ETV Bharat / politics

লখিমপুৰলৈ আহি লুৰীণজ্যোতি মৰিব বিচাৰিছে নেকি; বিধায়ক ভূৱন পেগু - Assam BJP

Loksabh Election 2024: বিৰোধীক কটাক্ষ বিজেপিৰ অসম প্ৰদেশ কমিটিৰ মুখপাত্ৰ ভূৱন পেগুৰ ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাক তীক্ষ্ণ ভাষাৰে সমালোচনা পেগুৰ ৷ সংবাদ মাধ্যমযোগে লুৰীণজ্যোতি গগৈক উদ্দেশ্যি পৰামৰ্শ আগবঢ়ালে পেগুয়ে ৷

Loksabh Election 2024
লখিমপুৰলৈ আহি লুৰীণজ্যোতি মৰিব বিছাৰিছে নেকি; বিধায়ক ভূৱন পেগু
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 9:29 AM IST

2 Min Read
লখিমপুৰলৈ আহি লুৰীণজ্যোতি মৰিব বিছাৰিছে নেকি; বিধায়ক ভূৱন পেগু

জোনাই, 6 মাৰ্চ: লোকসভাৰ নিৰ্বাচন কাষ যিমানেই চাপিছে সিমানেই বৃদ্ধি হৈছে শাসক-বিৰোধীৰ মাজত কথাৰ কটাকটি ৷ শেহতীয়াকৈ লখিমপুৰত অজাপৰ লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিব বিচৰা বুলি ওলোৱা চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জোনাইৰ বিধায়ক তথা বিজেপিৰ অসম প্ৰদেশ কমিটিৰ মুখপাত্ৰ ভূৱন পেগুয়ে ৷

ভূৱন পেগুয়ে কয়, "বিৰোধী প্ৰাৰ্থীসকল এতিয়া গৰম পাত্ৰত অৱস্থান কৰি আছে ৷ লুৰীণজ্যোতি ডিব্ৰুগড়ৰ পৰা ক’লৈ যাব, ভাল ঠাইলৈ গ’লে ভালেই হ'ব । তেওঁ ধুবুৰী অথবা তেনেকুৱা বাংলাদেশী মূলৰ মিঞা জোড়ো যাত্ৰা কৰা ঠাইলৈ যাওঁক । লখিমপুৰলৈ আহি তেওঁ মৰিব বিচাৰিছে নেকি ? যোৱাবাৰ দুটাকৈ সমষ্টিত নিৰ্বাচন খেলি তৃতীয় স্থানত আছিল । লখিমপুৰত খেলিলে লুৰীণজ্যোতিৰ কেৰিয়াৰ সম্পূৰ্ণ শেষ হৈ যাব । পঞ্চায়ত খেলাৰো যে যোগ্যতা নাই সেয়া ৰাইজে গম পাই যাব ।"

ইয়াৰ লগতে, বিৰোধী ঐক্য মানে কি বুলি কটাক্ষ কৰি পেগুৱে কয়, "কংগ্ৰেছে উলিওৱা ভাৰত জোড়ো ন্যায় যাত্ৰাই ভূমিপুত্ৰ, খিলঞ্জীয়া থকা অঞ্চলত কোনো সঁহাৰিয়ে নেপালে । কেৱল মাত্ৰ ধুবুৰী ফালেহে গুৰুত্ব পালে আৰু শেষত গৈ বাংলাদেশী মূলৰ মিঞা জোড়ো যাত্ৰা হ'লগৈ ৷ সৰ্বভাৰতীয় পৰ্যায়ৰ সমীক্ষাত দেশৰ ভিতৰতে প্ৰথমত থকা লখিমপুৰ লোকসভা সমষ্টিত বিৰোধীয়ে বহু ভোট কেন্দ্ৰত শূণ্য মাৰিব ৷ এইবাৰ পুনৰ 400 প্লাছ আসন লৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব ।"

প্ৰদান বৰুৱাক লখিমপুৰত পুনৰ বিজেপিৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতি কৃতজ্ঞতা জনায় জোনাইৰ বিধায়ক তথা বিজেপিৰ অসম প্ৰদেশ কমিটিৰ মুখপাত্ৰ ভূৱন পেগুয়ে ৷

লগতে পঢ়ক: গুৱাহাটী লোকসভা সমষ্টিত মহিলা প্ৰাৰ্থী; কি বিচাৰে নাৰী সমাজে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.