বাক্সা: ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিনটোতে বড়োভূমিত আত্মপ্ৰকাশ ঘটিল এটা নতুন ৰাজনৈতিক দলৰ । প্ৰাক্তন এন ডি এফ বি ফ'ৰামৰ নেতৃত্বত বুধবাৰে গঠন হয় নতুন ৰাজনৈতিক দলটো । বাক্সাৰ বৰবৰীৰ ধনবিলত থকা প্ৰাক্তন এন ডি এফ বিৰ ডেজিগনেটেড শিৱিৰত গঠন হয় বি টি আৰৰ নতুন ৰাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড (এ পি বি)ৰ । বি ৰৈমন লাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন এন ডি এফ বি ৰ সহস্ৰাধিক নেতা তথা কেডাৰৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় দলটোৰ নাম ।
ড৹ অঞ্জলী দৈমাৰীক সভাপতি, প্ৰদীপ কুমাৰ ব্ৰহ্মক প্ৰশাসনিক সম্পাদক হিচাপে লৈ গঠন কৰা হয় ৰাজনৈতিক দলটো । বি টি আৰ শান্তি চুক্তিৰ পাছতো দীৰ্ঘদিন ধৰি প্ৰাক্তন এন ডি এফ বিসকলৰ সমস্যা সমাধান নকৰা, শান্তি চুক্তি কাৰ্যকাৰী নকৰাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ ৰাজনৈতিকভাৱে নিজকে শক্তিশালী কৰি তেওঁলোকৰ সমস্যা সমাধানৰ লক্ষ্যৰে এ পি বি অৰ্থাৎ অলটাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড নামেৰে গঠন হয় নতুন ৰাজনৈতিক দলটো ।
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দলটোৰ নৱ-নিৰ্বাচিত সভাপতি অঞ্জলী দৈমাৰীয়ে কয়, "আজি আমি বি টি আৰ অঞ্চলত এটা নতুন বিকল্প ৰাজনৈতিক দল গঠন কৰি ঘোষণা কৰিছো, যাৰ নাম অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড । আমি দেখিছো যে এনেই কোনোৱে ৰাজনৈতিক দলৰ জন্ম নিদিয়ে । আজিৰ দিনত তেনেকৈ ৰাজনীতি কৰিবলৈ মানুহৰ অসুবিধাহে হয় ।"
তেওঁ লগতে কয়, "কথা বহুত ওলাব, সেইটো ডাঙৰ কথা নহয় । ৰঞ্জন দা জেলত আছে, আমাৰ ৫০ জনতকৈয়ো অধিক লোক জেলত আছে । তেওঁলোকে সংগ্ৰাম কৰি আছে, আমি বাহিৰত বহুত মানুহ আছো । আমি তেওঁলোকক সন্মান কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছো । বিভিন্ন সময়ত আমাৰ আন্দোলনত বহুত ত্যাগ কৰা লোক আছে, তেওঁলোকক সন্মান জনাই এই পদক্ষেপ লৈছো ।"
ইয়াৰোপৰি দৈমাৰীয়ে কয়, "বহুতে কৈছে যে আমি বি টীম, আমি পইচা লৈ কৰিছো । আমাৰ এই দল পইচাৰ ওপৰত নচলিব । লাগিলে আমি হাৰি যাম কিন্তু আমাৰ এই দলে কাৰো পৰা এপইচাও লোৱা নাই । এতিয়া আমি সদস্যপদৰ মাচুল সংগ্ৰহ কৰা আৰম্ভ কৰি দিছো । কোনোবাই বি টীম বুলি ক'লে সেইটো নিজে নিজে ভাবি লৈ কোৱা কথা হ'ব । গতিকে আমাৰ এই দল পইচা আৰু মিছা কথা কোৱাৰ ওপৰত নহ'ব । আমি সঁচাৰ ওপৰত মানুহক সেৱা কৰিবলৈ ওলাইছো ।"