাহুল গান্ধীয়ে ভোট চোৰক লৈ নৰেন্দ্ৰ মোদী চৰকাৰক নাঙঠ কৰি দিছে তাক লৈ সমগ্ৰ চৰ্চা লাভ কৰিছে । ভোট চোৰক লৈ ৰাইজৰ মাজত যি সন্দেহ আছিল তাক প্ৰমাণসহ ৰাইজৰ আগত দাঙি ধৰিছে ৰাহুল গান্ধীয়ে । ভোট চোৰ কৰি নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ৰাজ্যত লুণ্ঠন চলাইছে ।‌"

Congress awareness meeting in Lahowal
লাহোৱালত 'ভোট চোৰ, চকী এৰক' শীৰ্ষক সজাগতামূলক কৰ্মীসভা (ETV Bharat Assam)

গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত ডিব্ৰুগড় জিলাত অনুষ্ঠিত প্ৰথমখন কৰ্মীসভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা হাজৰ হাজৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।‌ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ডিব্ৰুগড়ৰ চাবুৱা আৰু লাহোৱাল সমষ্টি একত্রিত কৰি এটা সমষ্টি কৰাৰ পাছত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱাৰ অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ মাজত ২৬ত টিকট লাভক লৈ শীতল যুদ্ধ চলি থকা সময়ত কংগ্রেছৰ এই বিশাল ৰাজহুৱা সভাত হাজাৰ হাজাৰ লোক উপস্থিত থকাত কংগ্ৰেছ নেতৃত্বক উৎফুল্লিত কৰি তুলিছে ।‌

Congress awareness meeting in Lahowal
লাহোৱালত 'ভোট চোৰ, চকী এৰক' শীৰ্ষক সজাগতামূলক কৰ্মীসভা (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপৰি ৰাষ্ট্ৰীয় কেইবাগৰাকী নেতাসহ অনুষ্ঠানত বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‌ইকীয়া, সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা, পৃথ্বী মাঝি, ৰাজু চাহু, ঝাৰখণ্ডৰ কৃষিমন্ত্ৰী নেহা তিৰ্কী, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপধ্যায়, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে প্ৰমুখ্যে কৰি কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাক কিয় শকুনি মামা আখ্যা দিলে গৌৰৱ গগৈয়ে ? - GAURAV GOGOI ON ASSAM CM

ৰিপুণ বৰাৰ প্ৰশ্ন : কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিমুক্ত বুলি চাৰ্টিফিকেট দিলে ? - CONGRESS LEADER RIPUN BORA