নিৰ্বাচনৰ সময়ত গৃহ সমষ্টিত দেখা-দেখি নাই সাংসদ পল্লৱ লোচন দাসৰ - Lok Sabha election 2024
MP Pallab Lochan Das: সাংসদ পল্লৱ লোচন দাসক সমষ্টিবাসীয়ে নেদেখা বহুদিন হ’ল ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়তো দেখা নাপালে তেজপুৰ তথা শোণিতপুৰবাসীয়ে ৷ কিন্তু আঁতৰি আছে সাংসদগৰাকী ? গৃহ সমষ্টিৰ নিৰ্বাচনত কিয় নল’লে ভূমিকা ?

Published : May 11, 2024 at 9:25 PM IST
|Updated : May 11, 2024 at 10:17 PM IST
তেজপুৰ, ১১ মে’ : অসমত সমাপ্ত হ’ল 2024ৰ সাধাৰণ নিৰ্বাচন ৷ এতিয়া গুণাগঁথা চলিছে কোনে কিমানসংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ’ব তাক লৈ । ৰাজনৈতিক নেতাই দিছে ভিন ভিন সমীক্ষা ৷ কিন্তু শোণিতপুৰৰ বিভিন্ন ঠাইত এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বা তাৰ পিচতো ৰহস্যজনকভাৱে নোহোৱা হ’ল এজন ৰাজনৈতিক নেতা ৷ যি হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু ৷
ক’বলৈ বিচৰা হৈছে তেজপুৰ লোকসভা অৰ্থাৎ বৰ্তমানৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নামকৰণ হোৱা শোণিতপুৰ লোকসভাৰ সমষ্টিৰ সাংসদ পল্লব লোচন দাসৰ বিষয়ে ৷ সদ্যসমাপ্ত নিৰ্বাচনৰ সময়ত হঠাৎ সমষ্টিৰ পৰা নিৰুদ্দেশ হ’ল বৰ্তমানৰ সাংসদগৰাকী ।
লোকসভা নিৰ্বাচনৰ দিন আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰা পিচৰে পৰা সমষ্টিটোৰ একাংশ দলীয় বিষয়ববীয়াৰ বাহিৰে সাধাৰণ ভোটাৰ দেখা নাপালে সাংসদগৰাকীক । উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত পূৰ্বৰ বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মা টিকটৰ পৰা বঞ্চিত হৈ কংগ্ৰেছ দলত যোগ দিছিল ৷ বিপৰীতে টিকটৰ পৰা বঞ্চিত হৈ সাংসদ পল্লৱ লোচন দাসে দলৰ ভিতৰতে অন্য সংসদীয় সমষ্টিত কাম কৰি গৈছে যদিও গৃহ সমষ্টিত তেওঁক কোনো দেখা নাপালে ।
মন কৰিবলগীয়া যে লোকসভা নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰ বিজেপিত কিছু খাম-খেয়ালিৰ সৃষ্টি হৈছিল ৷ যাৰ ফলস্বৰূপে শোণিতপুৰ বিজেপিৰ জিলা সভাপতি বাটাছ ওৰাঙক আঁতৰাই তেজপুৰৰ এগৰাকী মহিলাক সভানেত্ৰী দায়িত্ব অৰ্পণ কৰা হয় । অসন্তুষ্টি প্ৰকাশ কৰি সাংসদ পল্লব লোচন দাস আৰু পূৰ্বৰ জিলা সভাপতি বাটাছ ওৰাঙক দলীয় কাম-কাজৰ পৰা আঁতৰাই ৰখা বুলি চৰ্চিত হৈছে ।
আনহাতে শোণিতপুৰৰ কেবাগৰাকীও বিধায়কৰ লগত সাংসদ পল্লৱ লোচন দাসৰ মনোমালিন্য থকাৰ কথাও মাজে-সময়ে চৰ্চিত হয় । বিজেপিৰ দলীয় অন্তঃকন্দলৰ ফলত পৰস্পৰৰ মাজত থকা মতানৈক্যই যাতে নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰে সেই বাবেই নিৰ্বাচনৰ সময়ত সাংসদ দাসক অন্য সমষ্টিত নিয়োগ কৰা হৈছিল বুলি কিছুসংখ্যক লোকে আলোচনা কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: দুই মহাৰথীৰ যুঁজত থৰক-বৰক শোণিতপুৰ বিজেপি : বিপৰীত মেৰুত সিংহল-পল্লৱ !

