ETV Bharat / politics

'টকা দিয়ক, টিকট লওক' বিতৰ্কই খেদিছে কংগ্ৰেছক

মিনাৰেল ৱাটাৰতকৈয়ো ওপৰত প্ৰদ্যুৎ বৰদলৈ । কিয় ক’লে মন্ত্ৰী পীযুষে ? টিকটৰ বিনিময়ত ২০ লাখ টকা দাবী ! কিয় মৌন প্ৰদ্যুত বৰদলৈ ?

Panchayat Elections 2025
মন্ত্ৰী পীযুষ হাজৰীকা ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 10:58 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী/ ধিং : 'টকা দিয়ক, টিকট লওক'— পঞ্চায়ত নিৰ্বাচনত এই বিতৰ্কই হাহাকাৰ লগাইছে কংগ্ৰেছৰ ভিতৰচ’ৰাত । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত টিকটৰ বিনিময়ত ২০ লাখ টকা বিচৰাৰ অভিযোগে ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে ।

আনহাতে, প্ৰদ্যুৎ বৰদলৈ বিতৰ্কই সমালোচনাৰ বাবে যেন দলিচা পাৰি দিছে বিজেপিক ৷ টকা দিয়ক, টিকট লওক— বিতৰ্কক প্ৰাৰম্ভিক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ শাসকীয় বিজেপিৰ । ইফালে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ মৃদু চেষ্টা কংগ্ৰেছৰো । কিন্তু মৌনতা অৱলম্বন জ্যেষ্ঠ কংগ্ৰেছী নেতা, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ ইয়াৰ মাজতে বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ কটাক্ষ— গংগাজলৰ দৰে পৱিত্ৰ প্ৰদ্যুৎ বৰদলৈ ।

'টকা দিয়ক, টিকট লওক' বিতৰ্কই খেদিছে কংগ্ৰেছক (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয়-বিৰোধী সকলোৱে ৰাজ্যজুৰি প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰি নামি পৰিছে ভোট যুদ্ধত ৷ কিন্তু শাসকীয় বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে যেন 'Cash for Ticket' বিতৰ্কই অসুবিধাত পেলাইছে কংগ্ৰেছক ৷ টিকটৰ বাবদ ২০ লাখ টকা !

কিদৰে সাঙোৰ খালে মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ?

জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে কিয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তুলিছে কংগ্ৰেছ দলে ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ । বিশেষকৈ নগাঁৱৰ পৰা আৰম্ভ কৰি গোৱালপাৰা-ধুবুৰীলৈকে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তুলিছে টিকটৰ নামত ১০ৰ পৰা ২০ লাখলৈকে ধন বিচৰাৰ অভিযোগ ।

Panchayat Elections 2025
সাংসদ প্ৰদ্যুৎ বৰদলৈ ফাইল ফটো (ETV Bharat Assam)

পঞ্চায়তৰ টিকটৰ বাবে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ২০ লাখ টকা বিচৰাৰ বিস্ফোৰক অভিযোগ তোলে লাহৰীঘাটৰ ৰৌজলিন ফাৰুকী নামৰ মহিলাগৰাকীয়ে । ৰৌজলিন আছিল ৰজা গাধোৱা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৷ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীও আছিল কংগ্ৰেছী মহিলাগৰাকী । কিন্তু কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাত এইবাৰ বিজেপিৰ মিত্ৰ দল অগপৰ পৰা মনোনয়ন দাখিল কৰিছে ৰৌজলিনে ।

অগপৰ পৰা টিকট পায়েই মহিলাগৰাকীয়ে অভিযোগ তোলে, “মই কংগ্ৰেছৰ সক্ৰিয় কৰ্মী আছিলোঁ । আমাৰ এম পি প্ৰদ্যুৎ বৰদলৈয়ে মোৰ পৰা ২০ লাখ টকা বিচাৰিছিল । মোৰ মোবাইলত ফোন কৰিছিল । তেখেতে ২০ লাখ টকা মোক ডিমাণ্ড কৰিছিল ৷ মই দিয়া নাই ৷ মই প্ৰত্যাখান কৰিলোঁ । নিষ্ঠাৱান কৰ্মীৰ কোনো মূল্য নাই ৷ মই প্ৰমাণ দেখুৱাই দিব পাৰিম ৷”

ইফালে এই অভিযোগ প্ৰত্যাখান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ভূপেন বৰাৰ মন্তব্য যে কংগ্রেছৰ কথা তিলটোকে তালটো কৰি প্ৰচাৰ কৰা হৈছে । তেওঁ কয়, “পঞ্চায়ত নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হোৱাসকলৰ ক্ষোভ অকল কংগ্রেছ দলতে নাই, বিজেপি দলতো আছে । কিন্তু কংগ্রেছৰ বিষয়ে ৰৌজাল-বৌজাল কৰা হৈছে । বিজেপিয়ে অপপ্ৰচাৰেৰে জঁপিয়াই পৰিছে ৷”

Panchayat Elections 2025
সংসদত বক্তব্য প্ৰদানৰ সময়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ (Sansad TV)

লগতে যোৱা বৃহস্পতিবাৰে প্ৰদ্যুৎ বৰদলৈক সুৰক্ষা দি কৈছিল, “১৯৯৮ চনৰে পৰা প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী-সাংসদ হৈ আছে । টিকট দিয়া এই প্ৰক্ৰিয়াত তেওঁ আগৰে পৰা জড়িত । তেওঁৰ বিৰুদ্ধে এনে অভিযোগ ভিত্তিহীন । এপেক্স বেংকত দুজন বিজেপিৰ বিধায়কে লাখ লাখ টকা লুণ্ঠন কৰা বুলি খবৰ ওলাইছে । এই ক্ষেত্ৰত কিন্তু বিজেপি আৰু মুখ্যমন্ত্রীজন মৌন ৷”

একেদৰে ধুবুৰী আৰু গোৱালপাৰাতো কংগ্ৰেছৰ বিৰুদ্ধে উঠিছে অনুৰূপ অভিযোগ । আজিৰ তাৰিখতো কংগ্ৰেছত অব্যাহত টিকটকেন্দ্ৰিক অসন্তুষ্টি ।

মিনাৰেল ৱাটাৰতকৈয়ো ওপৰত বৰদলৈ— কটাক্ষ মন্ত্ৰী পীযুষৰ

কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বোলে নিজকে গংগাৰ দৰে পৱিত্ৰ বুলি ভাবে । মিনাৰেল ৱাটাৰতকৈয়ো ওপৰত বোলে পৰিষ্কাৰ বৰদলৈ । এইদৰে বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই আক্ৰমণেৰে থকা-সৰকা কৰিছে কংগ্ৰেছৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈক । ইফালে কংগ্ৰেছ দলৰ প্ৰত্যুত্তৰে প্ৰশমিত কৰিব পৰা নাই 'ধন দিয়ক, টিকট লওক' বিতৰ্ক ৷ বিজেপিৰ নেতা-মন্ত্ৰী সমালোচনাত জঁপিয়াই পৰিছে কংগ্ৰেছৰ বিৰুদ্ধে ।

মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য— “ধনৰ বিনিময়ত কংগ্ৰেছে প্ৰাৰ্থীক টিকট দি দুৰ্নীতিৰ লাইচেন্স দিছে । অসম কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে নিজকে আটাইতকৈ পৱিত্ৰ বুলি ভাবে । নিজকে গংগাজলৰ দৰে পৱিত্ৰ বুলি ভাবে প্ৰদ্যুৎ বৰদলৈয়ে । তেখেত মিনাৰেল ৱাটাৰতকৈয়ো ওপৰত ৷”

পীযুষ হাজৰীকাই লগতে কয়, “অসমৰ মানুহে প্ৰদ্যুৎ বৰদলৈক আন্ধাৰৰ ৰজা বুলি কয় । তেখেতৰ বিৰুদ্ধে প্ৰসন্ন টুৰুং আৰু তেখেতৰ পত্নীক হত্যাৰ অভিযোগ আছে । তেখেতৰ দিনতেই অসমৰ গঁড় মাৰি শেষ কৰিছিল । সেইজন ব্যক্তিয়েই নিজে ভাবে তেখেততকৈ 'ক্লিন’ ব্যক্তি অসমত নাই । তেখেতৰ বিৰুদ্ধেই ৰৌজলিন ফাৰুকী নামৰ মহিলাগৰাকীয়ে বৰদলৈয়ে নিজে ফোন কৰি টিকটৰ বিনিময়ত ২০ লাখ টকা দাবী কৰা বুলি ৰাজহুৱাকৈ কৈছে । কিন্তু ইংলিছ স্পিকিং প্ৰদ্যুৎ বৰদলৈয়ে এনে কাম কৰা বুলি ভাবিবলৈকে বেয়া লাগে ৷”

আনহাতে, পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ সদস্যক টকাৰ বিনিময়ত টিকট বিতৰ্ক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি আনসকলে প্ৰত্যুত্তৰ দিছে যদিও কংগ্ৰেছৰ সাংসদ তথা অভিযুক্ত জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে অৱলম্বন কৰিছে মৌনতা ৷ বৰদলৈৰ মৌনতাই কংগ্ৰেছক সমালোচনা কৰিবলৈ বিজেপিক দিছে অধিক সুবিধা । এক কথাত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে পঞ্চায়তৰ টিকটৰ বিনিময়ত ২০ লাখ টকা দাবী কৰা প্ৰসংগ আৰু অন্য একে অভিযোগবোৰক বিজেপিয়ে সমালোচনাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :দলীয় নেতা-কৰ্মীলৈ সতৰ্কবাণী ভূপেন বৰাৰ: মোৰ সৈতে এবাৰ যোগাযোগ কৰক - PANCHAYAT ELECTIONS 2025
লগতে পঢ়ক :এইবাৰ অপহৰণৰ ষ্টাইলত গ্ৰেপ্তাৰ ৰিতম সিঙক - REETAM SINGH ARRESTED