ETV Bharat / politics

অখিল গগৈৰ কথাবোৰ কিবা নিগনি মৰা দৰৱ বিক্ৰী কৰা বেপাৰীৰ দৰে: প্ৰশান্ত ফুকন

কিংমেকাৰ হোৱাৰ আগত অখিল গগৈক নিজৰ সমষ্টিত জয়ী হোৱাৰ আহ্বান ।

Minister Prashanta Phukan react over Akhil Gogoi's remark that he will be kingmaker
অখিল গগৈক নিগনি মৰা দৰৱ বিক্ৰী কৰা বেপাৰীৰে ৰিজালে প্ৰশান্ত ফুকনে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2025 at 7:11 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ: "অখিল গগৈ যদি কিংমেকাৰ হ'ব খোজে তেন্তে প্ৰথমে তেওঁ নিজৰ সমষ্টিটোত জিকি ল'ব লাগিব । তাৰ পিছত পৰ্যাপ্ত আসন তেওঁৰ হাতত থাকিব লাগিব । তেতিয়াহে কিংমেকাৰৰ কথাটো থাকিব ।" শনিবাৰে মঙলদৈত উপস্থিত হৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে । ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে আন কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অখিল গগৈক লৈ ।

মন্ত্ৰী ফুকনে লগতে কয়, "আমি ভাৰতীয় জনতা পাৰ্টীয়ে ১০৪-১০৫ খন আসনৰ টাৰ্গেট কৰি লৈছোঁ যে এইবাৰ জিকিম । তেনেক্ষেত্ৰত কিংমেকাৰৰ কথাটো ক'ৰ পৰা আহিল । যদি আমি ৪০ খন আসন পাওঁ তেতিয়াহে কিংমেকাৰৰ কথাটো আহিব ৷ এইবোৰ সকলো চালেবেৰে কোবোৱা কথা ।"

অখিল গগৈক নিগনি মৰা দৰৱ বিক্ৰী কৰা বেপাৰীৰে ৰিজালে প্ৰশান্ত ফুকনে (ETV Bharat Assam)

তেওঁ লগতে কয়, "আজি অখিল গগৈৰ নিজৰ ঠাই শিৱসাগৰত প'ষ্ট অফিচ নাইকিয়া হৈ গ'ল । এইবোৰ অখিল গগৈয়ে মানুহক আভুৱা ভাৰিবলৈ কথা কৈছে । ক'ৰ্টৰ সন্মুখত যে নিগনি মৰা দৰৱ বেচা এজন থাকে, অখিল গগৈয়ে তেনেধৰণৰ কাম কৰি আছে । এতিয়া ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰৰ দিন । যোৱা নিৰ্বাচনসমূহত আমাৰ যি ফলাফল হৈছে, সেই ফলাফলসমূহৰ দৰেই ২০২৬ত আমাৰ ফলাফল যথেষ্ট ভাল হ'ব ।" মন্ত্ৰী ফুকনে আৰু কয়, "আমি বিৰোধীক অনুৰোধ কৰিছোঁ, ভালকৈ আৰ এন ডি কৰক । গৱেষণা কৰক । ২০৩১ ত ভাল এটা বিৰোধী দল, এজন দলপতি হ'ব পাৰিব ।"

উল্লেখযোগ্য যে শনিবাৰে বিয়লি ৩ বজাত অসম দক্ষতা বিশ্ববিদ্যালয়ত দক্ষতা, উদ্যোগ বিভাগৰ মন্ত্ৰীগৰাকী দ্বিতীয়বাৰৰ বাবে উপস্থিত হয় । দক্ষতা বিশ্ববিদ্যালয়ৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ লগত মিলিত হয় মন্ত্ৰী ফুকন । বিশ্ববিদ্যালয়খনৰ কামকাজ শীঘ্ৰেই আৰম্ভ হব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে তেওঁৰ লগত উপস্থিত থাকে মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকা আদি কেইবাজনো নেতা ।

লগতে পঢ়ক: সৰ্বদলীয় প্ৰতিনিধি দলত থাকিবনে গৌৰৱ গগৈ ! ৰাহুল গান্ধীলৈ বিশেষ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ - DIPLOMATIC OUTREACH OF INDIA

’২৬ত বিজেপিয়ে নিজৰ হাতলৈ আনিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো: ৰচনা কৰিছে ৰণকৌশল - BJP EXTENDED EXECUTIVE MEETING