ETV Bharat / politics

ৰাজ্যসভাত আসনো দুখন, মনোনয়নো দিলে দুজনেই: বৈশ্য-পুৰকায়স্থ দিল্লীমুখী - RAJYA SABHA POLLS

নিৰ্বাচনৰ আৰু দৰকাৰ নাথাকিল ৷ বাকী থাকিল কেৱল আনুষ্ঠানিক ঘোষণাহে ৷ কণাদ পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন দাখিল ৷

RAJYA SABHA POLLS
বিনাযুদ্ধে দিল্লীলৈ (@himantabiswa X)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 4:34 PM IST

3 Min Read

গুৱাহাটী: ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো সোমবাৰে প্ৰায় নিশ্চিত হৈ পৰিছে । আজি অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ।

ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে মনোনয়নৰ দাখিল কৰে দুই প্ৰাৰ্থী কণাদ পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷ দুয়োখন আসনতে বিৰোধীৰ কোনো দ্বিতীয়জন প্ৰাৰ্থীয়ে মনোনয়ন নিদিয়াৰ বাবে বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ দুয়োজন নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিল ৷

উল্লেখ্য যে, ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । এখন আসনৰ বাবে বিজেপিয়ে প্রার্থিত্ব দিয়া কণাদ পুৰকায়স্থ আৰু দ্বিতীয়খন আসনৰ বাবে অগপই প্রার্থিত্ব দিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি দুপৰীয়া ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়নপত্র দাখিল কৰে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ বৰাক উপত্যকাৰ প্ৰবীণ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কণাদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অগপৰ সভাপতি অতুল বৰা আৰু কেবাগৰাকী কেবিনেট মন্ত্ৰীৰ উপস্থিতিত মনোনয়ন দাখিল কৰে । এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল ।

ইপিনে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ আৰু অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকো ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত মন্ত্ৰী অতুল বৰা আৰু কেশব মহন্তকে ধৰি জ্যেষ্ঠ অগপ নেতাসকলে সংগ দিয়ে ৷ লগত আছিল মুখ্যমন্ত্ৰী শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও ।

দুজন ৰাজ্যসভাৰ সাংসদ, বিজেপিৰ মিছন ৰঞ্জন দাস আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ কাৰ্যকাল 14 জুনত শেষ হোৱাৰ বাবে ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে নিৰ্বাচনৰ প্ৰয়োজন হৈছিল । ভাৰতৰ নিৰ্বাচন আয়োগৰ জাননী অনুসৰি, ৰাজ্যসভাৰ এই দুখন আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 9 জুন আছিল আৰু নিৰ্বাচন 19 জুনত পুৱা 9 বজাৰ পৰা সন্ধিয়া 4 বজালৈকে অনুষ্ঠিত হোৱাৰ কথা । কিন্তু কোনো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নথকাত এতিয়া আৰু নিৰ্বাচনৰ প্ৰয়োজনীয়তা নাথাকিব ৷

মনোনয়ন পৰীক্ষা 10 জুন অৰ্থাৎ কাইলৈ কৰা হ'ব । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 12 জুন । ৰাজ্যসভাৰ এখন আসনত প্ৰাৰ্থী জয়ী কৰাব পৰাকৈ পর্যাপ্তসংখ্যক বিধায়ক নথকাৰ বাবে বিৰোধী দল কংগ্ৰেছে কোনো প্রার্থী আগনবঢ়ালে । সেই পৰিপ্ৰেক্ষিতত বিৰোধীয়ে প্ৰাৰ্থী থিয় নকৰাৰ বাবে শাসকপক্ষৰ দুয়োজন প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষিত হোৱাটো নিশ্চিত ।

লগতে পঢ়ক : বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য পুনৰ অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী বৰাকৰ কণাদ পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.