ETV Bharat / politics

ৰাভা হাছং নিৰ্বাচনৰ দিন ঘোষণাৰ পিছদিনাই দুধনৈত মন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

গোৱালপাৰাত শিক্ষামন্ত্ৰী ৰণোজ পেগু । ৰাভা হাছং নিৰ্বাচনৰ দিন ঘোষণাৰ পিছদিনাই দুধনৈত টংকেশ্বৰ ৰাভাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ।

Minister Ronoj Pegu holds meeting with Tonkeshwar Rabha in Dudhnai regarding Rabha Hasong elections
গোৱালপাৰাত শিক্ষা মন্ত্ৰী ৰণোজ পেগু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 7:35 AM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: ৰাভা হাছং নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে গোৱালপাৰা দুধনৈত টংকেশ্বৰ ৰাভাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু । প্ৰায় ৩০ মিনিট সময় ধৰি হোৱা আলোচনাৰ অন্তত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে, “বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে মিত্ৰতাৰে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ’ম, আশা কৰিছোঁ ভাল নিৰ্বাচন হ’ব, সুস্থিৰ তথা সৱল এখন পৰিষদ গঠন কৰা হ’ব ।”

আসন ভাগ বতৰা সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, “এয়া মই ক’ব নোৱাৰোঁ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি দলে আলোচনাৰ মাধ্যমেৰে এই বিষয়ে এক সিদ্ধান্তত উপনীত হ’ব ।” আনহাতে কংগ্ৰেছক আক্ৰমণ কৰি মন্ত্ৰীৰ মন্তব্য, “গোটেই অসমতখনতে এতিয়া কংগ্ৰেছৰ স্থিতি নাই । ৰাভা হাছঙতো কংগ্ৰেছৰ কোনো প্ৰভাৱ নপৰে কিন্তু বিনা প্ৰতিদ্বন্দিতাৰে মিত্ৰজোঁটে জিকাতকৈ কংগ্ৰেছেও প্ৰতিদ্বন্দিতা আগবঢ়াওঁক ৷”

গোৱালপাৰাত শিক্ষা মন্ত্ৰী ৰণোজ পেগু (ETV Bharat Assam)

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টংকেশ্বৰ ৰাভাই কয়, "শান্তি সম্প্ৰীতিৰে নিৰ্বাচন অনুষ্ঠিত হ’ব, ৰাভা হাছঙৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিক গুৰুত্ব আৰোপ কৰা হ’ব ৷" টংকেশ্বৰ ৰাভাই মত প্ৰকাশ কৰাৰ লগতে তাৎপৰ্যপূৰ্ণভাৱে কয়, “এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ম নে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই, দলে যি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব সকলো কথা ৷”

তেওঁ লগতে কয়, "ইয়াৰ লগতে ৰাভা হাছঙত কংগ্ৰেছৰ ইতিহাস ৰাইজে জানে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে লাঠিৰে ৰাভা জাতীয় সংগঠনৰ গণতান্ত্ৰিক আন্দোলন বাধা প্ৰদানৰ বিপৰীতে গুলী-বাৰুদেৰে নিকৃষ্টভাৱে ২৪ গৰাকী ৰাভা লোকক হত্যা কৰিছিল । ৰাইজে সকলো মনত ৰাখিছে, আমিও ৰাইজক এইবোৰ কথা জনাম, ৰাইজৰ মনত সেইবোৰ কথা এতিয়াও সজীৱ হৈ আছে গতিকে ৰাইজে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰদলক বিপুল সঁহাৰি জনাব ।"

লগতে পঢ়ক: আহি গ'ল ছেমি ফাইনেল ! হুইছেল বজাবলৈ সাজু অতুল বৰা-দিলীপ শইকীয়া - AGPS EXTENDED EXECUTIVE MEETING

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ - ASSAM BUDGET SESSION 2025