মঙলদৈ: "অখিল গগৈ যদি কিংমেকাৰ হ'ব খোজে তেন্তে প্ৰথমে তেওঁ নিজৰ সমষ্টিটোত জিকি ল'ব লাগিব । তাৰ পিছত পৰ্যাপ্ত আসন তেওঁৰ হাতত থাকিব লাগিব । তেতিয়াহে কিংমেকাৰৰ কথাটো থাকিব ।" শনিবাৰে মঙলদৈত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে । ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে আন কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অখিল গগৈক লৈ ।
মন্ত্ৰী ফুকনে লগতে কয়, "আমি ভাৰতীয় জনতা পাৰ্টীয়ে ১০৪-১০৫ খন আসনৰ টাৰ্গেট কৰি লৈছোঁ যে এইবাৰ জিকিম । তেনেক্ষেত্ৰত কিংমেকাৰৰ কথাটো ক'ৰ পৰা আহিল । যদি আমি ৪০ খন আসন পাওঁ তেতিয়াহে কিংমেকাৰৰ কথাটো আহিব ৷ এইবোৰ সকলো চালেবেৰে কোবোৱা কথা ।"
তেওঁ লগতে কয়, "আজি অখিল গগৈৰ নিজৰ ঠাই শিৱসাগৰত প'ষ্ট অফিচ নাইকিয়া হৈ গ'ল । এইবোৰ অখিল গগৈয়ে মানুহক আভুৱা ভাৰিবলৈ কথা কৈছে । ক'ৰ্টৰ সন্মুখত যে নিগনি মৰা দৰৱ বেচা এজন থাকে, অখিল গগৈয়ে তেনেধৰণৰ কাম কৰি আছে । এতিয়া ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰৰ দিন । যোৱা নিৰ্বাচনসমূহত আমাৰ যি ফলাফল হৈছে, সেই ফলাফলসমূহৰ দৰেই ২০২৬ত আমাৰ ফলাফল যথেষ্ট ভাল হ'ব ।" মন্ত্ৰী ফুকনে আৰু কয়, "আমি বিৰোধীক অনুৰোধ কৰিছোঁ, ভালকৈ আৰ এন ডি কৰক । গৱেষণা কৰক । ২০৩১ ত ভাল এটা বিৰোধী দল, এজন দলপতি হ'ব পাৰিব ।"
উল্লেখযোগ্য যে শনিবাৰে বিয়লি ৩ বজাত অসম দক্ষতা বিশ্ববিদ্যালয়ত দক্ষতা, উদ্যোগ বিভাগৰ মন্ত্ৰীগৰাকী দ্বিতীয়বাৰৰ বাবে উপস্থিত হয় । দক্ষতা বিশ্ববিদ্যালয়ৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ লগত মিলিত হয় মন্ত্ৰী ফুকন । বিশ্ববিদ্যালয়খনৰ কামকাজ শীঘ্ৰেই আৰম্ভ হব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে তেওঁৰ লগত উপস্থিত থাকে মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকা আদি কেইবাজনো নেতা ।