পিতৃৰ আধৰুৱা সপোন পূৰণেই গৌৰৱ গগৈৰ প্ৰথম আৰু অন্তিম লক্ষ্য ! - MP Gaurav Gogoi
Gaurav Gogoi on 2026 Assembly election: দলে যি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিব, তাতেই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু গৌৰৱ গগৈ ৷ প্ৰয়োজন হ’লে জালুকবাৰীতো নিৰ্বাচন খেলিব ৷ তৰুণ গগৈৰ আধৰুৱা সপোন পূৰণ কৰাটোৱেই গৌৰৱ গগৈৰ প্ৰথম আৰু শেষ সপোন ৷

Published : August 18, 2024 at 10:00 PM IST
যোৰহাট, ১৮ আগষ্ট : সন্মুখত ২০২৬ ৰ বিধানসভা নিৰ্বাচন ৷ কংগ্ৰেছে উজনি অসম পৰাই আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ । সেয়েহে উজনিৰ বিভিন্ন প্ৰান্তত আওপকীয়াকৈ গৌৰৱ গগৈয়ে আৰম্ভ কৰিছে ’২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা ৷ সেয়া গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত সভাৰ কিছু বিষয়বস্তু, ছবি আৰু সাংসদগৰাকীৰ মন্তব্যই ইংগিত দি যায় ৷
দেওবাৰে মৰিয়নীত বাঘচোং ব্লক কংগ্ৰেছে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কেতবোৰ তৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘প্ৰথমতে মই নগাঁও আৰু যোৰহাটত নিৰ্বাচন খেলিম বুলি প্ৰচাৰ চলিছিল ৷ ১.৫০ লাখ আৰু তিনি লাখ ভোটত হাৰিম বুলি প্ৰচাৰ চলিছিল ৷ কিন্তু শেষত কি হ’ল সকলোৰে জ্ঞাত ৷ দলে যদি ’২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কয়, যদি যোৰহাট আৰু জালুকবাৰী পৰা নিৰ্বাচন খেলিবলৈ দিয়ে, মই তাতেই সন্তুষ্ট হ’ম ৷ কাৰণ কংগ্ৰেছ ৰাইজৰ বাবে কাম কৰা দল আৰু বিজেপি দলটো পূৰ্বৰ দৰে হৈ থকা নাই ৷ এতিয়া সুবিধাবাদী দললৈ পৰিণত হৈছে । সেয়ে সুবিধাবাদী ৰজাৰ লগত থকাখিনি ৰজাৰ লগতে থাকক আৰু ৰাইজৰ সেৱা কৰা মানসেৰে থকাখিনি কংগ্ৰেছ লগত থাকক ।’’
তদুপৰি সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘ মোৰ প্ৰয়াত পিতৃয়ে ৰাইজৰ হকে কাম কৰি গৈছিল আৰু অসমৰ উন্নয়ন হকে কাম কৰিছিল, সেয়েহে মোৰ প্ৰয়াত পিতৃৰ আধৰুৱা সপোন পূৰণ কৰাটো মোৰ প্ৰথম আৰু অন্তিম কাম ৷’’ সাংসদ গৌৰৱ গগৈৰ এনেধৰণ মন্তব্যই সকলোকে ধাৰণা কৰিবলৈ বাধ্য কৰাইছে যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সন্মুখৰ পৰাই নেতৃত্ব দিব গৌৰৱ গগৈয়ে ৷
লগতে পঢ়ক : উপ-নির্বাচন: পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে
অগপৰ সভাত সভাপতি অতুল বৰাৰ সন্মুখতেই কিয় ক্ষোভ উজাৰিলে তৃণমূল কৰ্মীয়ে ?
মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ পত্ৰ

