ETV Bharat / politics

শৃংখল পঢ়া-শুনা নকৰা, বিষয়বস্তুৰ জ্ঞান নথকা, উটি-ভাঁহি ফুৰা ল’ৰা: অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডাক শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ লৈছে নেকি ? ২০২৬ ৰ নিৰ্বাচনত অখিল গগৈক আঁতৰোৱাৰ ষড়যন্ত্ৰ ৰচিছে কোনে ? পঢ়ক এই প্ৰতিবেদন ।

MLA Akhil Gogoi slams Srinkhal Chaliha in a press conference in Kaziranga
সংবাদমেলত শৃংখল চলিহাক সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 9:39 AM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা: শৃংখল চলিহা সন্দৰ্ভত এক অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে । মুখ্যমন্ত্ৰীৰ এজেণ্ডাকে শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ লোৱা বুলি তীব্ৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে । কাজিৰঙাত এখন সংবাদমেল সম্বোধন কৰি শৃংখল চলিহা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা দিয়ে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।

শেহতীয়া পৰিস্থিতি আৰু শৃংখল চলিহাই শিৱসাগৰত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত বহনকাৰী মন্তব্য কৰাৰ সন্দৰ্ভত গগৈয়ে কয়, "শৃংখল চলিহা এজন পঢ়া-শুনা নকৰা, বিষয়-বস্তুৰ ওপৰত জ্ঞান নথকা, উটি-ভাঁহি ফুৰা ল’ৰা । নিজৰ কামৰ জৰিয়তে চৰকাৰক সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱন-জীৱিকা হিচাপে লোৱা ৷ শৃংখল চলিহাক হিন্দু-মুছলমানৰ কাজিয়া লগাবৰ কাৰণে পৃষ্ঠপোষকতা কৰা হৈছে । যি আন্দোলনৰ কথা কোৱা হৈছে, এয়া আন্দোলন নহয় নৈৰাজ্যবাদ ৷"

সংবাদমেলত শৃংখল চলিহাক সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)

তেওঁ কয়, "২০২১ চনৰ পৰা এতিয়ালৈকে বিধানসভাত তেওঁ আটাইতকৈ বেছি বিৰোধিতা কৰিলে, চৰকাৰক জবাবদিহি কৰিলে ৷ তেওঁৰ যুক্তিৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাৰ থিয় হ’বলৈ অসুবিধা হয় । গতিকে ২০২৬ চনত যিকোনো প্ৰকাৰে অখিল গগৈক বিধানসভালৈ পঠিয়াব নালাগে ৷ এয়া হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা আৰু এই এজেণ্ডাকে শৃংখল চলিহাই কাৰ্যকৰী কৰিবলৈ গৈছে, সেয়া খাটাং আৰু সেইবাবেই শৃংখল চলিহাই শিৱসাগৰত ব্যাপক ৰাজনৈতিক পৰিৱৰ্তন হ’ব বুলি কৈ ফুৰিছে ৷"

গগৈয়ে লগতে প্ৰকাশ কৰে, "শৃংখলে শিৱসাগৰক গগৈৰ হাতৰ পৰা আঁতৰাই বিজেপি আৰ এছ এছৰ হাতত তুলি দিবলৈ চেষ্টা কৰিছে ৷ অসমৰ দুধৰ্ষ সন্ত্ৰাসবাদী, ছালফা এজনৰ হাতলৈ শিৱসাগৰখন গতাই দিয়াৰ চেষ্টা চলাইছে । যাতে দুয়ো মিলি ধমকি দি ব্যৱসায়ীবিলাকৰ পৰা ধন সংগ্ৰহ কৰিব পাৰে ৷"

ইয়াৰোপৰি অখিল গগৈয়ে কয়, "মই কেতিয়াও মিঞা প্ৰীতি নেদেখুৱাও, মানুহ প্ৰীতি দেখুৱাও ৷ কোনোবা শ্ৰমজীৱি মানুহ যদি বিপদত পৰে, তেওঁ যদি ভাৰতীয় নাগৰিক হয়, কাৰো অনুমতি নোলোৱাকৈ, কালৈকো কেৰেপ নকৰি সহায় কৰিবলৈ অখিল গগৈ সদায় প্ৰস্তুত । কিন্তু কোনো মিঞা, বিদেশী অথবা ধৰ্মৰ প্ৰতি চুলিডালৰ সমানো সহানুভূতি নাই ৷ মানুহ হিচাপে মই কোমল অন্তৰৰ আৰু সংগ্ৰামী মানুহ হিচাপে নিশ্চয় অসমৰ আটাইতকৈ কঠিন মানুহ ৷"

লগতে পঢ়ক: ঋণৰ পিছত ঋণ লৈছে চৰকাৰে; আদালতক নজৰ দিবলৈ আহ্বান জনালে দেৱব্ৰত শইকীয়াই - DEBABRATA SAIKIA

ৰাজ্যত আইন-শৃংখলাৰ চূড়ান্ত অৱনতি: মুখ্যমন্ত্ৰীক বৰ্খাস্ত-ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ - CONGRESS LEADER RIPUN BORA