উপ-নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত এইবাৰ প্ৰাৰ্থিত্বক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ৰকিবুল পুত্ৰ !
২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ সময় আছে যদিও আৰম্ভ হৈছে একাংশ নেতাৰ বিৰুদ্ধে প্ৰাৰ্থিত্বৰ বিৰোধিতা । এইবাৰ চামগুৰিত কংগ্ৰেছত আৰম্ভ সংঘাত ।

Published : September 13, 2025 at 7:33 PM IST
|Updated : September 14, 2025 at 12:14 AM IST
নগাঁও: চামগুৰি সমষ্টিত উপ-নিৰ্বাচনত বিজেপিৰ হাতত পৰাজিত হোৱা পাঁচবাৰৰ বিধায়ক তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে একত্ৰিত হৈছে বহু কংগ্ৰেছী । আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত চামগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ বহু নেতা-কৰ্মী ।
ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে শুকুৰবাৰে চামগুৰি সমষ্টিৰ ৰূপহীহাটত এক গোপন বৈঠক অনুষ্ঠিত কৰি সমাজসেৱাৰ সৈতে জড়িত কেইবাগৰাকীও শিক্ষিত লোক তথা যুৱক দাবীদাৰ হৈছে চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ । কংগ্ৰেছ দলৰেই একাংশ নেতা-কৰ্মীয়ে গোপনে তানজিলৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে অনুষ্ঠিত কৰা বৈঠকৰ আলোকচিত্ৰ আহি পৰিছে ই টিভি ভাৰতৰ হাতত ।
২০০১ চনৰ পৰা সাংসদ হোৱালৈ চামগুৰি সমষ্টি নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন বিগত উপ-নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পাছত পুনৰ নতুনকৈ গঠিত চামগুৰি সমষ্টিত আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগে লগেই সমষ্টিটোৰ পৰা এই পৰ্যন্ত আধা ডজন নেতাই প্ৰাৰ্থিত্ব বিচাৰি কুচকাৱাজ আৰম্ভ কৰিছে ।
বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বিধায়ক নুৰুল হুদাৰ পূৰ্বৰ ৰূপহীহাটৰ কেইবাখনো পঞ্চায়ত নতুনকৈ চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈ পৰাত পূৰ্বৰ ৰূপহীহাটৰ তথা বৰ্তমান চামগুৰিৰ কেইবাগৰাকী নেতা তানজিল হুছেইনৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব বিচাৰি হাইকমাণ্ডক আবেদন জনাবলৈ প্ৰস্তুতি চলাইছে । তানজিল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি শুকুৰবাৰে ৰূপহীহাটত অনুষ্ঠিত কৰা বৈঠকৰ কথা ই টিভি ভাৰতৰ সন্মুখত স্বীকাৰ কৰিছে বৈঠকৰ নেতৃত্ব লোৱা কংগ্ৰেছ নেতাই ।

ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কংগ্ৰেছ নেতা ৰহমত উল্লাহেও শুকুৰবাৰৰ বৈঠকৰ কথা স্বীকাৰ কৰি কয়, “পূৰ্বে আমাৰ বিধায়ক আছিল নুৰুল হুদা । এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত চামগুৰি সমষ্টিৰ বিধায়ক হিচাপে আমি ৰকিবুল হুছেইনৰ পুত্ৰক কোনো কাৰণত মানি ল’ব নোৱাৰিম । বিধায়ক নুৰুল হুদা যিকোনো সমষ্টিৰ পৰাই নিৰ্বাচন খেলিলে জয়লাভ কৰাৰ যোগ্যতা আছে; কিন্তু ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ দৰে এজন যুৱকক আমি কোনো কাৰণতে বিধায়ক পদৰ প্ৰাৰ্থী হিচাপে মানি ল’ব নোৱাৰো । তানজিল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে আমি প্ৰায় ৫০ হাজাৰ লোকৰ সমবেশ আয়োজন কৰিম ।”
ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে সমষ্টিটোৰ বহুকেইগৰাকী শিক্ষিত লোক একত্ৰিত হোৱাৰ কথা স্বীকাৰ কৰিছে সমষ্টিটোৰ আন এগৰাকী শিক্ষিত লোকে ।
উল্লেখ্য় যে, ধুবুৰীত ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে গোপন বৈঠকত মিলিত হোৱা চামগুৰি সমষ্টিৰ কংগ্ৰেছ নেতা, কৰ্মী যে তানজিলৰ সন্মুখত গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া যেন একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।
বিগত উপ-নিৰ্বাচনত পিতৃ ৰকিবুল হুছেইনৰ দুৰ্গ থকা স্বত্বেও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰি ২৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল তানজিল হুছেইন। ইপিনে, ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ প্ৰাৰ্থিত্বক প্ৰত্যহ্বান জনাবলৈ সাজু হোৱা কংগ্ৰেছীৰ গোপন সভাখনৰ সৈতে বিধায়ক নুৰুল হুদা জড়িত নহয় বুলি সামাজিক মাধ্যমত বিধায়কগৰাকীয়ে স্পষ্টীকৰণ দিছে । অৱশ্যে সভাখনৰ নেতৃত্ব লোৱা অধিকাংশ লোকেই বিধায়ক নুৰুল হুদাৰ ঘনিষ্ঠ বুলি চৰ্চিত হৈছে ।

