অধঃপতনৰ চূড়ান্ত শিখৰত কংগ্ৰেছ: দিপ্লুৰঞ্জন শৰ্মা
প্ৰসংগ: সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত আক্ৰমণ । কংগ্ৰেছক চোকা সমালোচনা বিধায়ক তথা প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাৰ । অস্তিত্বৰ সংকটত ভুগিছে কংগ্ৰেছ ।

Published : April 29, 2025 at 12:13 PM IST
নগাঁও : নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকা শিৱামণি বৰাই ধিং সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰ চলাবলৈ গৈ সন্মুখীন হোৱা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্রিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ।
সাংসদগৰাকীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তেই সমগ্ৰ ঘটনাটো এজন বহিষ্কৃত কংগ্ৰেছ নেতাৰ নেতৃত্বত সংঘটিত হোৱা বুলি নগাঁও আৰক্ষীয়ে ৰাজহুৱা কৰাৰ প্ৰসংগ উল্লেখ কৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য, "চামগুৰিত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰে এডভাণ্টজ আছাম বিফল কৰাৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে । এই সন্দেহ মই বিধানসভাতো ব্যক্ত কৰিছিলোঁ । লাহে লাহে এই কথা আজি প্ৰমাণিত হ'বলৈ গৈ আছে ।"
কংগ্ৰেছ দল এতিয়া অস্তিত্বৰ সংকটত ভুগিছে বুলিও কটাক্ষ কৰি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য, “কংগ্ৰেছ দলৰ ভিতৰৰ বিসম্বাদ, প্ৰাৰ্থিত্বৰ নামত বৃহৎ ধনৰ লেনদেন আদিয়ে বিপদত পেলাইছে কংগ্ৰেছ দলক । কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ লাহে লাহে আজি পোহৰলৈ আহিছে ।”
কংগ্ৰেছ দলৰ ভিতৰতেই বিসম্বাদ থকা বুলিও উল্লেখ কৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই কয়, “কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত চলি আছে সাংঘাতিক সংঘাত, গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ মাজত সংঘাত, দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাৰ মাজত সংঘাত । এনে গৃহকন্দলেই কংগ্ৰেছ দলটোক ধ্বংস কৰিছে ।”
কংগ্ৰেছ সম্প্ৰতি অস্তিত্বৰ সংকট ভুগিছে বুলিও কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই । আনকি দলটোৰ মাজতে হোৱা সংঘাত, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বাবেই সম্প্ৰতি কংগ্ৰেছ দল অধঃপতনৰ চূড়ান্ত শিখৰত আৰোহণ কৰা বুলি কংগ্ৰেছক সমালোচনা কৰে বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ।
আনহাতে, বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই অসম কংগ্ৰেছক লৈ কৰা সমালোচনাৰ উত্তৰ অসম প্ৰদেশ কংগ্ৰেছে কিদৰে দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

