গুৱাহাটী : সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ দিনাই অৰ্থাৎ মঙলবাৰে এটা বিশেষ পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ বিশেষকৈ এটা ৱাটছএপ মেছেজে সংখ্যালঘু লোকক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে যাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে তেওঁ সেয়া খণ্ডন কৰিছে ৷
উল্লেখ্য যে আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমত কংগ্ৰেছৰ মেঘনাথ ছেত্রী নামৰ নেতাজনৰ এটা ৱাটছএপ মেছেজ আপলোড কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ যিটো মেছেজ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷
ইফালে মেছেজটো আপলোড কৰি নিজৰ প্ৰতিক্ৰিয়াত মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, "কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিজন সচাকৈয়ে বুদ্ধিমান ৷ তেওঁৰ সোহাঁতস্বৰূপ ছেত্ৰী উপাধিৰ ব্যক্তিজনৰ হোৱাটছআপ মেছেজে সকলো উদঙাই দিলে ৷ কিন্তু সত্যক জানো ঢাকি ৰাখিব পাৰি ৷"
ইফালে মেঘনাথ চেত্রীৰ নামত থকা মেছেজটো আছিল এনেধৰণৰ - "আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হ'বলগীয়া বিশেষ সভাখনত আমাৰ সংখ্যালঘু ভাই-বন্ধুসকলক হলৰ শেষত বিশেষভাৱে সংৰক্ষিত আসনত বহিবলৈ অনুৰোধ জনালোঁ ৷ তদুপৰি আপোনালোকে অনুগ্ৰহ কৰি আজিৰ দিনটোত টুপী পৰিধান নকৰিব আৰু পাৰ্যমানে কেমেৰাৰ সন্মুখলৈ নাহিব ৷ কাৰণ বিজেপি দলে আমাৰ দল তথা গৌৰৱ গগৈ ডাঙৰীয়াক এই বিষয়টো লৈ যথেষ্ট সমালোচনা কৰি আছে ৷ দলৰ সকলো সন্মানীয় সদস্যই দলৰ স্বাৰ্থত এই নির্দেশনা মানি চলিব বুলি আমি আশাবাদী ৷"
লক্ষণীয় বিষয় যে সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ৱাটছএপ মেছেজে সৰ্বত্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাটো স্বাভৱিক ৷ ইফালে বিজেপি দলে ইয়াকলৈ সংখ্যালঘু সকলক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই চূড়ান্ত অপমান-লাঞ্চনা কৰা বুলি অভিযোগ কৰিছে ৷ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা মেঘনাথ চেত্ৰীয়ে কংগ্ৰেছৰ অফিচিয়েল গ্ৰুপত এই মেছেজটো দিছিল বুলি অভিযোগ উঠিছে ৷ য’ত কোৱা হৈছে ৰাজীৱ ভৱনৰ সভালৈ টুপী পিন্ধি অহা লোকসকল অৰ্থাৎ সংখ্যালঘু লোকসকলক সন্মুখৰ ফালে বহিবলৈ মানা কৰা হৈছে ৷ তেওঁলোকক সংৰক্ষিত আসনত পিছফাললৈ বহিবলৈ কোৱা হৈছে ৷ যিমান পাৰে সিমান কেমেৰাৰ সন্মুখৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে ৷
উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লাভৰ পাছত গৌৰৱ গগৈ যোৰহাটত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মকৰ্তাই তেওঁক উষ্ম আদৰণি জনাইছিল ৷ কিন্তু এই উষ্ম আদৰণিৰ পিছতেই গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰীৰ উপৰি মন্ত্রী পীয়ুষ হাজৰীকাকে ধৰি বিজেপিৰ নেতাসকলে ৷ আনকি মন্ত্রী পীযুষ হাজৰীকাই গৌৰৱ গগৈ ক'ত গ'লে কিমান মানুহ হ'ব তাৰো সংখ্যা দিছিল ৷
পীযুষ হাজৰীকাই পৰোক্ষভাৱে সংখ্যালঘু সমৰ্থকৰ কথা কৈ গৌৰৱ গগৈক ধুবুৰীৰ পৰা যাত্রা আৰম্ভ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ৷ তাৰ পিছত এনে এই ৱাটছএপ মেছেজে ভাইৰেল হোৱাত স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে এই সমগ্ৰ ঘটনাক বিজেপিৰ আই টি চেলৰ কু-চক্ৰান্ত আখ্যা দিছে কংগ্ৰেছৰ নেতা মেঘনাথ চেত্ৰীয়ে ৷
মেঘনাথ চেত্ৰীয়ে সামাজিক মাধ্যমত স্পষ্টীকৰণ দি কয়, "Dear Minister ককাইদেউ, My name is Meghnath Chetry, NOT Meghnat Chetry. Next time please tell your IT cell to write my name correctly... Please don't be so scared, our ideology is not weak like yours ! Best wishes MEGHNATH CHETRY " মেঘনাথ চেত্ৰীয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক উদ্দেশ্যি এই স্পষ্টীকৰণ দিছে ৷ প্ৰকৃততে কোন সঁচা কোন মিছা সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ কিন্তু এই বিষয়টোৱে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷