হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ চলোৱাৰ বাবে উপযুক্ত ব্যক্তি নহয়: ৰকিবুল হুছেইন
মুখ্যমন্ত্রীক গৃহমন্ত্ৰী পদ ত্যাগ কৰাৰ আহ্বান । মঙলবাৰে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰণ ।

Published : April 29, 2025 at 4:49 PM IST
লখিমপুৰ: "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গৃহ মন্ত্রীৰ পৰা পদত্যাগ কৰক । অসমত ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন । খুচুৰা পলিটিক্সত লাগি থকাতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আইন-শৃংখলা দিশটো ঠিক কৰক । গৃহমন্ত্ৰী হিচাপে তেওঁ উপযুক্ত ব্যক্তি নহয় । ইয়াৰ বহুবিলাক কাৰণ আছে । খুচুৰা পলিটিক্সত লাগি থাকোতে তেওঁৰ যদি প্ৰেছাৰ বেছি হৈছে তেন্তে গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰক ।"-মঙলবাৰে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে ।
কিছুদিনৰ পূৰ্বে তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰসংগ তুলি দোষীক শাস্তি নিদিয়াৰ অভিযোগ তুলি তেওঁ মুখ্যমন্ত্রীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয়, "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগ চলোৱাৰ বাবে উপযুক্ত ব্যক্তি নহয় । ৰাজধৰ্ম তেওঁ পালন নকৰে । দলৰ নহয় মোৰ ব্যক্তিগত মত-অসমত এতিয়া ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন ।"
তেওঁ লগতে কয়, "বিজেপি এজিপিৰ এলায়েন্স আছে । পিছে তাৰ পাছতো ইজনে সিজনৰ বিৰুদ্ধে যুঁজিছে । তেওঁলোকক এই লৈ কোনেও প্ৰশ্ন কৰা নাই । ৰাইজে ভাবিছে অহাবাৰ কংগ্রেছৰ চৰকাৰ হ'ব । বিজেপিৰ অত্যাচাৰ বেছি হৈছে । কংগ্রেছক সাহস বুলি ভবা আৰম্ভ হৈছে ।"
কংগ্রেছ চৰকাৰৰ দিনতে আত্মসহায়ক গোটৰ পাতনি মেলা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, "প্ৰয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনত আমি লক্ষ্য কৰিছিলো আমাৰ শিপিনীসকলে তাঁতশালত গামোচা বৈ লাভৱান হোৱা নাই । কাৰণ তেতিয়া বাহিৰৰ গামোচা কম দামতে আহিছিল । সেয়ে আমি বাহিৰৰ গামোচাৰ ক্ষেত্রত এণ্ট্ৰি টেক্স লগাই দিছিলো । শিপিনীসকলক সূতা, তাতশাল, টিনপাট আদি দিছিলো । সেই সময়ত গামোচাৰ এটা আন্দোলন হৈছিল । তেতিয়াৰ মন্ত্রী অঞ্জন দত্তই গামোচাৰ প্ৰতিযোগিতা পাতিছিল । গাঁৱৰ পৰা মহিলাক মাতি আনি পুৰস্কৃত কৰা হৈছিল । তেনেদৰেই আত্মসহায়ক গোটৰ পাতনি মেলি মহিলাসকলক সহায় কৰা হৈছিল ।"
সাংসদগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্র আক্ৰমণ কৰি কয়, "দুই তাৰিখৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায় পাৰ হ'বলৈ দিয়ক । তাৰপাছত হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমলতকৈও বেছি মুছলমান হৈ যাব । দুই তাৰিখৰ পাছত তেওঁৰ ৰূপ সলনি হৈ যাব । কংগ্রেছ ৫০ বছৰে বেয়া । কিন্তু হিমন্ত বিশ্ব শৰ্মা কংগ্রেছত থকা ১০ নে ১২ বছৰ কংগ্রেছ ভাল আছিল বুলিও তেওঁ কটাক্ষ কৰে ।"
কেন্দ্র আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি তেওঁ কৰৰ ক্ষেত্ৰত কয়, "টেক্স মানুহে সহ্য কৰিব নোৱৰা হৈছে । চৰকাৰে উশাহ-নিশাহৰ বাহিৰে প্ৰায় সকলোতে টেক্স লগাইছে ।" বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রীক অধিক সমালোচনা কৰি ৰকিবুল হুছেইনে কয়, "হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রীৰ গাম্ভীর্যতা ৰক্ষা কৰিব পৰা নাই । ২০২৬ ত ৰাইজ হিলদল ভাঙি ওলাই আহিব । বিজেপি বা মুখ্যমন্ত্রীৰ জনপ্ৰিয়তা যদি ইমানেই আছে তেন্তে আঞ্চলিক পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰৰ ভোটৰ বাবে মুখ্যমন্ত্রীয়ে কিয় হেলিকপ্টাৰ লৈ ঘূৰিব লগীয়া হৈছে ।" তেওঁৰ সৈতে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মূখপাত্র ড৹ জয়প্ৰকাশ দাসৰ সৈতে জিলা কংগ্রেছৰ একাংশ বিষয়ববীয়াও উপস্থিত থাকে ।

