বিৰোধীৰ ঐক্য : একলা চলোৰ পক্ষত ভূপেন বৰা, আপোচ নকৰে অখিল গগৈয়ে
সোণাপুৰত শনিবাৰে আয়োজিত বিজেপি বিৰোধী শিবিৰৰ সভাৰ মাজতেই ঘটিল অথন্তৰ । সভা চলি থকাৰ মাজতেই খঙত অগ্নিশৰ্মা হৈ ওলাই আহিল কংগ্ৰেছৰ প্ৰতিনিধি ।

Published : March 2, 2025 at 1:51 PM IST
গুৱাহাটী : বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে এ আই ইউ ডি এফক বাদ দি বিৰোধী ৰাজনৈতিক দলসমূহ লোকসভা নিৰ্বাচনৰ পূৰ্বে একত্রিত হৈছিল যদিও পৰৱৰ্তী সময়ত বিঘ্নিত হৈছিল বিৰোধীৰ ঐক্য । বিশেষকৈ কংগ্ৰেছৰ বাবেই বিৰোধী ঐক্যত আউল লাগিছিল বুলি বাকী বিৰোধী সলসমূহে অভিযোগ কৰিছিল । যাৰ বাবে বিৰোধী ঐক্যৰ পৰা কংগ্ৰেছক আঁতৰ কৰা হৈছিল । বৰ্তমান আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সেই আউল আঁতৰাই পুনৰ বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা কৰা হৈছে যদিও অংক মিলা নাই ।
শনিবাৰে নিশা সোণাপুৰৰ আতিথ্য ৰিৰ্জটত বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ বাবে অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত কাৰ্যতঃ কোনো সমাধানৰ সূত্ৰ নোলাল । বৰং অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক-বিতণ্ডাই বৈঠকখনৰ আৰম্ভণিতেই কেনা লগাইছিল । অখিল গগৈৰ কথাত অসন্তুষ্ট হৈ বৈঠক আধাতে ত্যাগ কৰি ওলাই গৈছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ । বৈঠক শেষ হোৱাৰ পাছত বৈঠকত অংশ লোৱা নেতা তথা বিশিষ্ট ব্যক্তিসকলে কোনো কংক্ৰিট সিদ্ধান্তৰ কথা ৰাজহুৱা কৰা নাছিল । কিন্তু সকলোৱে স্বীকাৰ কৰিছিল যে বৈঠকত তীব্ৰ বাক-বিতণ্ডা, যুক্তি তৰ্কৰ সৃষ্টি হৈছিল ।

কোনো এগৰাকী নেতাই মুখ খুলি নকলেওঁ শেহতীয়াকৈ তেওঁলোকৰ সুকীয়া সুকীয়া ফেচবুক পোষ্টত তেওঁলোকৰ স্থিতিৰ সন্দৰ্ভত ৰাইজক আভাস দিবলৈ চেষ্টা কৰিছে । লক্ষণীয় বিষয় যে বৈঠকৰ পৰা উভতি আহিয়ে যোৱানিশা অখিল গগৈয়ে ফেচবুকত এটা পোষ্ট দিছে । সেই পোষ্টটোত তেওঁ কয়, "আদৰ্শগত প্ৰশ্নত আমি অটল থাকিম ।" এই পোষ্টটোৰ পৰাই বুজিব পাৰি যে উক্ত বৈঠকত কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত সৃষ্টি হোৱা বাক-বিতণ্ডাই কি পৰ্যায় পাইছিলগৈ । পোষ্টতোৰ যোগেদি অখিল গগৈয়ে নিজৰ স্থিতিত অটল থকাৰ কথাই স্পষ্ট কৰি দিছে ।
আদৰ্শগত প্ৰশ্নত আমি অটল থাকিম।
— Akhil Gogoi (@AkhilGogoiAG) March 2, 2025
ইফালে দেওবাৰে পুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সামাজিক মাধ্যমযোগে এটা বিশেষ তাৎপৰ্যপূৰ্ণ বাৰ্তা দিছে । কিশোৰ কুমাৰৰ বিখ্যাত বাংলা গীত 'একলা চলো ৰে..' শীৰ্ষক গীতটো ফেচবুকত আপলোড কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উক্ত পোষ্টটোত লিখিছে - "যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে । একলা চলো, একলা চলো, একলা চলো, একলা চলো ৰে ।" ভূপেন বৰাই এই গীতটো শ্বেয়াৰ কৰি কেপচনত লগতে লিখিছে - "PRE POLL/ POST POLL" বুলি । অৰ্থাৎ ভূপেন বৰাই কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰে ইংগিত দিছে ।

ৰাজনৈতিক নেতাসকলৰ এনে পোষ্টৰ পৰাই সহজে অনুমান কৰিব পাৰি যে তেওঁলোকে দৰাচলতে কি ক'ব বিচাৰিছে । এতিয়ালৈকে এই বৈঠক আহ্বান কৰা আহ্বায়ক মণ্ডলীয়ে কোনো কথা ৰাজহুৱা কৰা নাই যদিও ৰাজনৈতিক নেতাসকলৰ এনে প্ৰতিক্ৰিয়াই বৈঠকত যে সকলো দল একমত উপনীত হ’ব নোৱাৰিলে তাৰে ইংগিত প্ৰদান কৰিছে ।
উল্লেখ্য যে শনিবাৰে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাই, হৰেকৃষ্ণ ডেকা, সাংসদ অজিত কুমাৰ ভূঞা, কমল নাৰায়ণ চৌধুৰী আদিৰ উদ্যোগত নাগৰিক সমাজ, অসমে ৰাজ্যৰ বিজেপি বিৰোধী শিবিৰক পুনৰ একত্ৰিত কৰাৰ লক্ষ্যৰে সোণাপুৰৰ আতিথ্য ৰিৰ্জটত এখন বৈঠকৰ আয়োজন কৰিছিল । বৈঠকত কংগ্ৰেছ, ৰাইজৰ দল, এ জে পি, চি পি আই এম দলৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰিছিল । এই সভাত নাছিল কেৱল এ আই ইউ ডি এফ আৰু আপ । কিন্তু বৈঠক আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই বিৰোধী শিবিৰৰ বৈঠকৰ পৰা খঙত ওলাই যাই কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও বৈঠকৰ পৰা ওলাই আহিছিল যদিও পৰৱৰ্তী সময়ত বৈঠকত উপস্থিত আছিল । বৈঠকৰ শেষত আয়োজকসকলৰ হৈ হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা আৰু মনোৰঞ্জন তালুকদাৰে বিজেপিৰ বিৰুদ্ধে উপস্থিত সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । কিন্তু এই সিদ্ধান্ত কিমান দূৰ কাৰ্যকৰী তথা সৰ্বসন্মত হ'ব সেয়া আগন্তুক সময়তহে জানিব পৰা যাব ।
লগতে পঢ়ক: গাঁঠিতেই কেণা লাগিল ! খঙত আধাতেই সভা এৰি গুচি গ'ল প্ৰদ্যুৎ বৰদলৈ

