ETV Bharat / politics

অবড়ো সুৰক্ষা সমিতিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব কোকৰাঝাৰ লোকসভা সমষ্টিত

Non Bodo Suraksha Samiti: লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব অবড়ো সুৰক্ষা সমিতিৰ দ্বাৰা গঠিত ঐক্যমঞ্চই ৷ অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত এই কথা ঘোষণা কৰা হয় ৷

Non Bodo Suraksha Samiti
অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 10:48 PM IST

3 Min Read
Choose ETV Bharat
অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল

বৰপেটাৰোড, 18 ফেব্ৰুৱাৰী : বিটিচিত পুনৰ সক্ৰিয় হৈ উঠিছে বড়ো-অনাবড়োৰ ৰাজনীতি ৷ আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব অবড়ো সুৰক্ষা সমিতিৰ দ্বাৰা গঠিত ঐক্যমঞ্চ ৷ দেওবাৰে বৰপেটাৰোডত অনুষ্ঠিত হোৱা অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় নেতা মাধৱ ৰাজবংশীয়ে ।

ৰাজবংশীয়ে কয় যে বিটিচিৰ অবড়ো লোকসকলক লৈ ইউ পি পি এলৰ সহযোগত বিজেপি চৰকাৰে এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে ৷ বিটিচিত বসবাস কৰা প্ৰায় 22 লক্ষ অবড়ো লোকক লৈ ষড়যন্ত্ৰ নকৰিবলৈ বিটিচি চৰকাৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক সকীয়াই দি অবড়ো সুৰক্ষা সমিতিৰ নেতা মাধৱ ৰাজবংশীয়ে কয় যে বিটিচিত বসবাস কৰা জনজাতীয় লোকসকলক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চৰকাৰে সংৰক্ষণ কৰক ৷

কিন্তু বিটিচিত বসবাস কৰা অজনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ যাতে খৰ্ব কৰা নহয় সেইটো নিশ্চিত কৰিবলৈ বিটিচি চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় অবড়ো সুৰক্ষা সমিতিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিটিচিৰ প্ৰমোদ বড়ো চৰকাৰক মিছলীয়া চৰকাৰ আখ্যা দি অবড়ো সুৰক্ষা সমিতিৰ নেতা মাধৱ ৰাজবংশীয়ে পুনৰ কয় যে বিগত বিটিচি নিৰ্বাচনত বিটিচত বসবাস কৰা অজনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ প্ৰদান কৰিব বুলি নিৰ্বাচনী সভাসমূহত ডিঙিৰ শিৰ ফুলাই চিঞৰি চিঞৰি ভাষণ দিছিল, কিন্তু সেইটো নকৰিলে ৷ সেয়া মাথো ক্ষমতা দখল কৰাৰ ৰাজনৈতিক ভাষণহে আছিল বুলিও কয় নেতাজনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সেয়ে বিটিচিত নতুনকৈ যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰে তেন্তে বিটিচি অঞ্চল পুনৰ অশান্ত হৈ পৰিব আৰু বিটিচিত বসবাস কৰা 22 লক্ষ অনাবড়ো লোক ৰাজপথলৈ ওলাই আহিব বুলিও হুংকাৰ প্ৰদান কৰে অবড়ো সুৰক্ষা সমিতি কেন্দ্ৰীয় নেতাজনে । ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰমোদ বড়ো চৰকাৰে বিটিচিত আন্দোলন কৰি শ্বহীদ হোৱা লোকসকলক আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু মাত্ৰ 22 গৰাকী শ্বহীদকহে আৰ্থিক সাহায্য দিছে, বাকী 12 জনক এতিয়ালৈকে আৰ্থিক সাহায প্ৰদান কৰা নাই বুলি উল্লেখ কৰে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় নেতাজনে ৷

ইয়াৰোপৰি তেওঁ কয় যে বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তন কৰাৰো প্ৰতিশ্ৰুতি দিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই প্ৰতিশ্ৰুতিও পূৰণ নকৰিলে ৷ বিটিআৰ চুক্তিৰ (ক) দফা কাৰ্যকৰী কৰিছে, কিন্তু বিটিআৰ চুক্তিৰ (খ) দফা কাৰ্যকৰী নকৰিলে বুলিও কয় মাধৱ ৰাজবংশীয়ে ।

বিটিচিৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ দোহাই দি নিৰ্বাচনৰ পিচতেই বিটিচি অঞ্চলৰ বন্যভূমিত বসবাস কৰা লোকসকলকো উচ্ছেদৰ জাননী প্ৰেৰণ কৰি উচ্ছেদ অভিযান আৰম্ভ কৰিব বুলি কয় মাধৱ ৰাজবংশীয়ে । ইয়াৰোপৰি তেওঁ কয় যে 2003 চনৰ পূৰ্বৰে পৰা বিটিচি অঞ্চলত বসবাস কৰা হিন্দু-মুছলমান প্ৰতিগৰাকী লোকেই ভূমিৰ অধিকাৰ পাব লাগিব । অন্যথা বিটিচি অশান্ত হ’ব, জুই জ্বলিব আৰু বিটিচিৰ 22 লক্ষ অনাবড়ো ৰাইজ ৰাজপথলৈ ওলাই আহিব বুলিও সংবাদমেলযোগে তেওঁ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: বিটিআৰ চৰকাৰৰ তিনিবছৰ: এয়া এক ডাঙৰ ৰাজনৈতিক সফলতা: মুখ্যমন্ত্ৰী