ETV Bharat / politics

মন্ত্ৰী-বিধায়কৰ বাবে অগ্নিপৰীক্ষা পঞ্চায়ত নির্বাচন: গাঁৱে গাঁৱে প্ৰচাৰ অভিযান, বৈঠকৰ পাছত বৈঠক

বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ এটা বছৰ থকাৰ সময়তে নতুন ৰূপত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নির্বাচন সকলো দলৰ বাবেই ছেমি ফাইনেল সদৃশ হৈ পৰিছে ।

PANCHAYAT ELECTIONS 2025
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া প্ৰচাৰ অভিযান মন্ত্ৰী-বিধায়ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 11:23 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ব'হাগ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতেই ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে । প্ৰথমবাৰৰ বাবে নতুন ৰূপত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী । অসমীয়া নতুন বছৰত নতুন চাৰিসীমাৰে অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীক চিহ্ন । অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীক চিহ্ন থাকিব ।

আনহাতে ই ভি এমৰ অভাৱত পূৰ্বৰ দৰেই এইবাৰো বেলট পেপাৰেৰেই নির্বাচন অনুষ্ঠিত হ'ব । শাসকীয় দল বিজেপিয়ে নতুন ৰূপত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ১০০ শতাংশ পঞ্চায়ত দখলৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি হাতে-কামে লাগি পৰিছে । ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই পঞ্চায়ত নিৰ্বাচনক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে গণ্য কৰিবলৈ দলীয় নেতাসকলক নির্দেশ দিছে । লগতে প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক আৰু জিলা পৰ্যায়ৰ নেতাক ২৪ ঘণ্টাই গাঁৱত সময় কটোৱাৰ বাবে নির্দেশ দিছে ।

panchayat elections 2025
গাঁৱে গাঁৱে প্ৰচাৰ অভিযান মন্ত্ৰী-বিধায়কৰ (ETV Bharat Assam)

লক্ষণীয় বিষয় যে পঞ্চায়ত দখলৰ বিষয়টোৰ সৈতে বিধানসভাৰ নিৰ্বাচনত বিধায়কসকলৰ প্রার্থিত্বৰ কথাও জড়িত হৈ আছে । নিজ নিজ সমষ্টিত সর্বাধিক পঞ্চায়ত দখলত যিসকল বিধায়ক ব্যৰ্থ হ'ব তেওঁলোকে দলীয় প্রার্থিত্ব লাভ নকৰিব বুলিও ইতিমধ্যে সকীয়াই দিয়া হৈছে । আনহাতে প্ৰতিগৰাকী দলীয় নেতাকে ৰাইজৰ কাষলৈ তেওঁলোকৰ সমস্যা, খং-ক্ষোভৰ বুজ লোৱাৰ বাবেও নির্দেশ দিয়া হৈছে । একেদৰে কথা কোৱাৰ ক্ষেত্ৰত সংযম হোৱাৰ লগতে নেতাসকলক ৰাইজৰ মনত দুখ পোৱা কথা কোৱাৰ পৰা বিৰত থাকিবলৈ স্পষ্টভাৱে নির্দেশ দিয়া হৈছে ।

panchayat elections 2025
মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰচাৰ অভিযান মন্ত্ৰী-বিধায়ক (ETV Bharat Assam)

দলীয় নেতৃত্বৰ নিৰ্দেশনাৰ পাছতেই এতিয়া গাঁৱে গাঁৱে সোমাই সংগঠন শক্তিশালী কৰাত নামি পৰিছে প্ৰতিজন বিজেপি বিধায়কৰ লগতে দলীয় নেতাসকল । মন কৰিবলগীয়া যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নির্বাচন নহয় । গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নির্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক । ইতিমধ্যে জিলাই জিলাই নতুন চাৰিসীমাৰে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা হৈছে ।

panchayat elections 2025
গাঁৱে গাঁৱে প্ৰচাৰ অভিযান মন্ত্ৰী-বিধায়কৰ (ETV Bharat Assam)

আনহাতে নতুন প্রক্রিয়াৰে পঞ্চায়ত, জিলা পৰিষদ গঠন কৰাৰ ফলত ক'ৰবাত যদি পঞ্চায়ত বিলুপ্তি হৈছে, আন ক'ৰবাত আকৌ নতুন পঞ্চায়তৰ সৃষ্টি হৈছে । ক'ৰবাত যদি জিলা পৰিষদ হ্ৰাস হৈছে, আন ক'ৰবাত জিলা পৰিষদ বৃদ্ধি হৈছে । সাধাৰণতে পঞ্চায়তৰ দৰে স্থানীয় নিৰ্বাচনত শাসকীয় দলৰেই প্ৰভাৱ অধিক হয় । কিন্তু তথাপিও শাসকীয় দল বিজেপিয়ে কোনো ত্ৰুতি ৰাখিব বিচৰা নাই । ইফালে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক বিৰোধী দলবোৰেও ২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেলৰূপে গ্ৰহণ কৰিছে ।

panchayat elections 2025
বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰচাৰ অভিযান মন্ত্ৰী-বিধায়ক (ETV Bharat Assam)

জিলাই জিলাই বিজেপিৰ নিৰ্বাচনী প্রস্তুতি সমিতিৰ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰিবৰ বাবে বিজেপিৰ ৩১ খন সাংগঠনিক জিলাত দেওবাৰে পুৱাৰে পৰা নিৰ্বাচনী প্ৰস্তুতি সমিতিৰ বৈঠক অনুষ্ঠিত হয় । উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ২৭ খন চৰকাৰী জিলাৰ ৰাজনৈতিক ভূগোল বিজেপিৰ ৩১ খন সাংগঠনিক জিলাই সামৰি লৈছে । পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানক ব্যাপক ৰূপ দিয়াৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই মন্ত্ৰী পীযুষ হাজৰীকাক আহ্বায়ক হিচাপে লৈ গঠন কৰি দিয়া ৰাজ্যিক নির্বাচনী প্রস্তুতি সমিতিয়ে প্রতিখন জিলাতে একোখনকৈ নির্বাচন প্রস্তুতি সমিতি গঠন কৰিছে ।

panchayat elections 2025
বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি সমিতিৰ বৈঠক (ETV Bharat Assam)

দেওবাৰে পুৱাৰে পৰা জিলা পৰ্যায়ৰ নিৰ্বাচন প্রস্তুতি সমিতিৰ বৈঠক নিযুক্তি দিয়া পৰ্যবেক্ষকসকলৰ উপস্থিতিত অনুষ্ঠিত হয় । এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয়, "৩১ খন সাংগঠনিক জিলাৰ প্ৰস্তুতি বৈঠক পৰিচালনা কৰাৰ বাবে ১৬ গৰাকী পৰ্যবেক্ষকক পঞ্চায়ত নির্বাচন প্রস্তুতি সমিতিৰ আহ্বায়ক মন্ত্ৰী পীযুষ হাজৰীকাই দায়িত্ব অর্পণ কৰিছে । এজন পৰ্যবেক্ষকে দুখনকৈ জিলাৰ প্ৰস্তুতি বৈঠকত উপস্থিত থাকি নির্বাচনী প্ৰচাৰৰ বিষয়ে জিলা কাৰ্যকৰ্তাসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে ।"

panchayat elections 2025
গাঁৱে গাঁৱে প্ৰচাৰ অভিযান মন্ত্ৰী-বিধায়কৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "সমগ্ৰ ৰাজ্যতেই বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব সহাঁৰি পৰিলক্ষিত হৈছে । জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে ৰাজ্যৰ প্ৰান্তে প্রান্তে স্থাপন কৰা অস্থায়ী কাৰ্যালয়সমূহত ৰাইজৰ উপস্থিতি আৰু অভূতপূর্ব অংশগ্রহণে ইয়াকে প্ৰমাণ কৰে । এন ডি এৰ দহ শতাংশতকৈ অধিক প্রার্থীয়ে বিনা প্রতিদ্বন্দিতাৰে ইতিমধ্যে জয় লাভ কৰিছে, কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী ।"

লগতে পঢ়ক : বাজপেয়ী ভৱনত মাৰথান বৈঠক, যুৱ-মহিলা শক্তিক প্ৰাধান্য বিজেপিৰ

বিধানসভাৰ ছেমি ফাইনেল : নগাঁৱৰ কোন জিলা পৰিষদত কোনে দাখিল কৰিলে মনোনয়ন ?

অন্য দলে শাসন কৰিবলৈ সুযোগ বিচাৰি আছে, আমি সেৱা কৰিবলৈ চেষ্টা কৰি আছো : দিলীপ শইকীয়া