ETV Bharat / politics

গোৱালপাৰাত হত্যাৰ অভিযুক্তও অৱতীৰ্ণ হৈছে নিৰ্বাচনত !

নিৰ্বাচনত পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হত্যাৰ অভিযুক্ত এজনে । যাক লৈ গোৱালপাৰাত তীব্ৰ প্ৰতিক্ৰিয়া ।

Panchayat elections 2025
গোৱালপাৰাত হত্যাৰ অভিযুক্তও অৱতীৰ্ণ হৈছে নিৰ্বাচনত ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 6:30 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: সম্প্ৰতি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । শাসক-বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তাৰ মাজতে চৰ্চালৈ আহিছে গোৱালপাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ এজন প্ৰাৰ্থী । গোৱালপাৰাত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে এজন প্ৰাৰ্থী, যাৰ বিৰুদ্ধে আছে হত্যাৰ অভিযোগ । তেওঁ হৈছে হাচানুৰ ইছলাম । ২০২৩ চনৰ জুন মাহত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল অভিযুক্ত হত্যাকাৰী হাচানুৰ ইছলামে । হাচানুৰ ইছলামে ২০২৩ চনৰ ১১ জুনৰ সন্ধিয়া বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰি কৃষ্ণাইৰ শালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ পলায়ন কৰিছিল বুলি অভিযোগ আছে ।

নিৰ্বাচনৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ

গোৱালপাৰাত হত্যাৰ অভিযুক্তও অৱতীৰ্ণ হৈছে নিৰ্বাচনত ! (ETV Bharat)

সেই সময়ত জোনালী নাথৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া । জোনালী নাথৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ । গোৱালপাৰা আৰক্ষীয়ে ২০২৩ চনৰ ১২ জুনত নিজা বাসগৃহৰ পৰা জোনালী নাথৰ হত্যাৰ অভিযুক্ত হাচানুৰ ইছলামক গ্ৰেপ্তাৰো কৰিছিল । হাচানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত জোনালী নাথৰ আন এগৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কিন্তু সেই অভিযুক্তই এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে । যাৰ বাবে জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাইজে প্ৰশ্ন কৰিছে, "হত্যাৰ এজন অভিযুক্তই কেনেদৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ?"

অভিযুক্তৰ নিজা খুড়াক আকছেদ আলীয়ে সংবাদ মাধ্যমৰ আগত কয়, "হাচানুৰ ইছলাম কেৱল এটা হত্যাকাৰীয়ে নহয়, এটা ডাঙৰ প্ৰৱঞ্চকো । বিগত ৫ বছৰত বৰবালুপাৰা (খ) ৱাৰ্ডৰ সদস্য হৈ থাকোতে মানুহক বেংকৰ পৰা ঋণ দিয়াৰ নামত অবাধ হাৰত টকা সংগ্ৰহ কৰিছিল ।" পি এম এ ৱাইৰ ঘৰ দিয়াৰ নামতো প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ১০ ৰ পৰা ২০ হাজাৰকৈ টকা অবৈধভাৱে সংগ্ৰহ কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰে খুড়াক আকছেদ আলীয়ে । এনেকুৱা এগৰাকী প্ৰাৰ্থীক দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬২ নং সিধাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং বৰবালুপাৰা(খ)ৱাৰ্ডৰ স্থানীয় ৰাইজে কিদৰে গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :উকা হৈ ৰ'ল হেলিপেড, ফোনযোগে ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ - PANCHAYAT ELECTION 2025