গুৱাহাটী : পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যাদুকৰী চমৎকাৰ । বিৰোধীৰ মুখথেকেচা । পঞ্চায়ত যদি ছেমিফাইনেল, ফাইনেল হ’ব বিধানসভা নিৰ্বাচন ।
“সংখ্যালঘু মহিলাই ২০২৬ত কংগ্ৰেছক ভোট নিদিয়ে । লাহে লাহে সংখ্যালঘু এলেকাত ভোট বাঢ়িছে বিজেপিৰ ৷” পঞ্চায়ত নিৰ্বাচনত বৃহৎ বিজয়ৰ পিছত দৃঢ়তা বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মঙলবাৰে মুখ্যমন্ত্ৰীয়ে কৰে এই মন্তব্য ।
“হিন্দু মানুহ থকা এখনো আসন পোৱা নাই কংগ্ৰেছে । আনহাতে সংখ্যালঘু এলেকাত বাঢ়িছে বিজেপিৰ ভোট ৷ বিশেষকৈ সংখ্যালঘু মহিলাই ভোট দিবলৈ ওলাই আহিছে বিজেপিক ৷” এই বুলি কয় মুখ্যমন্ত্ৰীয়ে । সেয়ে সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ১০৫ খন আসনত নিশ্চিত জয়ৰ বাবে যুঁজ দিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
ভবাতকৈ ভাল ফলাফল হৈছে বিজেপিৰ :
“এতিয়াৰ ফলাফলৰ মতে বিজেপিয়ে ১০৫ আসন লাভ কৰিব বিধানসভাত । লোকসভা নিৰ্বাচনৰ পিছত কোনো নতুন আঁচনি দিব পৰা নাই, ঘোষণাতে মানুহে বিশ্বাস কৰি ভোট দিছে অহা মাহৰ পৰা যেতিয়া ঘোষণাসমূহ কাৰ্যকৰী হ’ব, তাৰ ফলাফল আৰু যোগাত্মক হ’ব ।” এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লাখপতি বাইদেউ, অৰুণোদয়, মুখ্যমন্ত্ৰীৰ স্বনিয়োজন আঁচনি আদিৰ কথা উল্লেখ কৰি ২০২৬ৰ নিৰ্বাচনত যে কেইবা হাজাৰ কোটিটকীয়া হিতাধিকাৰী আঁচনিৰসমূহে যে যাদুকৰী কাম কৰিব, তাক লৈ ১০০ শতাংশ আত্মবিশ্বাসী হিমন্ত বিশ্ব শৰ্মা ।
“কথাত বিশ্বাস কৰি ইমান ভাল ফলাফল দিছে ৰাইজে, কামবোৰ কৰিবলৈ ল'লে আৰু বেছি ভাল ফলাফল আহিব ।” এই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে মিত্ৰতা প্ৰসংগ উত্থাপন কৰি ক’লে যে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ মিত্ৰতাই সাধন কৰা সফলতাৰ কথা ।
মুখ্যমন্ত্ৰীয়ে কয়, “এইবাৰ AGP, ৰাভা যৌথ সংগ্ৰাম পৰিষদ, গণ শক্তিৰ সৈতে খুব সুন্দৰকৈ মিত্ৰতা হৈছে । আপোনালোকেতো জানেই এইবাৰ মিত্ৰতাৰ সময়ত মই চাৰিদিন দেশৰ বাহিৰত ভ্ৰমণত আছিলো । আনকি টিকট বিতৰণৰ ক্ষেত্ৰতো কোনো অসুবিধা নহ'ল NDA ৰ । বিধানসভা নিৰ্বাচনতো মিত্ৰতাই অনুৰূপ কাম কৰিব ৷”
আনহাতে মুখ্যমন্ত্ৰীৰ মঙলবাৰে ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সংবাদমেলত ঘোষণা যে শীঘ্ৰেই গুৱাহাটীত অনুষ্ঠিত হ'ব পঞ্চায়ত সন্মিলন, কেন্দ্ৰীয় নেতৃত্ব আহিব ইয়ালৈ । পঞ্চায়ত বিজয়ী প্ৰাৰ্থীসকলক লৈ অনুষ্ঠিত হ’ব এই সন্মিলন । প্ৰশিক্ষণ দিয়া হ’ব পঞ্চায়তৰ প্ৰতিনিধিসকলক । সংবাদমেলত বিজেপি মিত্ৰজোঁটৰ সকলো পঞ্চায়ত প্ৰতিনিধিকে ৰাইজৰ সেৱাৰ বাবে কাম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।