বিজেপিক এতিয়া মিঞা ভোটৰ দৰকাৰ হৈছে: ৰকিবুল হুছেইন
লখিমপুৰৰ নৱ-গঠিত ৰঙানদী সমষ্টিত ৰকিবুল হুছেইন আৰু ভূপেন বৰা । সংবাদ মেল সম্বোধন কৰি বিজেপিক কঠোৰ সমালোচনা দুই নেতাৰ ।

Published : November 30, 2024 at 9:57 PM IST
লখিমপুৰ: "অসমৰ সমস্যাৰ কথা কলেই বিজেপিয়ে হিন্দুত্বৰ কথা কয় । চামগুৰিত হিন্দুত্বৰ নগ্ন ৰূপ বিজেপিয়ে উদঙাইছে ।" চামগুৰি উপ-নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি এইদৰে বিজেপিক কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ।
পিছ পৰি নাথাকিল সাংসদ ৰকিবুল হুছেইনো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুমুখীয়া চৰিত্ৰৰ বুলি আখ্যা দি ৰকিবুল হুছেইনে ক'লে,"ৰাইজে হিমন্তক নামনিত এক ধৰণে উজনিত আন এক ধৰণে জানে । মিঞাৰ ভোট নালাগে বুলি কৈছিল উজনি অসমত হিমন্তই । সেইজন মানুহেই চামগুৰিত গৰু কাটি ভোজ দিছিল ।"
উল্লেখ্য যে নৱগঠিত লখিমপুৰৰ ৰঙানদী সমষ্টিত দলৰ ভেটি মজবুত কৰাৰ লক্ষ্যৰে শনিবাৰে উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ দুই শীৰ্ষ নেতা । বিয়লি সমষ্টিটোৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ভূপেন বৰা আৰু ৰকিবুল হুছেইনে ।
চামগুৰিৰ ভোজৰ ভিডিঅ' দেখুৱাই সংবাদমেলত ৰকিবুল হুছেইনে কয়,"চামগুৰিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগনিশা ২ বজাত মাজুলীত বোৰ্খা পিন্ধা একাংশ ভোটাৰক দাৱত খুৱাবলৈ যাম বুলি কৈ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল । এনে চূড়ান্ত ৰাজনীতি কংগ্ৰেছে নকৰে । বিজেপিয়ে আজি নীতি-আদৰ্শ জলাঞ্জলি দিছে । ছয় জনগোষ্ঠীৰ লোকে বিজেপিক প্ৰত্যাখ্যান কৰিছে । সেই কাৰণে বিজেপিক এতিয়া মিঞাৰ ভোট দৰকাৰ হৈছে ।
তেওঁ লগতে কয়,"হিমন্ত বিশ্বৰ নেতৃত্বত বিজেপি ধুলিসাৎ হ'ব । সেই কথা আমি কোৱা নাই পুৰণা বিজেপি কৰ্মীসকলে কৈছে ।" ক'ত ক'ত বিজেপি হাৰিব তাৰো বাখ্যা কৰিলে ৰকিবুল হুছেইনে । উপ-নিৰ্বাচনত প্ৰায় শাসনাধিষ্ঠিত দলেই জিকে বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ উজনি, উত্তৰ অসম, নামনি, অসম মধ্য অসম, বৰাক, পাহাৰীয়া জিলা আৰু ৰূপহী, চামগুৰিৰ ক্ষেত্ৰত চৰিত্ৰ উদঙাই এই সংবাদমেলতে বিৰোধীক আকৌ এক কৰিব বুলি ঘোষণা কৰে ৰকিবুল হুছেইনে ।

