ETV Bharat / politics

ভৰত নৰহ‌ৰ কংগ্ৰেছ ত্যাগ; একে পথৰে পথিক হ’ব নেকি টিকট বঞ্চিত পত্নী ৰাণী ? - Bharat Chandra Narah quits Congress

MLA Bharat Chandra Narah quits Congress: কংগ্ৰেছ ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ভৰত চন্দ্ৰ নৰহে ৷ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰিছিল নাওবৈচাৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷

MLA Bharat Chandra Narah quits Congress after wife fails to get Lok Sabha ticket
ভৰত নৰহ‌ৰ কংগ্ৰেছ ত্যাগ, একে পথৰে পথিক হ’ব নেকি টিকট বঞ্চিত পত্নী ৰাণী
author img

By ETV Bharat Assamese Team

Published : March 25, 2024 at 12:32 PM IST

|

Updated : March 25, 2024 at 12:44 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 25 মাৰ্চ : দলত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমত কংগ্ৰেছ দলত পুনৰ ই এক মোক্ষম আঘাত হিচাবে বিবেচিত হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণাৰ পিছদিনাই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰিলে নাওবৈচাৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷ ইয়াৰ পিচতে সোমবাৰে হঠাৎ কংগ্ৰেছ দলৰ পৰাই পদত্যাগ কৰে নৰহে ।

MLA Bharat Chandra Narah quits Congress after wife fails to get Lok Sabha ticket
ভৰত নৰহ‌ৰ কংগ্ৰেছ ত্যাগ, একে পথৰে পথিক হ’ব নেকি টিকট বঞ্চিত পত্নী ৰাণী

নৰহে কোনো কাৰণ উল্লেখ নকৰাকৈ কংগ্ৰেছৰ‌ সভাপতি মল্লিকাৰ্জুনলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । লোকসভা নিৰ্বাচন একেবাৰে চমু চাপি অহাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নাওবৈচা সমষ্টিৰ বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে সোমবাৰে হঠাৎ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা বিষয়ে কংগ্ৰেছ দলত খলকনি তুলিছে ।

লখিমপুৰ সমষ্টিত টিকট লাভৰ পৰা ভৰত নৰহৰ পত্নী ৰাণী নৰহ বঞ্চিত হোৱাৰ বাবেই ক্ষোভিত হৈ ভৰত নৰহে কংগ্ৰেছ দলৰ পৰা‌ পদত্যাগ কৰা বুলি চৰ্চা চলিছে । এই সন্দৰ্ভত মতামত গ্ৰহণৰ বাবে যোগাযোগ কৰা হৈছিল যদিও ভৰত নৰহে কোনোধৰণৰ মন্তব্য দিয়াৰ‌ পৰা‌ বিৰত থাকে ।

ইফালে ৰাণী নৰহে টিকটৰ বাবে নতুন দিল্লীত হাইকমাণ্ডৰে সৈতে কেইবাবাৰো উঠা-বহা কৰাৰ পিচতো অতি বিলম্বিতভাৱে হ’লেও, কংগ্ৰেছ‌ হাইকামাণ্ডে শনিবাৰৰ নিশা লখিমপুৰ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰিছিল । ইয়াৰ পিচতে হঠাৎ দেওবাৰে নৰহে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰি বিদ্ৰোহ ঘোষণা কৰে ।

উল্লেখ্য যে, লখিমপুৰ সমষ্টিৰ বাবে 27 মাৰ্চ হ’ল মনোনয়ন দাখিলৰ শেষ দিন ৷ জানিব পৰা মতে, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং দুয়োৱেই আছিল উদয় শংকৰ হাজৰিকাক লখিমপুৰত প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে ।

ৰাণী নৰহ আৰু তেওঁৰ স্বামী ভৰত নৰহে লখিমপুৰ-ধেমাজিত প্ৰায় কেইবা দশক জুৰি কংগ্ৰেছৰ ৰাজনীতি নিজৰ মতে পৰিচালনা কৰি আহিছিল । পত্নী ৰাণী নৰহে স্বামী ভৰত নৰহক ৰাজনীতিৰ পথাৰলৈ লৈ আনিছিল । ভৰত নৰহৰ‌ পিচত ৰাণী নৰহেও কংগ্ৰেছ ত্যাগ কৰিব নেকি জাতীয় প্ৰশ্নই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লভা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : টিকটৰ পৰা বঞ্চিত পত্নী : প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগ ত্যাগ ভৰত নৰহৰ

Last Updated : March 25, 2024 at 12:44 PM IST