ETV Bharat / politics

বিজেপিৰ নিৰ্দেশ মানি কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে, কংগ্ৰেছ দলক আক্ৰমণ কৰাসকল সুৰক্ষিত: গৌৰৱ গগৈ - MP GAURAV GOGOI

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ । মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক সমালোচনা সাংসদগৰাকীৰ ।

MP Gaurav Gogoi react over attack on MP Rokibul Hussain
ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2025 at 8:41 PM IST

2 Min Read

মাজুলী: "অসমৰ ভিতৰত আটাইতকৈ সুৰক্ষিত হৈছে সেইসকল যিসকলে বিজেপিৰ নিৰ্দেশ মানি কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে, কংগ্ৰেছ দলক আক্ৰমণ কৰে"-মাজুলীত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ । বৃহস্পতিবাৰে সত্ৰনগৰীত উপস্থিত হোৱা সাংসদগৰাকীয়ে শুকুৰবাৰে মাজুলী এৰাৰ পূৰ্বে সাংবাদিকৰ আগত প্ৰকাশ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গগৈয়ে । গৌৰৱ গগৈয়ে কয়, "বাকী যিসকলে আইন ভংগ কৰে, সেইসকলে ফাইন দিব লাগে, পুলিচে চমন দিয়ে, ক'ৰ্টে জেললৈ পঠাই দিয়ে । হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক বাৰ্তা দিছে কোনো বিজেপি কৰ্মীয়ে যদি কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰে, আপোনালোকৰ বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰে, তেতিয়াও আপোনালোকে তেওঁলোকৰ ওপৰত হস্তক্ষেপ নকৰিব" ৷

ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "কালি ঘটনাটোত কেমেৰাৰ সন্মুখত বেট লৈ আক্ৰমণ কৰিছে, কিন্তু এতিয়ালৈকে কাকো পুলিচে ধৰিব পৰা নাই । ইয়াৰ বিপৰীতে কালিৰ ঘটনাটোৰ দায়িত্ব গৃহ বিভাগে, অসম পুলিচে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত দায়িত্ব দিব বিচাৰিছে । যিটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা । অসমৰ নেতৃত্ব যেতিয়া অপৰাধ কৰা লোকসকলে ল'ব, তেতিয়া অপৰাধ কৰা লোকসকলৰ অপৰাধ আৰু বাঢ়ি যাব আৰু ১২ মাহ আছে অসমৰ ৰাইজে চৰকাৰ সলনি কৰিব ৷ তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰোধী আসনত আহিব, তেতিয়া গোটেই অসমত আমি সুৰক্ষা দিম" ৷

সভাপতি সম্পৰ্কত গৌৰৱ গগৈৰ নাম চৰ্চা লাভ সম্পৰ্কত কয়, "মই এই বিষয়ে জ্ঞাত নহয় । আমাক দলে এটাই নিৰ্দেশ দিছে আমি সকলো একত্ৰিত হৈ অসমৰ লোকতন্ত্ৰ ৰক্ষা কৰা । ২৬ ৰ নিৰ্বাচনত আমাৰ ভাল হ'ব । মই কোৱাৰ দৰে মোৰ মাটি, বাগান, মাৰ নামত চেনেল নাপাই মোৰ পুৰণি ফটো, বিয়াৰ খবৰ উলিয়াই ফুৰিছে । এছ আই টি গঠন কৰিছে, আমি বাট চাইছোঁ ইয়াৰ ফলাফললৈ" ৷

লগতে পঢ়ক: ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা : বিধানসভা চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ - CONGRESS PROTEST

মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN ATTACK

সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া - MP RAKIBUL HUSSAIN ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.