ETV Bharat / politics

পঞ্চায়ত প্ৰাৰ্থীসকলৰ লগত জিলা প্ৰশাসনৰ আলোচনা - ASSAM PANCHAYAT ELECTION 2025

মৰিগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক । নিৰ্বাচনৰ নীতি-নিয়মসমূহ কঠোৰভাৱে মানি চলাৰ লগতে প্ৰাৰ্থীক নিৰ্ধাৰিত ব্যয় অতিক্ৰম নকৰিবলৈ আহ্বান পৰ্যবেক্ষকৰ ।

panchayat candidates
মৰিগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 8:56 PM IST

4 Min Read

ধিং: মাজত মাত্র কেইটামান দিনহে বাকী । আগন্তুক ২ আৰু ৭ মে'ত ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । পঞ্চায়ত নির্বাচনক লৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি ।

জিলাই জিলাই আৰম্ভ হৈছে প্ৰশাসনীয় কাম-কাজো । বাদ পৰি ৰোৱা নাই মৰিগাঁও জিলা প্ৰশাসনো । সমাগত পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আজি(শনিবাৰ) জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পৰিষদ সমষ্টি আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱাশীষ শৰ্মাই প্ৰাৰ্থীসকলক নিৰ্বাচনৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় । তেওঁ কয়, ’’নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল বৃহৎ গণতান্ত্ৰিক ব্যৱস্থা এটাৰ তৃণমূল পৰ্যায়ৰ একোগৰাকী জনপ্ৰতিনিধি হ'বলৈ আগবাঢ়িছে । প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নীতি-নিয়মসমূহ মানি নচলিলে সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটো শৃংখলিতভাৱে চলাই নিয়াত অসুবিধাৰ সৃষ্টি হ'ব ।’’

panchayat candidates
মৰিগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক (ETV Bharat Assam)

বিশেষকৈ এচাম যুৱ সমৰ্থকে যাতে আবেগৰ বশৱৰ্তী হৈ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ প্ৰতি সজাগ হৈ সমৰ্থকসকলৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ তেওঁ আহ্বান জনায় । লগতে নিজৰ আত্মীয় হ'লেও ব্যক্তিগত বাসগৃহ বা চৌহদত নিৰ্বাচনৰ বেনাৰ, পোষ্টাৰ আদি লগাওতে যাতে স্বত্বাধিকাৰীৰ পৰা আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ লয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় ।

তেওঁ মহিলা প্ৰাৰ্থীসকলক কাৰো ওপৰত নিৰ্ভৰশীল নহৈ নিজে নিজৰ সিদ্ধান্তসমূহ লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । সভাত উপস্থিত থাকি মৰিগাঁৱৰ নিৰ্বাচনী পৰ্যবেক্ষক উদয়াদিত্য গগৈয়ে মৰিগাঁও জিলাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।

প্ৰাৰ্থী বা সমৰ্থকসকলে যাতে নিৰ্বাচনৰ আচৰণ বিধি ভংগ নকৰে আৰু নিৰ্বাচনত প্ৰাৰ্থীৰ বিপৰীতে নিৰ্ধাৰিত ব্যয় যাতে অতিক্ৰম নকৰে তাৰ প্ৰতি সজাগ হ'বলৈ তেওঁ প্ৰাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় । সভাত অতিৰিক্ত জিলা আয়ুক্ত (পঞ্চায়ত নিৰ্বাচন) ডঃ সংগীতা বৰঠাকুৰে প্ৰাৰ্থীসকলক তেওঁলোকে পালন কৰিবলগীয়া নীতি-নিয়মসমূহৰ বিষয়ে অৱগত কৰায় ।

তেওঁ কয়, ’’নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে প্ৰশাসনৰ আগতীয়া অনুমতি লোৱাটো বাঞ্চনীয় । লগতে প্ৰাৰ্থীয়ে প্ৰচাৰ সভাৰ সম্ভাব্য ব্যয়ৰ এটা বাজেট দাখিল কৰিব লাগিব । নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলৱৎ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীয়ে চৰকাৰী বেনাৰ-পোষ্টাৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব । লগতে ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ সমাপ্ত কৰিব লাগিব । প্ৰতিটো কেন্দ্ৰত প্ৰাৰ্থীৰ এজেণ্ট থাকিব । বেলট বাকচৰ দ্বিতীয় ৰেন্দমাইজেশ্যনত প্ৰাৰ্থীসকলকো আমন্ত্ৰণ জনোৱা হ'ব ।’’

তেওঁ কয়, ’’এইবাৰ জিলা পৰিষদ সমষ্টিৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । প্ৰতিটো কেন্দ্ৰত ভোটাৰে তিনিটা ৰঙৰ ক্ৰমে নীলা, গুলপীয়া আৰু বগা তিনিখন বেলট পেপাৰ লাভ কৰিব । ভোটগ্ৰহণ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ সম্পন্ন হ'ব ।’’

এই সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় সন্দৰ্ভত বিতংভাৱে বৰ্ণনা আগবঢ়ায় । তেওঁ কয়, ’’জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে সৰ্বাধিক ১০ লাখ টকা, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ বাবে আঢ়ৈ লাখ টকা আৰু গাঁও পঞ্চায়তৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী ব্যয় ২৫,০০০ টকা ধাৰ্য কৰা হৈছে । নিৰ্বাচনৰ ব্যয় নিৰীক্ষণ কোষৰ ওচৰত তেওঁলোকে নিজৰ ব্যয় সন্দৰ্ভত সবিশেষ দাখিল কৰিব লাগিব ।’’

লগতে দৈনিক ব্যয়ৰ হিচাপ ৰাখিবৰ বাবে পঞ্জীয়ন বহী ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয়, ’’প্ৰাৰ্থীৰ সৰু সৰু ব্যয়সমূহৰো হিচাপ হ'ব, সেয়েহে তেওঁলোকে হিচাপ কৰোতে সাৱধান হোৱা দৰকাৰ । তাৰকা প্ৰচাৰকসকলৰ ক্ষেত্ৰতো প্ৰাৰ্থীয়ে কৰা ব্যয়ৰ হিচাপ হ'ব ।’’

সভাত অতিৰিক্ত জিলা আয়ুক্ত সুলক্ষণা বৰপাত্ৰগোহাঁয়ে কয়, ’’পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলে নতুনকৈ বেংক একাউণ্ট খুলিবই লাগিব বুলি কোনো কথা নাই । কিন্তু যিটো একাউণ্টৰ পৰা প্ৰাৰ্থীয়ে ব্যয় কৰিব সেই বিষয়ে প্ৰশাসনক অৱগত কৰিব লাগিব । অৱশ্যে জিলা পৰিষদ সমষ্টি আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত নতুন একাউণ্ট খোলাটো বাধ্যতামূলক ।’’

এই সভাত অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা, মৰিগাঁৱৰ পৌৰপতি যোগেশ তামুলী আৰু বিভিন্ন কোষৰ বিষয়াসকল তথা জিলা পৰিষদ সমষ্টি আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল উপস্থিত আছিল ।

লগতে পঢ়ক : পঞ্চায়ত নিৰ্বাচন : কিদৰে চলিছে শাসক-বিৰোধীৰ তৎপৰতা, কি কয় বিনীতা-মাজনীহঁতে...

লগতে পঢ়ক : উন্নয়ন বিচাৰি হাবাথুৰি খোৱা মৰাণৰ ৰাইজ ভোট দিবলৈ সাজু যোগ্য প্ৰাৰ্থীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.