ETV Bharat / politics

অসমত হিন্দু-মুছলমানৰ সংঘৰ্ষ সৃষ্টিৰ চক্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে : অভিযোগ শ্বেৰমান আলীৰ - MLA Sherman Ali

Sherman Ali on Himanta Biswa Sarma : শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মা, যাৰ ফলত লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে ৷ হিন্দু-মুছলমানৰ‌ মাজত যুদ্ধ লগাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ এই অভিযোগ শ্বেৰমান আলীৰ ৷

Sherman Ali on Himanta Biswa Sarma
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধায়ক শ্বেৰমান আলীৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2024 at 10:17 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৮ আগষ্ট : ‘‘মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই অসমত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ চক্ৰান্ত আৰম্ভ কৰিছে । এই গুৰুতৰ অভিযোগ কৰিছে বিধায়ক শ্বেৰমান আলীয়ে ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধায়ক শ্বেৰমান আলীৰ অভিযোগ (ETV Bharat Assam)

বিধানসভাৰ বাহিৰত বুধবাৰে সাংবাদিকক সম্বোধন কৰি শ্বেৰমান আলীয়ে কয়, ‘‘নামনিত বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়, উজনিত গৌৰৱ গগৈৰ জয় আৰু বি জে পিত বিদ্ৰোহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শংকিত কৰিছে ৷ যাৰ বাবে শৰ্মাই অসমত লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে, যাতে হিন্দু মুছলমানৰ‌ মাজত যুদ্ধ এখন লাগক ৷’’

মোক ৰাজনৈতিকভাৱে ক্ষতি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে : মুখ্যমন্ত্ৰীয়ে মোক টাৰ্গেট কৰিছে

বিধায়ক শ্বেৰমান আলীয়ে কয়, ‘‘বিধানসভাত মুখ্যমন্ত্ৰীৰ অভিসন্ধিৰ‌ বিৰোধিতা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে মোক ৰাজনৈতিকভাৱে ক্ষতি কৰিব বিচাৰিছে, টাৰ্গেট কৰিছে । কালি বিধানসভাত মুখ্যমন্ত্ৰীয়ে মোৰ‌ বিধায়ক পদ খাৰিজ কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষক দুবাৰকৈ কৈছে । মুখ্যমন্ত্ৰীয়ে এনেকৈ ক’ব নোৱাৰে । কমলাক্ষ দে’ পুৰকায়স্থ, চিদ্দিক আহমেদ, বসন্ত দাসৰ বিধায়ক পদ খাৰিজ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কিয় নকয় ?‌ আচলতে মুখ্যমন্ত্ৰীয়ে মোক টাৰ্গেট কৰিছে । মোক ব্লেক মেইলিং কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে ।’’

মুছলমানক সংযমী হোৱাৰ আহ্বান শ্বেৰমান আলীৰ :

শ্বেৰমান আলীয়ে কয়, ‘‘অসমত যে উজনি আৰু নামনিৰ মাজত সংঘাত সৃষ্টি আৰু মিঞাৰ ওপৰত আক্ৰমণ এই সকলোবোৰৰ‌ মূল নায়ক মুখ্যমন্ত্ৰী । গতিকে এই‌ক্ষেত্ৰত অসমৰ‌ মুছলমানসকলক সংযমী হোৱাৰ প্ৰয়োজন । মই অসমৰ সকলো ৰাইজক আহ্বান জনাইছো কোনোবা ৰাজনৈতিক নেতাৰ গাদী দখলৰ কুচক্ৰান্তক আপোনালোকে ব্যৰ্থ কৰিব লাগিব ৷ বিশেষকৈ মিঞা জনগোষ্ঠীৰ লোকসকলক হাতযোৰ কৰি আহ্বান জনাও যে আপোনালোকৰ দায়িত্ব অপৰিসীম ৷ আপোনালোকে উত্তেজনা বৃদ্ধি হোৱা কোনো কথা নক’ব ৷ আপোনালোক আটাইতকৈ বেছি সংযমী হওক ৷’’

লগতে পঢ়ক : আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব বিৰোধী ঐক্যমঞ্চই

আমাক গ্ৰেপ্তাৰ কৰিলেও উজনিৰ পৰা মিঞা যাবই লাগিব : টাইপাৰ সভাপতিক আটক

গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে: তীব্ৰ বিতৰ্কৰ মাজতে বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক