তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম : ফণীভূষণ চৌধুৰী - Lok Sabha elections 2024
Barpeta Lok Sabha constituency: দিনজোৰা কাৰ্যসূচীৰে নলবাৰীৰ বৰক্ষেত্ৰীত নিৰ্বাচনী প্ৰচাৰ মিত্ৰজোঁটৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ । প্ৰতিখন সভাতেই কংগ্ৰেছৰ লগতে অন্য দলৰ নেতা-কৰ্মীৰ যোগদান ।

Published : April 8, 2024 at 8:09 PM IST
নলবাৰী, ৮ এপ্ৰিল: আজি পুৱাই নলবাৰী জিলাৰ বালিলেছা কালী মন্দিৰত দেৱীৰ আশিস গ্ৰহণ কৰি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে সোমবাৰে জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰথমে বৰক্ষেত্ৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বালিলেচা কালী দেৱালয়ত আশিস লৈ প্ৰথমখন সভা অনুষ্ঠিত কৰে ।
মৰোৱাত অংশগ্ৰহণ কৰা চতুৰ্থখন সভাৰ অন্তত তেওঁ কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বৰপেটা লোকসভা সমষ্টিত বিপুল ভোটত জয়ী হোৱাৰ লগতে প্ৰায় তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে । আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ফণীভূষণ চৌধুৰী বৰপেটাত দ্বিতীয় স্থানত থাকিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব খোজাত কোনো কথাই নক'লে ফণীভূষণ চৌধুৰীয়ে । আনহাতে, সভাসমূহত নেতাগৰাকীয়ে ১০০ শতাংশ বিধায়ক আৰু ৫০ শতাংশ সাংসদ বুলি কৰি অহা মন্তব্য সম্পৰ্কে সাংবাদিকে জানিব খোজাত ফণীভূষণ চৌধুৰীয়ে কয়," মই সাংসদ বুলি ধৰিয়েই লৈছো ।"
এই সভাৰ পিচতে বৰখলা,বৰভাগ, কালাগ আৰু মৰোৱা উৎসৱ ক্ষেত্ৰত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থখন প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰে । প্ৰতিখন প্ৰচাৰ সভাতেই সহস্ৰাধিক লোকৰ সমাগম হয় । নেতাগৰাকীক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি কেইবাগৰাকীও অগপ আৰু বিজেপি নেতা-কৰ্মীয়ে ।
ইপিনে, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকায়ো বৰক্ষেত্ৰী সমষ্টিৰ পৰা সৰ্বাধিক ভোট ফণীভূষণ চৌধুৰীয়ে লাভ কৰিব বুলি মন্তব্য কৰে । তেওঁ কয় যে বৰ্তমান বৰক্ষেত্ৰীত বিৰোধী শূণ্য হোৱাৰ দিশে । আনহাতে,আজিও প্ৰতিখন প্ৰচাৰ সভাতেই কংগ্ৰেছ আৰু অন্যান্য দল-সংগঠনকে ধৰি বহু নেতা -কৰ্মীয়ে বিজেপিত যোগদান কৰে । আগন্তুক দিনত বৰক্ষেত্ৰীত বিৰোধী নোহোৱা হ'ব বুলি মন্তব্য কৰে নাৰায়ণ ডেকাই ।

