ETV Bharat / politics

উপ-নিৰ্বাচন উপলক্ষে চিদলীত আধাৰশিলাৰ ৰাজনীতি আৰম্ভ - Sidli Assembly constituency

Foundation stone by Pramod Boro : চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে সমষ্টিটোত এদিনতে স্থাপন কৰা হ’ল ৬ টা আধাৰশিলা ৷ স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে ২.১৪ কোটি টকা ব্যয়েৰে সমষ্টিটোত নিৰ্মাণ কৰা হ’ব এখন পকী দলং ৷

SIDLI ASSEMBLY CONSTITUENCY
চিদলী বিধানসভা সমষ্টিত একেদিনাই ৬ টা আধাৰশিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 18, 2024 at 10:13 PM IST

2 Min Read
Choose ETV Bharat

চিৰাং, ১৮ আগষ্ট : চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সমাগত ৷ উপ-নিৰ্বাচনত জয়ী হোৱাৰ বাবে বৃদ্ধি পাইছে বি টি আৰৰ মুখ্য প্ৰমোদ প্ৰমোদ বড়োৰ তৎপৰতা ৷

চিদলী বিধানসভা সমষ্টিত একেদিনাই ৬ টা আধাৰশিলা (ETV Bharat Assam)

উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৰ্ষণৰ বাবে দেওবাৰে প্ৰমোদ বড়োৱে চিদলী বিধান সভা সমষ্টিত একেদিনাই স্থাপন কৰিলে ৬ টা আধাৰশিলা ৷ প্ৰথমেই চিদলী সমষ্টিৰ অন্তৰ্গত গৰুভাষা চান্দপুৰত মৰাভূৰ নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হয় ৷

গৰুভাষাৰ ইচলাকাটাত পকী দলঙৰ আধাৰশিলা স্থাপন, বাসুগাঁও খাগ্ৰাবাৰীত পকী দলং, কাজলগাঁৱত সুজিত নাৰ্জাৰী সমুহীয়া কেন্দ্ৰৰ আধাৰশিলা, কিশান বজাৰ খামাৰ পাৰাত পকী দলঙৰ আধাৰশিলা আৰু নাঙলভাঙাত বজাৰগৃহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দলীয় যোগদান সভাত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে ৷ ইফালে কাজলগাঁও পৌৰসভাৰ সভাকক্ষত বুথ কমিটীৰ সৈতে সভাত মিলিত হয় প্ৰমোদ বড়ো ৷

বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ দে’ৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে । অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বি টি আৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷

তদুপৰি প্ৰমোদ বড়োৱে কয় যে যোৱা বছৰৰ পৰা প্ৰতিবছৰে ১০০ খনকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাম অব্যাহত আছে ৷ তেওঁ কয়, ‘‘অস্থিৰতাৰ কাৰণে বহুদিন উন্নয়ণ স্থবিৰ হৈ আছিল ৷ কিন্তু এতিয়া এটা গতিত উন্নয়নৰ কামবোৰ আৰম্ভ হৈছে ৷ চান্দপুৰত গাঁৱত ২৫ মিটাৰৰ এখন দলং ২.১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব ৷ স্বাধীনতাৰ পিচত উক্ত অঞ্চলত এইপৰ্যন্ত তেনে পকী দলং হোৱা নাছিল ৷’’

লগতে পঢ়ক : অবড়ো সুৰক্ষা সমিতিৰ তিনি শতাধিকৰ ইউপিপিএলত যোগদান

দলং নিৰ্মাণৰ দাবীৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা