ETV Bharat / politics

খোৱাং সমষ্টিত বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়: চক্ৰধৰ গগৈ - PANCHAYAT ELECTION 2025

পঞ্চায়ত নিৰ্বাচনৰ বাবে শক্তিশালী বিৰোধী বিচাৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে । লুৰীণজ্যোতি গগৈক চালানী আখ্যা দি কংগ্ৰেছক দুৰ্বল বুলি ক'লে বিধায়কগৰাকীয়ে ।

MLA Chakradhar Gogoi seeks strong opposition for panchayat Election
পঞ্চায়ত নিৰ্বাচনৰ বাবে শক্তিশালী বিৰোধী বিচাৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 2:22 PM IST

3 Min Read

ডিব্ৰুগড়: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে তৎপৰ হৈছে শাসক বিৰোধী সকলো ৰাজনৈতিক দল । পঞ্চায়ত সংশোধনী আইনৰ জড়িয়তে প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ বাবে দলীয় প্ৰতীক চিহ্ন নথকাকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও আঞ্চলিক আৰু জিলা পৰিষদৰ বাবে দলীয় চিহ্নত অনুষ্ঠিত হ'ব নিৰ্বাচন ।

বহু চৰ্চাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজ্যৰ আন সমষ্টিৰ পঞ্চায়তৰ দৰে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিত কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমান্তৰালভাৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে খোৱাং সমষ্টিত সাজু হৈ উঠিছে বিজেপি দল । প্ৰায় ডেৰ লাখতকৈও অধিক ভোটাৰ থকা সমষ্টিটোত বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে শক্তিশালী বিৰোধী বিচাৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে (ETV Bharat Assam)

সাংগঠনিক দিশত আগবাঢ়ি থকা বিজেপি দলে সমষ্টিটোত আন দলসমূহৰ তুলনাত পঞ্চায়ত নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । খোৱাং সমষ্টিত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত ভাল ফল লাভ কৰিব বুলি দাবী বিধায়ক চক্ৰধৰ গগৈৰ । শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক চক্ৰধৰ গগৈয়ে বহুকেইটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

১৭ খন পঞ্চায়তত কাউন্সিলৰ আৰু ৪ টা জিলা পৰিষদৰ বাবে সাজু বিজেপি:

পঞ্চায়ত নিৰ্বাচনক লৈ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক চক্ৰধৰ গগৈয়ে কয়,"খোৱাং সমষ্টিত প্ৰস্তুতি তুংগত আছে । খোৱাং সমষ্টিত থকা বিজেপিৰ তিনিটা মণ্ডল খোৱাং, লৰুৱা আৰু বৰবৰুৱা মণ্ডলত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । আমি ১৭ খন পঞ্চায়তত কাউন্সিলৰ আৰু ৪ টা জিলা পৰিষদত ৪ জন জিলা পৰিষদ দিবলৈ সাজু হৈছোঁ ।"

তেওঁ লগতে কয়,"ৱাৰ্ড সদস্যৰ বাবে দলীয় প্ৰতীক চিহ্ন নথকাকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও আঞ্চলিক আৰু জিলা পৰিষদৰ বাবে বিজেপি প্ৰাৰ্থী থাকিব । ইতিমধ্যে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে বহুতে তাৰ মাজৰ পৰাই কিছুসংখ্যকে লাভ কৰিব প্ৰাৰ্থিত্ব ।" গ্ৰাম্য অঞ্চলৰ পৰা চাহ বাগিচালৈকে সকলোতে আমাৰ দলীয় কৰ্মীসকলে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । লগতে নতুন পদ্ধতিৰে অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক আদৰণি জনাইছে বিধায়কজনে ।

খোৱাং সমষ্টিত দুৰ্বল বিৰোধী:

খোৱাং সমষ্টিত বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰাক লৈ বিধায়ক চক্ৰধৰ গগৈয়ে কয়,"বিৰোধীৰ দুই এজন থাকিবই । আমি অলপ শক্তিশালী বিৰোধী বিচাৰোঁ । তেতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ভাল সুযোগ লাভ কৰিম । বিৰোধীৰ কিন্ত খোৱাং সমষ্টিত কোনো শক্তি নাই । কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ কোনো বিশেষ শক্তি নাই খোৱাং সমষ্টিত । লোকসভা নিৰ্বাচনত লুৰীণজ্যোতি গগৈক ১৪ হাজাৰ ভোটত খোৱাং সমষ্টিৰ পৰা পৰাভূত কৰিছোঁ । তাৰ পাছত আৰু যিমান শক্তি লগালেও খোৱাং সমষ্টিত বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয় ।"

কংগ্ৰেছ সন্দৰ্ভত তেওঁ কয়,"কংগ্ৰেছৰ দুই এজন লোক আছে যদিও অসম জাতীয় পৰিষদৰ কোনো বিশেষ ভূমিকা নাই খোৱাং সমষ্টিত । লুৰীণজ্যোতি গগৈ তিনিচুকীয়াৰ পৰা খোৱাঙলৈ আহিছে সেয়ে সকলোৱে লোকেল মানুহকহে গুৰুত্ব দিব ।" বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বিধায়কগৰাকীয়ে লগতে কয়,"বিৰোধী দলৰ ভূমিকাই খোৱাং সমষ্টিত কাম নকৰে ।"

লগতে পঢ়ক: ৰাজ্যিক কৰ্মচাৰী-পেন্সনাৰৰ মৰগীয়া বানচ বৃদ্ধি; কেবিনেটে আৰু কি কি ল'লে সিদ্ধান্ত ? - ASSAM CABINET DECISION

ভীষণ মনোকষ্ট পাইছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ! দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা - ASSAM CM APOLOGISES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.