ETV Bharat / politics

চাহ মজদুৰ সংঘৰ শতাধিক নেতাই যোগদান কৰিলে বিজেপিত

Assam BJP: মঙলবাৰে অসম চাহ মজদুৰ সংঘৰ কেবাজনো নেতা-কর্মীয়ে যোগদান কৰে বিজেপি দলত । সংঘৰ নগাঁও শাখাৰ সভাপতি সুকদেৱ নায়ক, মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গৌড়, টিংৰাই শাখাৰ সম্পাদক বংশীলাল চাহু আৰু নাহৰকটীয়া শাখাৰ সম্পাদক বলৰাম তাঁতীৰ নেতৃত্বত চাহ মজদুৰ সংঘৰ শতাধিক কর্মকর্তাই যোগদান কৰে বিজেপিত ৷

Chah Mazdoor Sangha
বিজেপিত যোগদান চাহ মজদুৰ সংঘৰ শতাধিক নেতাৰ
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 7:26 PM IST

|

Updated : February 27, 2024 at 8:19 PM IST

3 Min Read
Choose ETV Bharat
বিজেপিত যোগদান চাহ মজদুৰ সংঘৰ শতাধিক নেতাৰ

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনক লৈ এতিয়া উথপথপ বাজপেয়ী ভৱন । শীৰ্ষ পৰ্যায়ৰ নেতাৰে ভৰি পৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় । প্ৰতিদিনে অনুষ্ঠিত হৈছে ইখনৰ পিচত সিখন বৈঠক, যোগদান কাৰ্যসূচী ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ পৰা কেবাজনো নেতা-কর্মীয়ে মঙলবাৰৰ দিনটোতো বিজেপি দলত যোগদান কৰে । ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত শাসকীয় বিজেপি দলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ সভাপতি সুকদেৱ নায়ক, মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গৌড়, টিংৰাই শাখাৰ সম্পাদক বংশীলাল চাহু আৰু নাহৰকটীয়া শাখাৰ সম্পাদক বলৰাম তাঁতীৰ নেতৃত্বত চাহ মজদুৰ সংঘৰ শতাধিক কর্মকর্তাই বিজেপিত যোগদান কৰে ৷

ইয়াৰোপৰি বিলাসীপাৰা পৌৰসভাৰ কংগ্ৰেছ দলৰ তিনিগৰাকী সদস্যই বশিষ্ঠস্থিত মুখ্য কার্যালয়ত সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে । যোগদান কাৰ্যসূচীত অন্যান্যসকলৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় ৰূপেশ গোৱালা আৰু ভাস্কৰ শর্মাও উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীয় ৰাইজৰ হকে গ্ৰহণ কৰা উন্নয়নলমূক বিভিন্ন কাৰ্যসূচীৰ প্ৰতি আকৃষ্ট হৈ চাহ মজদুৰ সংঘৰ নেতা-কর্মীসকলে দলত যোগদান কৰাৰ সিদ্ধান্ত লয় বুলি অৱগত কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেবাটাও ৰাজনৈতিক মন্তব্য আগবঢ়ায় ।

কলিতাই কয় যে পূৰ্বতকৈ অধিক আসন লোৱা, ১০ শতাংশ ভোট বৃদ্ধি, পূৰ্বতকৈ অধিক ভোট লাভ কৰা এইবাৰ তেওঁলোকৰ লক্ষ্য । আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত কয় যে এই সন্দৰ্ভত তেওঁলোকে এতিয়া অপেক্ষা কৰি আছো, পৰ্যবেক্ষকৰ ৰিপৰ্টৰ আধাৰত শীৰ্ষ নেতৃত্বই শেষ সিদ্ধান্ত গ্ৰহণ কৰিব । পেনেলৰ পিচতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব ।

ইফালে মিত্ৰজোঁটক আসন এৰি দিয়া সন্দৰ্ভত ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয় যে এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বিজেপিয়ে কেইখন আসনত নিৰ্বাচন খেলিব । সেয়া ১০ খনো হ’ব পাৰে, ১২ খনো হ’ব পাৰে । কিন্তু মিত্ৰজোঁটৰ লক্ষ্য ১২ প্লাছ বুলি মন্তব্য কৰে ভৱেশ কলিতাই ।

যি দুখন আসনত পৰ্যবেক্ষক নিয়োগ কৰা নাই, তাতো ছাৰ্ভে চলোৱা হ’ব বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ প্ৰথম পৰ্য়ায়ত ১২ খন, দ্বিতীয় পৰ্যায়ত ১৪ খনত পৰ্যবেক্ষক দিয়া হ’ব । আনহাতে প্ৰাৰ্থীৰ বাবে বিভিন্নজনে আবেদন জনোৱা প্ৰসংগত কয় যে বিজেপিত আবেদন দিয়া নিয়ম নাই আৰু টকা লোৱাৰো নিয়ম নাই । বহুতে ইচ্ছা থকাৰ বাবে আবেদন প্ৰদান কৰিছে । বিজেপিক কোনোৱে চি ভি দিব নালাগে টিকটৰ বাবে বুলিও মন্তব্য আগবঢ়ায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

লগতে পড়ক: গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল’লে গোলাপ শইকীয়াই

Last Updated : February 27, 2024 at 8:19 PM IST