ETV Bharat / politics

ব্যক্তিগত ৰাজনীতি কৰি তেওঁ মুখ্যমন্ত্ৰীৰ চকীখনক অপমান কৰিছে: নাম নোলোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মালৈ শেল এৰিলে গৌৰৱে - PAHALGAM TERRORIST ATTACK

পহলগামৰ আক্ৰমণ আৰু সৰ্বদলীয় বৈঠক সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ।

MP Gaurav Gogoi accuses Himanta Biswa Sarma of doing low politics
পহলগামৰ আক্ৰমণ আৰু সৰ্বদলীয় বৈঠক সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 8:58 PM IST

4 Min Read

যোৰহাট: যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি ৰাইজ আস্থা আদায় কৰাৰ উদ্দেশ্যৰে নামি পৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ । নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠক আৰু পহলগামৰ ঘটনা সম্পৰ্কত মত প্ৰকাশ কৰে সাংসদ গগৈয়ে ।

সৰ্বদলীয় বৈঠক সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "সৰ্বদলীয় বৈঠক প্ৰথমে আমাৰেই দাবী আছিল । আমি পিছত ক'লোগৈ যে, সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থকাটো উচিত আছিল । সেই মিটিঙৰ ভিতৰত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছিল, মল্লিকাৰ্জ্জুন খাৰ্গে ডাঙৰীয়া আছিল । তেওঁলোক দুয়োজনে চৰকাৰক সমৰ্থন কৰিছে যে, আগন্তুক দিনত এটা শক্তিশালী প্ৰতিক্ৰিয়া আমি পাকিস্তানৰ আৰ্ম ফৰ্চবোৰক দিব লাগে ।"

পহলগামৰ আক্ৰমণ আৰু সৰ্বদলীয় বৈঠক সন্দৰ্ভত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

অমৰনাথ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "লগে লগে আমাৰ দলৰ ফালৰ পৰা দাবী আছিল যে পৰৱৰ্তী দিনত জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰা আয়োজন কৰা হ'ব । অমৰনাথ যাত্ৰাৰ সময়ত আমাৰ যাত্ৰীসকলে যাতে কোনোধৰণৰ অসুবিধা নাপায়, আইন-শৃংখলা তেওঁলোকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে সেই দাবী আমাৰ ফালৰ পৰা আমি জনালো ।"

"লগতে সকলোৱে অৱগত পহলগামত আৰ্ম ফৰ্চ কিমান আছে, জম্মু-কাশ্মীৰলৈ গ'লেই যে বহুত নিৰাপত্তাৰক্ষী থাকে সকলোৱে জানে । ইয়াত যে ইণ্টেলিজেন্স ব্যৰ্থ হৈছে সেই বিষটোও আমি চৰকাৰক জনাইছো যে ৰাইজে বিচাৰে । আজি কণমানিসকলে যিসকলৰ পিতৃ আজিৰ তাৰিখত নাই, তেওঁলোকে সুধিছে যে আৰ্মী ক'ত গ'ল ? যি স্থানলৈ ইমান পৰ্যটক যায় তেনে স্থানত আৰ্ম ফ'ৰ্চ ইণ্টেলিজেন্সৰ কি ভূমিকা থাকিল ? এই গোটেই বিষয়বোৰ সৰ্বদলীয় বৈঠকত আমি ডাঙি ধৰিলো ।" তেওঁ কয় ।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰে পাকিস্তানৰ সম্পৰ্ক থকা সন্দৰ্ভত দিয়া মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গগৈয়ে কয়, "এইখিনি কথা তেওঁলোকে আগৰ পৰাই কৈ আছে । যোৱা প্ৰায় তিনিমাহৰ পৰা তেওঁ একেখিনি কথা বাৰম্বাৰ দোহাৰি আছে । একো নতুন কথা কোৱা নাই তেওঁলোকে । আমাৰ কথা হ'ল আজিৰ তাৰিখত আমি সকলোৱে পহলগামক লৈ একত্ৰিত হৈ আছো । আজিৰ তাৰিখত আমি সকলোৱে দুঃখিত, মৰ্মাহত যে আমাৰ এনেকুৱা এটা ঘটনা হ'ল যে য'ত আমি ইমান পৰ্যটকসকলক হেৰুৱাবলগীয়া হ'লো ।"

তেওঁ লগতে কয়, "এই ক্ষেত্ৰত আমি বিচাৰো যে সন্ত্ৰাসবাদীসকলক তেওঁলোকে চিনাক্ত কৰক আৰু তেওঁলোকে সোনকালে গ্ৰেপ্তাৰ কৰি ধৰি, গোটেই তেওঁলোকৰ বেকআপটো কি, কোনে তেওঁলোকক ফাইনেন্স কৰিলে, কোনে তেওঁলোকক ৰাখিলে, কোনে তেওঁলোকক অস্ত্ৰ যোগান ধৰিলে, ক'ৰ পৰা তেওঁলোক সোমালে, আজি জম্মু-কাশ্মীৰত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা আছে, কোনটো ৰাস্তাৰে তেওঁলোক সোমালে গোটেইখিনি তদন্ত হোৱাটো আমি বিচাৰোঁ । পাকিস্তানক এটা ভাল প্ৰতিক্ৰিয়া দিয়াটো বিচাৰো ।"

মুখ্যমন্ত্ৰীক সমালোচনা কৰি গগৈয়ে কয়, "এনেকুৱা সময়ত তেওঁ এই ধৰণৰ নিম্ন ৰাজনীতি কৰি আছে । ৰাজনীতি একদম তললৈকে লৈ গৈছে । মই ভাৱো এইধৰণৰ ৰাজনীতি বৰ্তমান সময়ত, ইয়াৰ আগতেও কৰি আছিল, ইয়াৰ পিছতো কৰিব মোৰ আপত্তি নাই, তেওঁ যিধৰণৰে ৰাজনীতি কৰিব বিচাৰে কৰক কিন্তু, এই সময়ত নিজৰ ব্যক্তিগত ৰাজনীতি কৰাটো মই ভাবো পহলগামৰ আমাৰ শ্বহীদসকলৰ প্ৰতি অপমান কৰা হ'ল, মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি অপমান কৰা হ'ল, মুখ্যমন্ত্ৰীৰ চকীক অপমান কৰা হ'ল আৰু অসমৰ জনসাধাৰণৰ বিবেক শক্তিক অপমান কৰা হৈছে ।"

লগতে পঢ়ক: পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ দাবী ভূপেন বৰাৰ - PAHALGAM TERRORIST ATTACK

এইবাৰ হিন্দুসকলক সামৰিক প্ৰশিক্ষণ দিয়াৰ দাবী; গৰজি উঠিল গুৱাহাটী - PAHALGAM ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.