গুৱাহাটী: উখল-মাখল গুৱাহাটীৰ ৰাজীৱ ভৱন । কাৰণ নতুন সভাপতিৰ আগমন ঘটিছে । মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।
ৰাজীৱ ভৱনত গায়ন-বায়নেৰে নতুন সভাপতিগৰাকীক আদৰি অনা হয় । পুৱা সাংসদ গৌৰৱ গগৈয়ে মা কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে গৌৰৱ গগৈয়ে মা কামাখ্যাৰ আশিস লয় ।
কামাখ্যা মন্দিৰৰ পৰা পোনে পোনে ৰাজীৱ ভৱনত উপস্থিত হোৱা গৌৰৱ গগৈক হৰ্ষ-উল্লাসৰ মাজত ৰেড কাৰ্পেটৰে আদৰি আনে দলীয় নেতা-কৰ্মীসকলে । ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈক বিপুল আদৰণি জনোৱা হয় । ইয়াৰ পাছতে ৰাজীৱ ভৱনত সভাপতিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।
প্ৰদেশ কংগ্ৰেছৰ সদ্যবিদায়ী সভাপতি ভূপেন বৰাই গৌৰৱ গগৈক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰে ।

নতুনকৈ সভাপতি হিচাপে দায়িত্ব লৈছোঁ যদিও আমাৰ আদৰ্শ পুৰণি : গৌৰৱ গগৈ
দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, "প্ৰাক্তন সভাপতি ভূপেন বৰাক ধন্যবাদ জনাইছোঁ আৰু লগতে আশীৰ্বাদ কামনা কৰিছোঁ । দলৰ প্ৰতি তেওঁ আগবঢ়োৱা ত্যাগ-বলিদানৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।"
ভূপেন বৰাৰ প্ৰশংসা কৰি গৌৰৱ গগৈয়ে কয়, "মিত্ৰতা সন্দৰ্ভত কোন থাকিব কোন নাথাকিব সেইক্ষেত্ৰত ভূপেন বৰাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল । কংগ্ৰেছৰ লগত থকা এ আই ইউ ডি এফৰে থকা মিত্ৰতা ভংগত তেওঁ বলিষ্ঠ পদক্ষেপ হাতত লৈছিল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাৰ সময়ত অসমতো উল্লেখনীয় যাত্রা কৰা হৈছিল । আজি মই নতুনকৈ সভাপতি হিচাপে দায়িত্ব লৈ খোজ দিছোঁ যদিও আমাৰ আদৰ্শ পুৰণি । আমাৰ চিন্তাধাৰা পুৰণি । সকলোকে সমান অধিকাৰ তথা ন্যায় প্ৰদান কৰা কংগ্ৰেছ দলৰ আদৰ্শ ।"
ভৱিষ্যতৰ দিনৰ কথা উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিয়ে কয়, "আমি সেই আদৰ্শ লৈ সকলোৱে মিলিজুলি আগুৱাই যাম । বিগত তিনিদিনত আমাৰ দলৰ নেতৃত্বই আমাক যথেষ্ট প্ৰেৰণা দিছে । তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।"
সকলো প্ৰকাৰে সহযোগ কৰিম : ভূপেন বৰা
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰাই কয়, "মই অসমৰ ৰাইজক কৈছিলোঁ যে কেন্দ্ৰীয় নেতৃত্বই যেতিয়াই মোক এই দায়িত্বৰ পৰা অব্যাহতি দিবলৈ সিদ্ধান্ত ল'ব মই তেতিয়াই লগে লগে পৰৱৰ্তী সভাপতিক দায়িত্ব চমজাই দিম । যোৱা ১৫ মে'ত মোক দিল্লীত মাতি নি কেন্দ্ৰীয় নেতৃত্বই এটা সংকেত দিছিল আৰু সেইদিনাৰ পৰাই মই এই মুহূৰ্তটোলৈ অপেক্ষা কৰি আছিলোঁ । মই মোৰ পৰৱৰ্তী সভাপতি হিচাপে মোৰ ভাতৃ গৌৰৱ গগৈক আজি দায়িত্ব এৰি দিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ ।"

গৌৰৱৰ নেতৃত্ব গুণৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয়, "তেখেতৰ নেতৃত্বত অসমৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ সংগ্ৰামত মই সকলো প্ৰকাৰে সহযোগ কৰিম বুলি মই অসমৰ ৰাইজক কথা দিলোঁ । চাৰিটা বছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰোতে অজানিতে হোৱা কিবা ভুল-ত্ৰুটিৰ বাবে নিজৰ হিচাপে মাৰ্জনা কৰিব বুলি সকলোৰে প্ৰতি অনুৰোধ জনাইছোঁ ।"
ভূপেন বৰাক তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জনাইছোঁ : দেৱব্ৰত শইকীয়া
আনহাতে বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয়, "আজি আমাৰ নতুন সভাপতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিলে । বিগত সময়ত দলটোক নেতৃত্ব দিয়া বিদায়ী সভাপতি ভূপেন বৰাক তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জনাইছোঁ । দলৰ বেয়া সময়ত তেওঁ দলক শক্তিশালী কৰাত যথেষ্ট ভূমিকা পালন কৰিছিল । আশাকৰোঁ যে আহিবলগীয়া সময়ত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম ।"
আমি একেলগে কাম কৰাৰ বাবে ঐক্যবদ্ধ হৈছোঁ : ৰকিবুল হুছেইন
সাংসদ ৰকিবুল হুছেইনে কয়, "দলৰ বেয়া সময়ত দলটোক নেতৃত্ব দিয়াৰ বাবে ভূপেন বৰাক ধন্যবাদ জনাইছোঁ । লগতে নতুন সভাপতি গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰিছোঁ । বহু আশা লৈ আমি একেলগে কাম কৰাৰ বাবে ঐক্যবদ্ধ হৈছোঁ । আহিবলগীয়া সময়ত আমি সকলোৱে মিলি দলক আগুৱাই লৈ যাম । আমি ৰাইজৰ হৈ গঠনমূলকভাৱে কাম কৰি যাব লাগিব ।"
প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ-তত্ত্বাৱধায়ক মনোজ চৌহান, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইনকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে ।
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গৌৰৱ গগৈক উষ্ম আদৰণি জনোৱা হয় ।