ETV Bharat / politics

প্ৰয়োজনত সীমান্তত যুদ্ধ কৰিবলৈ যাবলৈও সাজু ৰূপজ্যোতি কুৰ্মী !

ভাৰতীয় সেনাৰ প্ৰতি সন্মান জনাই মৰিয়নীত ত্ৰিৰংগা যাত্ৰা । ভাৰতীয় সেনালৈ ৩ লাখ টকা আগবঢ়ালে ৰূপজ্যোতি কুৰ্মীয়ে ।

MLA Rupjyoti Kurmi is also ready to fight at the border if necessary
প্ৰয়োজনত সীমান্তত যুদ্ধ কৰিবলৈ যাবলৈও সাজু ৰূপজ্যোতি কুৰ্মী ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2025 at 7:19 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: পহলগাম নৰসংহাৰ ঘটনাৰ পাছতেই ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ ঘাটিত থকা ৯ টা স্থানৰ ২১ টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ লগতে সন্ত্ৰাসবাদৰ ৰক্ষক আৰু পোহপাল দিয়া পাকিস্তানক এক উপযুক্ত শিক্ষা দিয়া ভাৰতীয় সেনাৰ হৈ বুধবাৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত সহস্ৰাধিক লোকে হাতে হাতে দেশৰ স্বাভিমান জাতীয় পতাকাক লৈ ত্ৰিৰংগা যাত্ৰাৰ এক দেশপ্ৰেমমূলক কাৰ্যসূচী গ্ৰহণ কৰে ।

স্বাভিমানী দেশৰ জাতীয় পতাকা হাতে হাতে লৈ মৰিয়নী নগৰ মাজেৰে 'ত্ৰিৰংগা যাত্ৰা' শীৰ্ষক এক বাইক ৰেলী বাহিৰ কৰে আৰু সকলোৱে দেশপ্ৰেমৰ শ্ল'গানেৰে ভাৰতীয় সেনাক সন্মান জনোৱাৰ লগতে বৰ্তমান পৰিস্থিতিত দেশবাসীক দেশপ্ৰেম উদ্বুদ্ধ কৰি তোলা প্ৰয়াস কৰা হয় । ত্ৰিৰংগা যাত্ৰাৰ বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

প্ৰয়োজনত সীমান্তত যুদ্ধ কৰিবলৈ যাবলৈও সাজু ৰূপজ্যোতি কুৰ্মী ! (ETV Bharat Assam)

উক্ত ৰেলীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে কয়,"দেশৰ সেনাক সন্মান জনোৱা অৰ্থে আৰু বৰ্তমান পৰিস্থিতিত দেশবাসীক দেশপ্ৰেম উদ্ধুদ্ধ কৰি তোলাৰ উদ্দেশ্যৰে এই ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । দেশৰ সেনাক প্ৰয়োজনত আমি ৰক্তদান কৰিবলৈ সাজু হৈ আছোঁ । আমি সেয়া ইতিমধ্যে যোগাৰ কৰি ৰাখিছোঁ আৰু ৰক্তদান কৰিবলৈ ওলোৱা লোকৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈ গৈছে । প্ৰয়োজনত সেনাক সহায় বাবে সকলো লোক সদা প্ৰস্তুত হৈ আছে ।"

দৰকাৰে হ'লে সীমান্তত সৈনিক হিচাপে যাবলৈও সাজু থকা কথাও উল্লেখ কৰে বিধায়ক ৰূপজ্যোতিয়ে । আনহাতে এক টেলিফোনিক বাৰ্তালাপত বিধায়ক ৰূপজ্যোতি কুমীয়ে ভাৰতীয় সেনা বাহিনীলৈ তিনি লাখ টকা আগৱঢ়োৱা কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পদক্ষেপক শলাগ লোৱা লগতে কৃতজ্ঞতা প্ৰকাশ কৰে ।

লগতে পঢ়ক: 'প্ৰাসংগিক পাণ্ডুলিপি’ৰে চিন্তাৰ বাট মোকলোৱা উদয়াদিত্য ভৰালীলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' ঘোষণা - PARAG DAS JOURNALIST AWARD

নিৰ্বাচনত সংখ্যালঘুৰ ভোট কিদৰে আদায় কৰে কংগ্ৰেছে ? - MLA RUPAK SARMA ON MINORITY VOTE