ETV Bharat / politics

কট্টৰ কংগ্ৰেছী কোন ? ক'লে বিধায়ক শিৱামণি বৰাই

নগাঁৱত কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ ঘনে ঘনে বৈঠক । প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ গৈ শ'লঠেকত পৰিছে নেকি জিলা কংগ্ৰেছ ?

Nagaon district Congress fails to finalise list of candidates for panchayat polls
কট্টৰ কংগ্ৰেছী কোন ? ক'লে বিধায়ক শিৱামণি বৰাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 10, 2025 at 9:18 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম সময়লৈ এটা দিন বাকী থকা অৱস্থাতো নগাঁও জিলা কংগ্ৰেছে চূড়ান্ত কৰিব পৰা নাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তালিকা । পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে যদিও এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে চূড়ান্ত তালিকা ঘোষণা কৰিব পৰা নাই নগাঁও জিলা কংগ্ৰেছে ।

বৃহস্পতিবাৰেও নগাঁও ৰাজীৱ ভৱনত জিলা সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শিৱামণি বৰাসহ কেইবাগৰাকী নেতাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰিও ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থী তালিকা । প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা সন্দৰ্ভত জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ বাঢ়িছে বুলি মন্তব্য কৰি নিশাৰ ভিতৰতেই চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ।

কট্টৰ কংগ্ৰেছী কোন ? ক'লে বিধায়ক শিৱামণি বৰাই (ETV Bharat Assam)

কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীক কোনে দিছে ভাবুকি ?

শাসকীয় দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক ভয় ভাবুকি প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগো উত্থাপন কৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই । কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰিবলৈ আৰক্ষীক ব্যৱহাৰ কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । এই সন্দৰ্ভত মনোনয়ন দাখিলৰ পৰ্ব সমাপ্ত কৰি নিৰ্বাচন আয়োগকো অভিযোগ দাখিল কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই ।

বিৰোধী কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰাৰ বিপৰীতে নগাঁৱত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা উল্লেখ কৰি দুই এটা পঞ্চায়ত অথবা জিলা পৰিষদত প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই বুলি মন্তব্য কৰে বিধায়িকা শিৱামণি বৰাই । শাসকীয় দলে কংগ্ৰেছক ভয় কৰা বুলিও উল্লেখ কৰি বিধায়িকা শিৱামণি বৰায়ো বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থিক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ।

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'বলগীয়া ৱাৰ্ড সদস্যৰ নিৰ্বাচনৰ ক্ষেত্ৰতো কংগ্ৰেছৰ মানসিক সমৰ্থন থাকিব বুলিও মন্তব্য কৰে বিধায়িকা শিৱামণি বৰাই । লগতে কট্টৰ কংগ্ৰেছীৰ প্ৰসংগও উল্লেখ কৰি বিধায়িকা শিৱামণি বৰাই দিলে কট্টৰ কংগ্ৰেছী আৰু থৰক বৰক কংগ্ৰেছীৰ ব্যাখ্যা । অসম কংগ্ৰেছত এতিয়াও থৰক বৰক কংগ্ৰেছী দুই এজন থাকিব পাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়িকা শিৱামণি বৰাই ।

শাসকীয় দল বিজেপিয়ে এটা দিন পূৰ্বেই জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি নিৰ্বাচনী তৎপৰতা তুংগত তোলাৰ সময়ত নগাঁও জিলা কংগ্ৰেছে কি কাৰণত চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাত বিলম্ব কৰিছে সেয়া অৱশ্যে তালিকা প্ৰকাশৰ পাছতেই স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক: এফালে বিহুৰ যোগাৰ, আনফালে নিৰ্বাচনৰ বতাহ - PANCHAYAT ELECTION 2025

হীৰেন গোহাঁইৰে আলোচনা কৰি আগবাঢ়িব কংগ্ৰেছ : কি প্ৰসংগত ক'লে ভূপেন বৰাই - BHUPEN BORAH ON PANCHAYAT ELECTION