গুৱাহাটী-যোৰহাট চিটিৰ অস্তিত্বক লৈ চিন্তিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ - Gaurav Gogoi criticises Assam govt
MP Gaurav Gogoi press meet in Guwahati : বান-খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকাক সমালোচনা সাংসদ গৌৰৱ গগৈৰ ৷ গুৱাহাটী, যোৰহাটৰ কৃত্ৰিম বান পৰিস্থিতিক লৈ চিন্তিত সাংসদগৰাকী ৷

Published : July 20, 2024 at 12:12 PM IST
গুৱাহাটী, 20 জুলাই : অসমৰ বানপানী, গৰাখহনীয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক 1 লাখ কোটি টকা দিয়াৰ দাবী তোলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । শনিবাৰে মহানগৰীৰ চাৰ্ভেস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কয়, "অসমলৈ SDRF আহে, পেকেজ ঘোষণা কৰে । যিমানখিনি পইচা দিয়ে আমি সেইবোৰ ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰো । মই মাজুলীলৈ গৈছো, গৈ গম পালো বহু সৰু-সুৰা কামহে হৈছে । বহু পইণ্টত সৰু কাম হয় যাৰ বাবে বাৰে বাৰে মেৰামতি কৰিব লাগে ।"
সমান্তৰালভাৱে সাংসদগৰাকীয়ে বৰ্তমান চৰকাৰখন বিভিন্ন ক্ষেত্ৰত বিফল হোৱাৰ মূল কাৰণ সন্দৰ্ভত ক’বলৈ গৈ কয়, "কেন্দ্ৰৰ পৰা যি আঁচনি লাগে সেইবোৰ অনাত চৰকাৰ ব্যৰ্থ । গৰাখহনীয়া সন্দৰ্ভত ভাল আঁচনি ল’ব লাগে । 1 লাখ কোটি টকা কেৱল বুলেট ট্ৰেইনৰ বাবে খৰচ কৰিব পাৰে অসমৰ বাবে কিয় নোৱাৰে ? অসমৰ বানপানী, গৰখহনীয়াৰ বাবে 1 লাখ কোটি টকা দিয়ক কেন্দ্ৰীয় চৰকাৰে । বানপানীৰ পিছত কিছু ৰাস্তা বেয়া হৈছে ।"
এই সন্দৰ্ভত অধিক বাখ্যা আগবঢ়াই সাংসদগৰাকীয়ে কয়, "ৰাজ্যখনত এতিয়া বিভিন্ন ছিণ্ডিকেট চলি আছে ৷ বালি, শিল, কয়লা আদিত চলিছে বৃহৎ ছিণ্ডিকেট ৷ বহু লোকৰ ডাম্পাৰ ব্যৱহৃত হৈ আছে এই চক্ৰৰ সৈতে ৷ এইসকলৰ কোনোবা মন্ত্ৰী-বিধায়কৰ সৈতে সু-সম্পৰ্ক আছে আৰু যাৰ ফলত যিকোনো পথত অবাধে বৃহৎ বৃহৎ ডাম্পাৰ চলাচল কৰাৰ ফলত পথবোৰ বেয়া হৈছে । চৰকাৰখন অসমৰ বাবে, ৰাইজৰ চৰকাৰ হ’ব লাগে ।"
ইফালে ৰাজ্যৰ কেইবাখনো চহৰত সৃষ্টি হোৱা কৃত্ৰিম বানপানী প্ৰসংগত কয়, "যোৰহাটত 50 বছৰত এনেকুৱা পানী দেখা নাই । লোকনিৰ্মাণ, পৌৰ বিভাগ ব্যৰ্থ হৈছে, যাৰ বাবে পানী হৈছে । গুৱাহাটী, যোৰহাট স্মাৰ্ট চিটি দূৰৈৰ কথা, মোৰ সন্দেহ চিটি হৈ থাকিবনে নাই । যোৰহাটবাসীৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিম । অহা বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্য চৰকাৰে বানপানীৰ পুঁজি আবণ্টনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক কি তথ্য অৱগত কৰাইছে ? সেয়া জানিব বিচাৰো । SDRF ৰ পৰা অহা পুঁজিৰ কিয় সৎ ব্যৱহাৰ নহয় ?"

