গুৱাহাটী: যোৰহাট- ৫০০, নগাঁও- ৫,০০০, বৰপেটা- ১০,০০০ আৰু ধুবুৰী- ৫০,০০০, এয়া অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ হ’বলগীয়া সভাবোৰত উপস্থিত থাকিবলগীয়া মানুহৰ সংখ্যা ৷
এয়া কংগ্ৰেছে কোৱা নাই । আচৰিত যেন লাগিলেও, গৌৰৱ গগৈৰ সভাত কিমান মানুহ হ’ব, সেয়া গণনা কৰি ভৱিষ্যতবাণী কৰিছে অসম মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ।

দেওবাৰে পুৱা মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজহুৱা ঘোষণাৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ সভাত উপস্থিত হ’বলগীয়া লোকৰ সংখ্যা প্ৰকাশ কৰিছে ৷
দেওবাৰে পুৱা সামাজিক মাধ্যমত গৌৰৱ গগৈক আক্ৰমণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই দিছে এক পৰিসংখ্যা ৷ উল্লেখযোগ্য যে সভাপতি হোৱাৰ পিছত শনিবাৰে দিল্লীৰ পৰা যোৰহাটত আহি উপস্থিত হয় গৌৰৱ গগৈ ৷ কংগ্ৰেছ নেতা-কৰ্মীসকলে গৌৰৱ গগৈক জনাইছে বিপুল আদৰণি ।
উজনি অসমৰ যোৰহাটৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে ২০২৬ ৰ নিৰ্বাচনী ৰণযাত্ৰা আৰম্ভ কৰা গৌৰৱ গগৈলৈ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমযোগে আগবঢ়াইছে কটাক্ষ ভৰা পৰামৰ্শ ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ মতে যোৰহাটৰ পৰিৱৰ্তে ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিলেহে অধিক ভাল ফলাফল লাভ কৰিব কংগ্ৰেছে ।
সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীৰ মন্তব্য, “মাননীয় সাংসদ শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়া, আজি এটা বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিব বিচাৰিছোঁ– পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক যাত্ৰাৰ সূচনা কৰিব বিচাৰিলে, যোৰহাটৰ পৰা নহয়, ধুবুৰীৰ পৰা আৰম্ভ কৰিলে অধিক ভাল ফলাফল লাভ কৰিব ৷”
মন্ত্ৰী হাজৰীকাৰ দাবী সভাপতিৰূপে যোৰহাটত হোৱা শনিবাৰৰ গৌৰৱ গগৈৰ প্ৰথমখন সভাত যোৰহাটত মাত্ৰ ৫০০ মানুহহে হৈছে ৷ হাজৰিকাই লগতে কয়, “আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰথমখন সভাত মাত্ৰ ৫০০ লোকৰ উপস্থিতি দেখিবলৈ পালোঁ । মোৰ বিশ্লেষণ অনুসৰি, আগন্তুক দিনবোৰত আপোনাৰ সভাত উপস্থিত থাকিব পৰা লোকৰ আনুমানিক পৰিসংখ্যা আগবঢ়াইছোঁ, অলপ ইফাল-সিফাল হ'বও পাৰে-
- যোৰহাট: ৫০০
- নগাঁও: ৫,০০০
- বৰপেটা: ১০,০০০
- ধুবুৰী: ৫০,০০০
গতিকে ভৱিষ্যতৰ ৰাজনৈতিক সভাসমূহ ধুবুৰীৰ পৰা আৰম্ভ কৰি ক্ৰমে সেই বিশেষ স্থানসমূহ সামৰি পৰিকল্পনা এটা কৰিব পাৰে । নিশ্চয় সুফল পাব বুলি আশা কৰিছোঁ ।”
দৰাচলতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা উজনি অসমৰ ৰাজনীতিত দুৰ্বল প্ৰদৰ্শন কৰি আহিছে কংগ্ৰেছ দলে ৷ কংগ্ৰেছৰ উজনিৰ হেৰুওৱা দুৰ্গ উদ্ধাৰৰ বাবে উজনি অসমত খোপনি পুতিব খুজিছে গৌৰৱ গগৈয়ে । যাৰ বাবে সভাপতি হৈয়েই গৌৰৱ গগৈয়ে দিল্লীৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ নাহি পোনে পোনে উপস্থিত হ‘ল যোৰহাটত ।
শনি আৰু দেওবাৰ- এই দুটা দিনত যোৰহাট আৰু শিৱসাগৰ জিলাত সাংগঠনিক কাম আৰু দলীয় সভাত ব্যস্ত গৌৰৱ গগৈ । সেয়ে, উজনি অসমত ব্যস্ত গৌৰৱ গগৈক নামনিৰ সংখ্যালঘু মুছলমান প্ৰধান অঞ্চল ধুবুৰীৰ পৰাহে যাত্ৰা আৰম্ভ কৰিবলৈ কটাক্ষ কৰি আক্ৰমণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।
লগতে, সামাজিক মাধ্যমত বিভিন্ন ঠাইত সভাত উপস্থিত হ’বলগীয়া মানুহৰ সংখ্যাৰ ক্ষেত্ৰত যোৰহাটত ৫০০ ৰ বিপৰীতে মন্ত্ৰী পীযুষে ধুবুৰীত ৫০,০০০ মানুহ উপস্থিত হ’ব বুলি কৈ গৌৰৱ গগৈক সংখ্যলঘুৰ মাজতহে বেছি জনপ্ৰিয় বুলি অভিহিত কৰিব খুজিছে ৷
লগতে পঢ়ক: গৌৰৱ গগৈক ৰাজনৈতিক পৰ্যটক আখ্য়া পবিত্ৰ মাৰ্ঘেৰিটাৰ