ETV Bharat / politics

কাৰ দপদপনিৰ বাবে ভূপেন বৰাও নাইকিয়া হৈ যাব ? ক’লে পীযুষ হাজৰীকাই

Pijush Hazarika: অখিল গগৈ মেধাৱী হ’লেও পীযুষ হাজৰীকাতকৈ ৰাজনৈতিক ক্ষেত্ৰত সৰু ৷ টিভি চেনেলত পোনপটীয়া সম্প্ৰচাৰ চলি থকালৈকেহে বিধানসভাত থাকে অখিল গগৈ ৷ এই মন্তব্য পীযুষ হাজৰীকাৰ ৷ ইফালে ভূপেন বৰাও এদিন কংগ্ৰেছৰ পৰা নাইকিয়া হৈ যাব বুলি মন্তব্য মন্ত্ৰী হাজৰিকাৰ ৷

Minster Pijush Hazarika
চামগুৰিত মন্ত্ৰী পীযুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 9:01 PM IST

2 Min Read
Choose ETV Bharat
চামগুৰিত মন্ত্ৰী পীযুষ হাজৰীকা

চামগুৰি, 27 ফেব্ৰুৱাৰী: ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰীৰ দপদপনিত ভূপেন বৰা এদিন কংগ্ৰেছৰ পৰা নাইকিয়া হৈ যাব ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰৰ ভিত্তিত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাণা গোস্বামীক প্ৰশংসা কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰীৰ দপদপনিৰ বাবে ৰাণা গোস্বামীৰ দৰে লোক কংগ্ৰেছত থাকিব নোৱাৰে ৷ কংগ্ৰেছত কষ্টত থকাতকৈ বিজেপিলৈ আহিলে আদৰণি জনাব বুলি কয় পীযুষ হাজৰীকাই ৷

আনহাতে অখিল গগৈৰ সন্দৰ্ভত সাংবাদিকৰে কৰা প্ৰশ্নোত্তৰত গৰজি উঠিল মন্ত্ৰী পীযুষ হাজৰীকা । বিধানসভাত আবোল-তাবোল কথা কোৱা অখিল গগৈ বিয়লি বিধানসভাত উপস্থিত নাথাকে বুলি মন্তব্য কৰে হাজৰীকাই ৷ কেৱল টিভি চেনেলসমূহত পোনপটীয়া সম্প্ৰচাৰ কৰি থকা সময়খিনিলৈকেহে বিধানসভাত অখিল গগৈ থাকে বুলি মন্তব্য কৰি বিধানসভাত কিবা এটা কৈয়েই বাহিৰলৈ ওলাই গৈ সাংবাদিকৰ সন্মুখত অখিল গগৈয়ে মন্তব্য দিয়েগৈ বুলি কয় পীযুষ হাজৰীকাই ৷

ইফালে অখিল গগৈ পঢ়া-শুনাত মেধাৱী হ’লেও ৰাজনৈতিক ক্ষেত্ৰত তেওঁতকৈ সৰু বুলি পীযুষ হাজৰীকাই মন্তব্য কৰে । হাজৰীকাই কয় যে তেওঁ বিধায়ক হোৱা ১৩ বছৰ হোৱাৰ বিপৰীতে অখিল গগৈৰ ৩ বছৰহে হৈছে । পীযুষ হাজৰীকা 32 বছৰ বয়সত বিধায়ক হোৱাৰ বিপৰীতে অখিল গগৈ 45 বছৰ বয়সত বিধায়ক হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ প্ৰসংগত পীযুষ হাজৰীকাই কয় যে নগাঁৱত মুছলমান ভোটৰ সংখ্যা বেছি বাবে বিজেপি বেকফুটত আছে । কিন্তু যোগ্য প্ৰতিদ্বন্দিতা আগবঢ়াব বিজেপিয়ে ৷

লগতে পঢ়ক: চাহ মজদুৰ সংঘৰ শতাধিক নেতাই যোগদান কৰিলে বিজেপিত