ETV Bharat / politics

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিবিচাৰে নেকি প্ৰিয়াংক খাৰ্গেই ? প্ৰদ্যুৎ বৰদলৈক ক’লে কংগ্ৰেছ নেতাগৰাকীয়ে - Priyank Kharge Controversy

Pradyut Bordoloi on Priyank Kharge statement : কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ তোলপাৰ লাগিছে ৷ অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প বিৰোধিতা কৰা বুলি অভিযোগ তুলি সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈক কি ক’লে প্ৰিয়াংক খাৰ্গেই ? কিহৰ ক্ষোভত কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে কৰিলে এই বিতৰ্কিত এক্স পোষ্ট ?

PRIYANK KHARGE CONTROVERSY
প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ প্ৰসংগত গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 29, 2024 at 10:56 PM IST

2 Min Read
Choose ETV Bharat

ধিং, ২৯ ছেপ্টেম্বৰ : কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মল্লিকাজ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই জাগীৰোডত স্থাপন হোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰদ্যুৎ বৰদলৈয়ে । সাংসদ গৌৰৱ গগৈয়ে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অপ প্ৰচাৰ চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

সাংসদ গগৈয়ে কয়, ‘‘গুজৰাটত চাৰিটা, অসমত যদি এটা হ’ব পাৰে ৷ তেন্তে কৰ্ণাটকত কিয় হ’ব নোৱাৰে ? বিজেপিৰ শাসনত থকা ৰাজ্যবোৰত এই সুবিধাসমূহ লাভ কৰা বিপৰীতে কংগ্ৰেছৰ শাসনত থকা ৰাজ্যসমূহ সুবিধাৰ পৰা বঞ্চিত হৈছে ৷’’

প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ প্ৰসংগত গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ (ETV Bharat Assam)

আনহাতে প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘তেওঁ(প্ৰিয়াংক খাৰ্গে) স্পষ্ট কৰি দিছে যে, অসম ছেমি কণ্ডাক্টৰ হোৱাত তেওঁৰ মুঠেই আপত্তি নাই বুলি কৈছে ৷ অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা হোৱাত সকলোৱে ভাল পোৱা বুলি কৈছে ৷ কিন্তু তেওঁ আক্ষেপ কৰিছে ৷’’

কিয় আক্ষেপ কৰিছে প্ৰিয়াংক খাৰ্গেই ?

প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘বেংগালুৰু হ’ল ভাৰতৰ চিলিকন ভেলী ৷ য’ত তথ্য-প্ৰযুক্তি, আন্তঃগাঁথনি আছে ৷ তেওঁ আক্ষেপ কৰি কৈছে যে গুজৰাটত এটাৰ পিচত এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিছে ৷ অথচ গুজৰাটত সেই আন্তঃগাঁথনি নাই ৷ অসমতো আন্তঃগাঁথনি নথকা স্বত্বেও মোৰ সমষ্টিত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’ব ৷ সেইটো তেওঁ ভাল পাইছে ৷ কিন্তু তেওঁ এটাই আক্ষেপ কৰিছে যে বিজেপিৰ দিনত পৃথিৱীৰ অন্যতম প্ৰযুক্তি-কৌশল থকা কৰ্ণাটকত বিজেপি চৰকাৰে বৈষম্য কৰিছে ৷ সেই কথাহে কৈছে তেওঁ (প্ৰিয়াংক খাৰ্গে) ৷’’

কি কৈছিল প্ৰিয়াংক খাৰ্গেই ?

উল্লেখ্য যে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই 25 ছেপ্টেম্বৰত কৰিছিল এক বিতৰ্কিত এক্স পোষ্ট ৷ য’ত তেওঁ লিখিছিল- ‘‘পাঁচটা ছেমিকন মেনুফেকচাৰিং ইউনিটৰ চাৰিটা গুজৰাটত আৰু এটা অসমত ৷ কিন্তু তাত তেওঁলোকৰ দক্ষতাৰ ইক’চিষ্টেম নাই । তাত তেওঁলোকৰ গৱেষণাৰ পৰিৱেশ নাই । অনুকুল পৰিৱেশ নাই ৷ তাত উদ্ভাৱনৰ পৰিৱেশ ব্যৱস্থা নাই ৷ ৭০ শতাংশ চিপ ডিজাইনিঙৰ দক্ষতা কৰ্ণাটকত আছে ৷ তেন্তে চৰকাৰে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি কিয় আন এখন ৰাজ্যলৈ লৈ যাব বিচাৰে সেয়া মই বুজি নাপাওঁ । এয়া অন্যায় ।’’

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা

ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অপপ্ৰচাৰ চলাইছে বিজেপিয়ে; গৌৰৱ গগৈ