উছৱমুখৰ কোকৰাঝাৰ: আজি শপত ল'ব হাগ্ৰামাৰ নেতৃত্বত নতুন পৰিষদে
কোকৰাঝাৰত বি টি চি সচিবালয় কৰ্তৃপক্ষৰ ব্যাপক প্ৰস্তুতি । ন-ৰূপত সজাই পৰাই তোলা হৈছে বডোফা নগৰ ।

Published : October 4, 2025 at 5:45 PM IST
|Updated : October 5, 2025 at 6:50 AM IST
কোকৰাঝাৰ : আজি অৰ্থাৎ দেওবাৰে বি টি চিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ শপতগ্ৰহণ সমাৰোহ ৷ এই উপলক্ষে, কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বি টি চি সচিবালয়ৰ খেলপথাৰত শপতগ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ ইতিমধ্যে বি টি চিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নতুন চৰকাৰখনক আদৰণি জনাবলৈ বি টি চি সচিবালয়ক ন-কইনাৰ ৰূপত সজাই তোলা হৈছে ৷ লগতে সচিবালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ, চৌহদ, ৰাস্তা-ঘাট, দেৱাল আদি নতুন ৰঙেৰে সজাই পৰাই তুলিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে শ শ শ্ৰমিক ৷
উল্লেখ্য যে, বডোফা নগৰৰ বি টি চি সচিবালয়ৰ খেলপথাৰত দেওবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হ'ব বি টি চিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ শপতগ্ৰহণ সমাৰোহ ৷ ইতিমধ্যে বি টি চিৰ শপতগ্ৰহণ সমাৰোহ উপলক্ষে সচিবালয়ৰ গাতে লাগি থকা পথাৰখনত আটকধুনীয়া মঞ্চ আৰু একেলগে ১৫ হেজাৰ লোক বহিব পৰাকৈ সুন্দৰভাৱে সজাই পৰাই তোলাৰ উপৰি নতুন পৰিষদীয় চৰকাৰক আদৰণি জনাবলৈ সু-সজ্জিত তোৰণ আঁৰি দিয়া হৈছে কোকৰাঝাৰৰ ঠায়ে ঠায়ে ৷

ইফালে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ নৱ-নিৰ্বাচিত পৰিষদখনৰ শপতগ্ৰহণ সমাৰোহত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নৱ-নিৰ্বাচিত পৰিষদখনক শপতবাক্য পাঠ কৰাব অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই ।

উল্লেখ্য যে, দেওবাৰে মুখ্য কাৰ্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য, বিধান অধ্যক্ষ, উপাধ্যক্ষ, প্ৰথম পৰ্যায়ত ৮/১০ গৰাকী কাৰ্যবাহী সদস্যই শপতবাক্য পাঠ কৰিব বুলি জানিব পৰা গৈছে ৷ ইফালে বি টি চিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নৱ-নিৰ্বাচিত পৰিষদীয় চৰকাৰখনৰ কাইলৈ অনুষ্ঠিত হ'ব লগা শপত গ্ৰহণ সমাৰোহক শুভেচ্ছা জনাইছে বিভিন্ন দল সংগঠনে ৷
বড়ো সাহিত্য সভা, সদৌ বি টি এ ডি গাঁওবুঢ়া সন্থা, বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছু, কোকৰাঝাৰ জিলা সাহিত্য সভা, কোকৰাঝাৰ ৰঙালী বিহু উৎসৱ পালন সমিতি, কোকৰাঝাৰ শংকৰদেৱ নামঘৰ পৰিচালনা সমিতি, কোকৰাঝাৰৰ বৃহত্তৰ অসমীয়া সমাজকে ধৰি বিভিন্ন জাতি-ধৰ্মৰ দল-সংগঠনে শুভেচ্ছা জনাই নৱ-নিৰ্বাচিত পৰিষদখনে সকলো জাতি-জনগোষ্ঠীক আস্থা আৰু বিশ্বাসক লৈ পূর্ণোদ্যমে বি টি চিৰ সৰ্বাংগীন বিকাশ আনিব বুলি আশা ব্যক্ত কৰে ৷

