মুখ্যমন্ত্ৰী বাদ দি গেৰুৱা বসন পিন্ধক: অখিল গগৈ- MLA Akhil Gogoi
হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সলনি গেৰুৱা বসন পিন্ধি মন্দিৰৰ পূজাৰী হ'বলৈ পৰামৰ্শ বিধায়ক অখিল গগৈৰ ।

Published : December 12, 2024 at 8:59 PM IST
মৰাণ : অখিল গগৈ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ তুংগত উঠিছে । বুধবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে অখিল গগৈয়ে বাংলাদেশৰ নিৰ্যাতিত হিন্দুসকলৰ বাবে এটোপাল চকুলো পেলাব লাগে । অখিল গগৈৰ দৰে বামপন্থীসকল হিন্দুবিৰোধী । অখিলে বাংলাদেশৰ হিন্দুৰ দুৰ্দশাৰ সময়তো এষাৰ মাত নিদিলে ।
অখিল গগৈক এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰাৰ পাছতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে ওলোটাই সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে । চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত ৰাইজৰ দলৰ এক ৰাজনৈতিক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ এৰিলে তীব্ৰ বাক্যবাণ ।
হিমন্ত বিশ্ব শৰ্মাই এতিয়া সকলোতে হিন্দুত্ববাদ দেখা বুলি মন্তব্য কৰাৰ লগতে তেওঁক অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সলনি গেৰুৱা বসন পিন্ধি মন্দিৰৰ পূজাৰী হোৱাৰ পৰামৰ্শ দিয়ে অখিল গগৈয়ে ।
মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ হিন্দুৰ দুৰ্দশাৰ সময়তো অখিল গগৈয়ে এষাৰো মাত নিদিলে বুলি কোৱাৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়ে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দল আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে মোক হিন্দুবিৰোধী বুলি কৈছে । হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ মানুহৰ মুখ্যমন্ত্ৰী নহয়, হিমন্ত বিশ্ব শৰ্মা এতিয়া হিন্দুৰ মুখ্যমন্ত্ৰী । কিন্তু আমি অসমৰ ৰাজনৈতিক দল হিচাপে অসমৰ যিমান জাতি-ধৰ্মৰ লোক আছে সকলোৰে প্ৰতিনিধি । হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ মুখ্যমন্ত্ৰী নহয় । উত্তৰপ্ৰদেশ, হাৰিয়ানা, গুজৰাটৰ দৰে হিন্দু হিন্দু কৰি থকা ঠাইবিলাকৰ মানুহৰ প্ৰতিনিধি । মুখ্যমন্ত্ৰীয়ে সকলো বস্তুতেই হিন্দু হিন্দু দেখি থাকে ।"
তেওঁ লগতে কয়, "হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু নিৰ্যাতন হোৱা দেখা পায়, কিন্তু বিজেপিয়ে বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক যে সংখ্যালঘু কৰিব বিচাৰিছে সেয়া দেখা নাপায় । মুখ্যমন্ত্ৰীৰ এতিয়া উন্নয়নৰ কথা ভাবিবলৈ সময় নাই, সকলোতে কেৱল হিন্দু হিন্দু দেখি থাকে ।"
সেয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সলনি গেৰুৱা বসন পিন্ধি মন্দিৰৰ পূজাৰী হোৱাৰ পৰামৰ্শ অখিল গগৈৰ ।

