ডিব্ৰুগড়: পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা ৷ দিনে নিশাই শাসক বিৰোধী সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ । কিন্তু যোৱাটো কাৰ্যকালত পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুফল লাভ কৰিলেনে গ্ৰামাঞ্চলৰ ৰাইজে ? তাৰ হিচাপ নিকাচ আৰম্ভ কৰিছে ৰাইজে ।
এনে সময়ত ডিব্ৰুগড় জিলাৰ মৰাণ গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ বাবে মনোনয়ন আগবঢ়োৱা এজন প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰিবলৈ দাবী তুলিছে ৱাৰ্ডটোৰ একাংশ ৰাইজে । বিগত পঞ্চায়তত শাসকীয় দলৰ ৱাৰ্ড সদস্য হিচাপে থকা দেৱজিৎ গগৈ ওৰফে বাছাই প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজে আৰু পৰিয়ালৰ লোকক চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ ৰাইজৰ ।
ৱাৰ্ডৰ ৰাইজৰ দুখ-দুৰ্দশাক পিঠি দি লোকজনে নিজা স্বাৰ্থ সিদ্ধিৰ বাবেহে দৃষ্টি দিয়াৰ গুৰুতৰ অভিযোগ ৰাইজৰ । অভিযোগ অনুসৰি নিজা পকীঘৰ থকাৰ পিছতো পত্নীক এচলীয়া চালিৰ সন্মুখত ৰাখি ফটো তুলি লাভ কৰিছে প্ৰধানমন্ত্ৰী আবাস গৃহ আঁচনিৰ ধন ।
তাৰোপৰি মুখ্যমন্ত্ৰী স্ব-নিয়োজন আঁচনিৰ ধনো প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাই নিজে লোৱাৰ গুৰুতৰ অভিযোগ লোকজনৰ বিৰুদ্ধে । বৰ্তমান টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত মৰাণ গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য দেৱজিৎ গগৈ ওৰফে বাছাই এই দুৰ্নীতি কৰাৰ অভিযোগ ৱাৰ্ডটোৰ ভোটাৰসকলৰ ।
পুনৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে উক্ত ৱাৰ্ডৰ পৰা মনোনয়ন পত্ৰ প্ৰদান কৰা দেৱজিৎ গগৈ ওৰফে বাছাৰ মনোনয়ন নাকচ কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে । ইফালে প্ৰাক্তন ৱাৰ্ড সদস্য দেৱজিৎ গগৈয়ে চৰকাৰী আবাস গৃহৰ ধন পুনৰ ঘূৰাই দিয়াৰ বাবে আবেদন কৰা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ।
- ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীয়ে নিজৰ পত্নী আৰু পৰিয়ালক আঁচনিৰ সুবিধা দিয়াৰ অভিযোগ :
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যিহেতু ৰাইজে পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিসকলে কি কি কাম কৰিলে তাৰ হিচাপ-নিকাচ কৰা আৰম্ভ কৰিছে । মৰাণ গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ ৰাইজে কয়, "আমি চৰকাৰৰ পৰা কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰিলো । আমি দিন হাজিৰা কৰি পৰিয়াল চলাওঁ যদিও চৰকাৰী গৃহ, অৰুণোদয় আদিৰ কোনো সুবিধা লাভ নকৰিলো । আমি আবেদন দিয়াৰ পিছতো ৱাৰ্ড সদস্যগৰাকীয়ে কোনো সহযোগিতা নকৰিলে ।’’
‘‘ৱাৰ্ড সদস্যগৰাকীৰ নিজৰ পকীঘৰ থকাৰ পাছতো তেওঁৰ পত্নীয়ে ঘৰ পাইছে, চৰকাৰী আঁচনিৰ সুবিধা তেওঁৰ পৰিয়ালৰ লগতে তেওঁ নিজেও লাভ কৰিছে । তেওঁ এইবাৰ পুনৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী হৈছে । তেনেকুৱা এগৰাকী প্ৰাৰ্থী জয়লাভ কৰিলে ৰাইজৰ ডাঙৰ ভুল হ'ব ।’’ এগৰাকী স্থানীয় লোকে কয় ৷
- চৰকাৰী ধন ঘূৰাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ :
মৰাণ গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য দেৱজিৎ গগৈয়ে নিজৰ পত্নীৰ নামত ঘৰ প্ৰদান কৰা, মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনি লাভ কৰাত ৰাইজে অভিযোগ কৰাক লৈ ৱাৰ্ড সদস্যগৰাকীয়ে কয়, "পত্নীৰ নামত চৰকাৰী গৃহৰ যি ধন লাভ কৰিছো, সেই ধন ঘূৰাই ল'বলৈ বিভাগক আবেদন জনাইছো । লগতে মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিৰ ধন ঘূৰাই দিবলৈ আগবঢ়িছো । ইতিমধ্যে সেই সম্পৰ্কত বিভাগৰ বিষয়াক আবেদনৰ জৰিয়তে অৱগত কৰা হৈছে ।’’