ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাই কেৱল ভুৱা প্ৰতিশ্ৰুতিহে দিলে: অজিত কুমাৰ ভূঞা - LOK SABHA ELECTION 2024

এ আই ইউ ডি এফে বিজেপিৰ সৈতে বুজাবুজি কৰি ৰাজ্যৰ তিনিটা সমষ্টিত প্ৰাৰ্থী দিয়া বুলি মন্তব্য় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ ।

Press Conference of Ajit Kumar Bhuyan
সংবাদমেল সম্বোধন সাংসদ অজিত কুমাৰ ভূঞাৰ
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 11:01 PM IST

2 Min Read
Choose ETV Bharat
সংবাদমেল সম্বোধন সাংসদ অজিত কুমাৰ ভূঞাৰ

নগাঁও, 22 এপ্ৰিল: "এ আই ইউ ডি এফ বিজেপিৰ বি টিম । বিজেপিৰ সৈতে বুজাবুজি কৰিবলৈ ৰাজ্যৰ তিনি সমষ্টিত প্ৰাৰ্থিত্ব দিছে এ আই ইউ ডি এফে । " এই মন্তব্য় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ । সোমবাৰে বিয়লি নগাঁৱত সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই । সংবাদমেলত তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো কটু সমালোচনা কৰি কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বহুৰূপী মানুহ । তেওঁ কেতিয়াবা ১৩ খন আসনত, কেতিয়াবা ১৪ খন আসনত বিজয়ী হ'ব বুলি কয় । কেতিয়াবা আকৌ চাৰে এঘাৰখন আসনত বিজয়ী হব বুলি কয় । ই প্ৰমাণ কৰিছে যে বিজেপিয়ে ভয় খাইছে ।"

ৰাজ্যত বিকাশৰ কোনো চিন নাই বুলি মন্তব্য কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে প্ৰচাৰ যন্ত্ৰটো লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ভুৱা প্ৰতিশ্ৰুতিহে দিলে । বিগত সময়ছোৱাত অসমৰ মুছলমান সমাজক হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিলে বুলি মন্তব্য কৰি ভূঞাই কয় যে সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য কৰা উচিত নহয় ।

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে পুনৰ কয় যে এজন সাম্প্ৰদায়িক নেতা সেইটো ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিবলৈ গৈ তেওঁ মুছলমানৰ ভোট নালাগে বুলি কৈছিল । কিন্তু মেৰুকৰণৰ এই ৰাজনীতিয়ে কাম নিদিয়াত হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মুছলমানৰ ভোট বিচাৰিছে। বিজেপিৰ প্ৰধান সহায়ক দল এআই ইউডিএফ বুলি উল্লেখ কৰি সাংসদ ভূঞাই কয়," বদৰুদ্দিন আজমলে ইছলাম ধৰ্মাৱলম্বী লোকক সহায় কৰিবলৈ যিটো দল গঠন কৰিছিল সেই দলটো এতিয়া বিজেপিৰ বি টীমত পৰিণত হৈছে । " সাংসদ ভূঞাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানত কৰা মন্তব্য অসমৰ নাগৰিক সমাজে গৰিহণা দিয়ে বুলিও উল্লেখ কৰে ।

নিৰ্বাচন আয়োগকো চকু মুদা কুলি আখ্যা দি সাংসদ ভূঞাই বিজেপিৰ লগত আৰক্ষী, চি আৰ পি এফ,ই ডি আদি সকলো আছে বাবে মেচ ফিক্সিং হ'ব পাৰে বুলি আশংকা কৰে । সংবাদমেলত সাংসদ ভূঞাই আৰু কয়,"কি ধৰণে বিগত ১০ বছৰে গণতন্ত্ৰৰ ওপৰত পদাঘাট কৰিলে । যিমানেই ভয় নেদেখুৱাওক নগাঁৱত বিজেপিৰ পৰাজয় নিশ্চিত ।" তেওঁ ৰাইজ ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:ইণ্ডি এলায়েন্সত কি কি বিসংগতি ? ক’লে সাংসদ অজিত কুমাৰ ভূঞাই