মৰাণ: আজি গৰু বিহু । বাপতি সাহোন গৰু বিহুক লৈ সমগ্ৰ ৰাজ্যতে এতিয়া উখল-মাখল পৰিৱেশ ৷ গাঁৱৰ ৰাইজ একত্ৰিত হৈ গো-ধনক মাহ-হালধিৰে নোৱাই-ধুৱাই গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰি আহিছে । এইবাৰো পৰম্পৰা ৰক্ষা কৰি পুৱাই গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া সকলো ওলাই আহি গৰু বিহু পালন কৰিছে ।
গৰু বিহুৰ দিনটোতে অসমৰ ৰাইজক বিহুৰ ওলগ জনালে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । বিহুৱে জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এনাজৰী আৰু কটকটীয়া কৰিব । লগতে স্বদেশ-স্বজাতিৰ বাবে কাম কৰিবলৈ সকলোকে সংকল্প ল'বলৈ আহ্বান বিধায়কগৰাকীৰ ।
বিৰোধী একত্ৰিত হ'লেও চিন্তিত নহয় বিজেপি
ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে নিজৰ সমৰ্থকক লৈ মনোনয়ন দাখিল কৰিছিল । ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিত শাসক দল বিজেপি মিত্ৰদলৰ সমান্তৰালভাৱে বিৰোধী দলসমূহে একত্ৰিতভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ।
মনোনয়ন দাখিলৰ পাছতে খোৱাং সমষ্টিত বহুকেইজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে । এই সম্পৰ্কত বিধায়ক চক্ৰধৰ গগৈয়ে কয়, "খোৱাং সমষ্টিত থকা চাৰিখন জিলা পৰিষদৰ তিনিখনত বিজেপিৰ প্ৰাৰ্থীৰ লগতে এখন আসনত অগপ দলে প্ৰাৰ্থী দিছে । ইয়াৰে বৰবৰুৱা জিলা পৰিষদত কংগ্ৰেছ দলে প্ৰাৰ্থী দিছিল যদিও মনোনয়ন দাখিল কৰা পাছত তেওঁৰ মনোনয়ন বাতিল হৈছে । ইয়াৰ সমান্তৰালভাৱে প্ৰায় ১৫ জন ৱাৰ্ড সদস্য পদত অৱতীৰ্ণ হোৱা বিজেপিৰ কৰ্মীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে ।"
খোৱাং সমষ্টিত বিৰোধী একত্ৰিত হোৱাক লৈ বিধায়কগৰাকীয়ে কয়, "পূৰ্বেও বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ একত্ৰিত হৈছিল যদিও কোনোধৰণৰ প্ৰভাৱ পৰা নাছিল । লোকসভা নিৰ্বাচনত বিৰোধী একত্ৰিত হোৱাৰ পাছতো খোৱাং সমষ্টিত বিজেপি দলে ১৪ হাজাৰ ভোটত পৰাভূত কৰা হৈছিল । গতিকে অহা দিন কেইটাত বিৰোধীৰ বিৰুদ্ধে কোনো চিন্তা নকৰাকৈ বিৰোধীৰ সৈতে যুঁজি জয়লাভ কৰিবলৈ সক্ষম হ'ম । ইতিমধ্যে ইয়াৰ প্ৰস্তুতি কৰা হৈছে । বিজেপি দলে সংগঠিতভাৱে কাম কৰি আছো ।"
লগতে পঢ়ক: শিক্ষাগত অৰ্হতাক লৈ বিসংগতি; বিজেপি নেতাৰ পত্নীৰ মনোনয়ন নাকচ - PANCHAYAT ELECTION 2025