ETV Bharat / politics

মুখ্যমন্ত্ৰী এজনৰ কাম ম'বাইল ফোন দিয়া নেকি ? অখিল গগৈৰ প্ৰশ্ন

শিৱসাগত নিৰ্বাচনী প্ৰচাৰত বিধায়ক অখিল গগৈ । বিজেপিক কঠোৰ সমালোচনা ।

MLA Akhil Gogoi campaigning for panchayat Election in Amguri
শিৱসাগত নিৰ্বাচনী প্ৰচাৰত বিধায়ক অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 2:14 PM IST

3 Min Read
Choose ETV Bharat

আমগুৰি: ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । নাচি-বাগি আনন্দত মতলীয়া হৈ ৰাজনৈতিক দলবিলাকে জনসাধাৰণৰ কাষ চাপিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে । শিৱসাগৰ সমষ্টিৰ আমগুৰিতো নিৰ্বাচনী প্ৰচাৰত হাতীৰে সম্ভাষণ ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক । নাচি বাগি ৰাইজে শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত আমগুৰিৰ দিকচুত অখিল গগৈক আদৰণি জনায় ।

দলটোৰ মনোনীত প্ৰাৰ্থীৰ লগতে বিধায়ক অখিল গগৈয়ে বিহু নাচি, নামঘৰত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ইয়াৰ মাজতে সাংবাদিকৰ আগত গগৈয়ে কয়, "শাসক পক্ষ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ ভীষণ ভয় খাইছে । ভয় খোৱাৰ কাৰণে হেলিকপ্টাৰ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে সমষ্টিয়ে সমষ্টিয়ে আহিবলগীয়া হৈছে । যদি তেওঁলোকে ইমানেই উন্নয়ন কৰিছিলে তেওঁলোক মানুহৰ সন্মুখলৈ আহিবই নালাগে, মানুহে এনেই ভোট দিলেহেতেন । পঞ্চায়ত নিৰ্বাচনহে । সাধাৰণতে চৰকাৰী পক্ষকেই ভোট দিয়ে । কিন্তু, তাৰ পিছতো বিজেপিয়ে ইমান ভয় খাবলগীয়া হৈছে কিয় ? কাৰণ সকলোৱে জানে যে অসমত এই মুহূৰ্তত বিজেপি চৰকাৰক খেদিবৰ কাৰণে মানুহ সাজু হৈছে, বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু কোনোপধ্যেই মানুহে বিজেপিক নিবিচাৰে ।"

শিৱসাগত নিৰ্বাচনী প্ৰচাৰত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে মহিলাক ম'বাইল ফোন দিয়াৰ প্ৰসংগত কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনত হাৰিম বুলি ভাবি আকৌ মহিলাসকলক এটা টোপ দিছে যে আপোনালোকক মোৰ জীৱনত এটা ম'বাইল ফোন দিবলৈ বৰ মন আছে । মুখ্যমন্ত্ৰী এজনৰ কাম ম'বাইল ফোন দিয়া নেকি ? মুখ্যমন্ত্ৰীৰ কাম মানুহক কৰ্ম-সংস্থাপন দিয়া । মুখ্যমন্ত্ৰীৰ কাম অসমৰ প্ৰত্যেকগৰাকী মহিলা, প্ৰত্যেকগৰাকী যুৱতীৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা । সেই কাম কৰিব নোৱাৰি এটা মাত্ৰ ম'বাইল ফোন দিম আৰু তাৰ জৰিয়তে ভোট কিনিম, সেইবুলি কোৱাটো এজন মুখ্যমন্ত্ৰীৰ বাবে অতি লজ্জাৰ বিষয় ।"

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি তেওঁ লগতে কয়, "লোকসভা নিৰ্বাচনৰ সময়ত এইজন মুখ্যমন্ত্ৰীয়ে কৈছিল যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় দিব । তেওঁৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল ? শিৱসাগৰ বিধানসভা সমষ্টিত ৪২ হাজাৰ মানুহে এইবাৰ ৰেচন কাৰ্ড লৈ তেওঁলোকে আবেদন কৰিছিল অৰুণোদয়ৰ কাৰণে । আমাৰ কাৰণে অনুমোদন জনালে মাত্ৰ ২৮ হাজাৰ । আধাসংখ্যক মানুহকে আমি অৰুণোদয় দিব নোৱাৰো । এয়া কি হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ টকা নেকি ?"

বিৰোধী ঐক্য মঞ্চ প্ৰসংগত বিধায়ক অখিল গগৈয়ে কয়, "আমি ৰাইজৰ দলে খুব আন্তৰিকতাৰে ঐক্য মঞ্চটো বিচাৰিছিলো বিজেপিক হৰুৱাবলৈ । নহ'ল কাৰণে অকণমান সমালোচনা কৰিলো তাৰ বাহিৰে আন একো নাই । ৰাইজৰ দল, কংগ্ৰেছ আমি সকলোৱে মিলি বিজেপিক হৰুৱাব লাগিব । ২০২৬ ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত নুটুৱালে অসমৰ মানুহ বাচি থাকিব নোৱাৰে । গতিকে সকলোৱে মিলি ২০২৬ ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাব লাগিব । যিহেতু ২০২৬ ত বিজেপি চৰকাৰ যাবই, গতিকে এতিয়া বিজেপিক ভোট দি কোনো লাভ নাই । গতিকে আমাৰ ৰাইজৰ দলৰ য'ত প্ৰাৰ্থী নাই, তাত কংগ্ৰেছ দলক ভোট দিয়ক মই তাৰেই আহ্বান জনাইছো ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ - LURIN JYOTI GOGOI ON CM

হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভিতৰত কিতাপ লিখিব লাগিব : ভূপেন বৰা - ASSAM PANCHAYAT ELECTION 2025