ETV Bharat / politics

কংগ্ৰেছ অভিশপ্ত দল: বিৰোধী ঐক্য সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাছা

অসমত বিৰোধীৰ একত্ৰিকৰণ আৰু তিনি গগৈ সন্দৰ্ভত কাজিৰঙাত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷

opposition alliance in Assam
বিৰোধী ঐক্য সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 8:50 PM IST

|

Updated : July 7, 2025 at 11:52 PM IST

3 Min Read
Choose ETV Bharat

কাজিৰঙা : আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেওবাৰে বিৰোধী দলসমূহক একত্ৰিতকৰণৰ উদ্দেশ্যে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় নাগৰিক সমাজৰ এক অভিৱৰ্তন ৷ ইয়াত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । এই অভিৱৰ্তনতে আগন্তুক বিধানসভা নিৰ্বাচনত সকলো বিৰোধী দলে একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মত পোষণ কৰে আটাইকেইগৰাকী নেতাই ।

আনহাতে, কাজিৰঙাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি বিৰোধী দলৰ একত্ৰিকৰণ প্ৰসংগত সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সংবাদ মাধ্যমৰ আগত সাংসদ তাছাই কয় যে বিৰোধীৰ একত্ৰিকৰণ সম্ভৱ নহয় আৰু একত্ৰিত হ’লেও একো কৰিব নোৱাৰে ৷ কাৰণ এতিয়া তেওঁলোকৰ গণভিত্তিয়ে নাই ৷

বিৰোধী ঐক্য সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কংগ্ৰেছক অভিশপ্ত দল বুলি উল্লেখ কৰি সাংসদ তাছাই কয়, “অসম, উত্তৰ-পূৰ্বাঞ্চল অথবা ভাৰতত কংগ্ৰেছৰ ভিত্তি কিবা আছে নেকি কওকচোন ৷”

বিৰোধীয়ে বিৰোধিতা কৰিব পাৰিব তাতকৈ বেছি ওপৰলৈ যাব নোৱাৰে বুলি উল্লেখ কৰি তাছাই পুনৰ কয়, "কংগ্ৰেছে ভাৰতবৰ্ষৰ মানুহক অত্যাচাৰ কৰিলে, ভাৰতবৰ্ষখনক দৰিদ্ৰ কৰিলে, বিভাজন কৰিলে । ধৰ্মত বিভাজন কৰিলে, জাতিত বিভাজন কৰিলে, অৰ্থনৈতিকভাৱে দুৰ্বল কৰিলে । দুৰ্নীতি হ’ল । সেই দলটোৱে বাৰু কেনেকৈ মানুহৰ আস্থা পাব পাৰে ৷ আৰু সেই কাৰণে মই বিৰোধীক লৈ ব্যক্তিগতভাৱে চিন্তিত নহয় ৷"

কাজিৰঙাৰ সাংসদগৰাকীয়ে লগতে কয়, "কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিক গালি পৰি থাকিলে ক্ষমতা পাব পাৰি নেকি ? জনসাধাৰণে তেওঁলোকক সমৰ্থন কৰিছে, জনসাধাৰণৰ সমৰ্থনৰ কাৰণেই মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী শক্তিশালী হৈছে ।"

কামাখ্যা প্ৰসাদ তাছাই প্ৰধানমন্ত্ৰী প্ৰসংগত কয়, "প্ৰধানমন্ত্ৰীয়ে নিজকে 'মই প্ৰধানমন্ত্ৰী নহয়, মই প্ৰধান সেৱক' বুলি যি সংলাপ দিয়ে, সিয়ে সকলো কথা প্ৰতীয়মান কৰে ৷"

তাছাৰ মতে বিৰোধী নাই ৷ বিৰোধী থাকিবই, কিন্তু যিসকলে কৈ আছে তেওঁলোক নিৰ্বাচিত হৈ আহকচোন বুলিও কটাক্ষ কৰি তেওঁ কয়, "পঞ্চায়ত নিৰ্বাচন দেখাৰ পিছত তেওঁলোক নিৰ্বাচিত হ'ব বুলি অনুমানেই নহয় ৷ তেওঁলোকে বানপানী, গৰু মাংস, ন্যায়সংগত কথাক লৈ ৰাজনীতি কৰে ৷ বিৰোধী থাকিব লাগে কিন্তু মৰ্যাদাৰে, লেভেল ক্ৰছ কৰিব নালাগে ।"

বিৰোধীক তাচ্ছিল্য কৰি সাংসদগৰাকীয়ে কয়, "এজনকতো দেখিছোঁ নিগনি মৰা দৰৱ আছে আহ ঐ আহ নিচিনাকৈ আমি দুৱাৰ খুলি ৰাখিছোঁ মিত্ৰতা কৰ ঐ কৰ বুলি কৈ আছে ৷ তেওঁলোকৰ প্ৰতিটো দলতে মুখমন্ত্ৰীৰ কেণ্ডিডেট আছে৷ ক’ত এৰা ধৰা কৰিব, সম্ভৱ হ’ব নেকি ৷ পঞ্চায়ত নিৰ্বাচনত যিয়ে থাউনি নাপালে, তেওঁলোকে কি কৰিব । মই বিৰোধীক নস্যাৎ কৰিছোঁ ৷"

লগতে পঢ়ক :আকৌ একেখন মঞ্চত একেলগে তিনি গগৈ; বিৰোধী ৰাজনীতিৰ আন এক অধ্যায়ৰ আৰম্ভণি ! - ALL ASSAM UNITED CITIZEN CONVENTION
লগতে পঢ়ক :কাৰ্বিভূমিত জনজাতীয় ছাত্ৰ সংগঠনৰ ৰোষত গৌৰৱ গগৈ; কঠোৰ সকীয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতিক - GAURAV GOGOI FB LIVE CONTROVERSY
Last Updated : July 7, 2025 at 11:52 PM IST