ETV Bharat / politics

বাঘ মানুহৰ ঘৰত সোমোৱা নাই, মানুহ বাঘৰ ঘৰত সোমাইছে ! উপলব্ধি এজন জনপ্ৰতিনিধিৰ

কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগক লৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ সংবাদমেল । বাঘৰ আক্ৰমণৰ পৰা চীনৰ নদীবান্ধ প্ৰসংগকলৈয়ো সৰৱ হৈ পৰে বিধায়কগৰাকী ।

MLA Atul Bora advocates ban on mobile use by children below 16 years of age
দিছপুৰৰ বিধায়ক অতুল বৰাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2024 at 6:21 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বৰ্তমান ৰাজ্যৰ চৌদিশে বাঘৰ সন্ত্ৰাস । শেহতীয়াকৈ গুৱাহাটী মহানগৰীতো বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি বাঘে সৃষ্টি কৰিছে সন্ত্ৰাসৰ । তেনে এক সময়তে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই বাঘৰ পৰা পৰিত্ৰাণ পাবলৈ আগবঢ়াইছে এক নতুন কৌশলৰ ধাৰণা ।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ জুৰিপাৰত শনিবাৰে বৰাই এক সংবাদমেল সম্বোধন কৰি বাঘৰ আক্ৰমণৰ পৰা বাচিবলৈ এই নতুন কৌশলৰ বিষয়ে অৱগত কৰে ।

দিছপুৰৰ বিধায়ক অতুল বৰাৰ সংবাদমেল (ETV Bharat Assam)

বিধায়কগৰাকীয়ে সংবাদমেলত এখন বিশেষ মুখা দেখুৱাই বাঘৰ পৰা নিজকে সুৰক্ষিত কৰাৰ কৌশলৰ অৱগত কৰি কয়,"বাঘে সদায় পিছফালৰ পৰা আক্ৰমণ কৰে, আগফালৰ পৰা নকৰে । সেয়েহে যদিহে বাঘৰ আক্ৰমণৰ শংকা থকা অঞ্চলৰ মানুহে পিছফালে এখনকৈ মুখা পিন্ধি লয় তেতিয়া বাঘৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব ।" আনহাতে শেহতীয়াকৈ গুৱাহাটী মহানগৰীতো বাঘৰ বিচৰণ বৃদ্ধি হোৱা বিষয়ক লৈ তেওঁ কয়,"বাঘ মানুহৰ ঘৰত সোমোৱা নাই, মানুহ বাঘৰ ঘৰত সোমাইছে । হাবি-জংঘল কাটি, পাহাৰ কাটি মানুহ বাঘৰ ঘৰত সোমাইছে । সেয়ে গুৱাহাটীত বাঘ ওলাইছে ।"

তাৰোপৰি চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনক সমালোচনা কৰি তেওঁ কয়,"বৰ্তমান ৰাজ্যৰ সকলো প্ৰান্ততে হাতী-মানুহৰ সংঘাত । চৰকাৰে যদি অমৃত বৃক্ষ আন্দোলনৰ নামত এক কোটি গছ ৰোপণ নকৰি বনৰীয়া হাতীৰ উপদ্ৰৱ কমাবলৈ চৰকাৰী মাটিত কলগছ, কুঁহিয়াৰ আদি খেতি কৰিলেহেতেন এই সমস্যাৰ সমাধান কৰিব পাৰিলেহেতেন ।"

১৬ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত নিষিদ্ধ কৰিব লাগে ম'বাইল:

সংবাদমেলত ১৬ বছৰ বয়সৰ তলৰ ল'ৰা-ছোৱালী বাবে ম'বাইল ব্যৱহাৰ নিষিদ্ধ কৰিব লাগে বুলিও তেওঁ চৰকাৰলৈ আহ্বান জনায় । এই সম্পৰ্কত তেওঁ কয়,"কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়াৰ সংসদত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । নতুন প্ৰজন্মক ম'বাইলৰ আসক্তিৰ পৰা বচাবলৈ ১৬ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছে ম'বাইলৰ ব্যৱহাৰ । ভাৰতৰ সংসদতো অষ্ট্ৰেলিয়াৰ দৰে ব্যৱস্থা কৰিব লাগে । যাতে ১৬ বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে ম'বাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে । এতিয়া ল'ৰা-ছোৱালীয়ে খেলা-ধূলা কমকৈ কৰে । মোবাইলেই মাই বাপ, মোবাইলেই সৰ্বস্ব ।"

চীনৰ নদীবান্ধ প্ৰসংগত বিধায়ক বৰা:

আনহাতে চীনৰ নদীবান্ধক লৈও সৰৱ হৈ পৰে অতুল বৰা । তেওঁ লগতে কয়,"চীনৰ নদীবান্ধৰ ফলত অসমখন শুকাই শেষ হৈ যাব । নৈ-পৰীয়া ৰাইজৰ বিপদ আহি আছে । চীনৰ বৃহৎ নদীবান্ধৰ ফলত অসম বেছিকৈ ক্ষতিগ্ৰস্ত হ'ব । চৰকাৰে কথাটো গুৰুত্ব দিয়া উচিত ।"

ভূ-মাফিয়াই টিকট পোৱা প্ৰসংগ:

সংবাদমেলত ভূ-মাফিয়াৰ বিৰুদ্ধেও সৰৱ হৈ পৰে দিছপুৰৰ বিধায়কগৰাকী । এই সম্পৰ্কত তেওঁ কয়,"ভূ-মাফিয়াই টিকট পোৱাটো বা বিধায়ক হোৱাটো অতুল বৰাই কেতিয়াও বিচৰা নাই আৰু নিবিচাৰে । সোণাপুৰৰ ৬ বিঘা মাটিত কোনে মাফিয়াগিৰি কৰিছিল ? বিহালীৰ পৰা টিকট লাভ কৰি বিধায়ক হ'ম বুলিও ভাবুকি দিছিল সেই ভূ-মাফিয়াই । সময়ত ক'ম সকলো । মাফিয়া, ছিণ্ডিকেট আদিয়ে অসমখন শেষ কৰিছে । ছিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে যদি কাৰোবাক গুলী কৰি মাৰি দিয়ে তেন্তে আটাইতকৈ সুখী মই হ'ম ।"

লগতে পঢ়ক: গ্ৰামাঞ্চলত কাম নকৰে IAS বিষয়াৰ ডাক্তৰ কন্যাই : সৰৱ বিজেপি বিধায়ক অতুল বৰা - MLA Atul Bora - MLA ATUL BORA

মঙলবৰীয়া ব্ৰত ভংগ কৰি বিধায়ক অতুল বৰাই সপৰিয়ালে সাব্য়স্ত কৰিলে ভোটাধিকাৰ - Lok Sabha election 2024 - LOK SABHA ELECTION 2024