ETV Bharat / politics

যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণ কি ? ভাঙি পাতি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - MLA Rupjyoti Kurmi Vs Gaurav Gogoi

MLA Rupjyoti Kurmi : এতিয়া যোৰহাটৰ উন্নয়নক লৈ সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মাজত চলিছে বাকযুদ্ধ । কোনে কিমান উন্নয়নৰ কাম কৰিলে তাক লৈ চলা বাকযুদ্ধই এতিয়া ৰাইজৰ চৰ্চাৰ কেন্দ্ৰবিন্দু ।

Jorhat Lok Sabha constituency
বিধায়ক ৰূপজ্যোতি কুৰ্মী (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 29, 2024 at 10:31 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৯ জুন : যোৰহাটৰ ৰাইজক গৌৰৱ গগৈৰ 'খাটাখাট ফটাফট' এ বিশেষভাৱে আকৰ্ষিত কৰিলে আৰু যাৰ বাবে তেওঁ জয়ী হ'ল । যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ জয়ী হোৱাৰ ব্যাখ্যা এইদৰে কৰিলে বিজেপিৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । শনিবাৰে সংবাদ মাধ্যমৰ আগত বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে গৌৰৱ গগৈয়ে খাটাখাট ফটাফট মাহৰ ৫ তাৰিখে একাউণ্টত ৮৫০০ টকা সোমাব বুলি দিয়া ভুৱা প্ৰতিশ্ৰুতিয়ে ৰাইজক আকৰ্ষিত কৰিলে ।

বিধায়ক ৰূপজ্যোতি কুৰ্মী (ETV BHARAT ASSAM)

গৌৰৱ গগৈৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাইজে ৮৫০০ টকা পালে নে নাই সেয়া ৰাইজে বিচাৰ কৰিব বুলি মন্তব্য় কৰি তেওঁ কয় ," যোৰহাটলৈ আহিলে গৌৰৱ গগৈৰ পৰা সেই পইচা বিচৰা মানুহ ওলাব । " তেওঁ কয় যে ৰাইজে কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি ভাবিছিল আৰু খাটাখাট ফটাফট শব্দবোৰে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল । গৌৰৱ গগৈয়ে ভুৱা প্ৰতিশ্ৰুতি দি যোৰহাটৰ পৰা জয়ী হোৱা বুলি মন্তব্য় কৰি তেওঁ কয় যে সামাজিক মাধ্যমৰো প্ৰভাৱ ঘটিছিল ।

ইফালে, গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ অসমৰ ভয়াৱহ নিবনুৱা আৰু বানপানীৰ সমস্যাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে গৌৰৱ গগৈয়ে মণিপুৰৰ ইচ্ছ্যুটোত বেছিকৈ হাইলাইট পালে । সাংসদ হিচাপে গৌৰৱ গগৈয়ে বিগত পাঁচ বছৰ অসমৰ ভয়াৱহ নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ সমস্যা আৰু বানপানীৰ সমস্যাকলৈ সৰৱ হোৱা নাছিল বুলি তেওঁ কয় । গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ গৈ তেওঁ অসমৰ জ্বলন্ত সমস্যা সমূহৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক:গেলিছে ৰাজপথ, খবৰ নাই বিধায়কৰ : মৰিয়নীত কৃষক মুক্তিৰ প্ৰতিবাদ - Poor Road Condition in Jorhat

নিৰ্বাচনৰ আগত খাটাখাট ফটাফট শব্দই এটা ঢৌৰ সৃষ্টি কৰিলে আৰু সেই ঢৌত গৌৰৱ গগৈ জয়ী হ'ল বুলি তেওঁ কয়। তেওঁ লগতে কয় যে এমাহ নহৌতেই সমষ্টিবাসীয়ে এতিয়া নিজৰ ভুল স্বীকাৰ কৰিছে । আনহাতে, ধুবুৰী আৰু নগাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ লোকে কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰালে বুলি মন্তব্য় কৰি তেওঁ কয় যে যোৰহাটত ভুৱা প্ৰতিশ্ৰুতিৰে গৌৰৱ গগৈ জয়ী হৈছে ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মী-ৰাণা গোস্বামীৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত মাতিছে গৌৰৱ গগৈয়ে ! - Jorhat LS seat results 2024