ETV Bharat / politics

ভূপেন বৰাই ক’লে ধুমুহা আহি আছে, ক’লৈ আহিছে ক’লে পীযুষ হাজৰীকাই

Pijush Hazarika: ভূপেন বৰাই ‘ধুমুহা আহি আছে’ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে ধুমুহা ভূপেন বৰাৰ ঘৰত, ৰাজীৱ ভৱনত আৰু কংগ্ৰেছ পাৰ্টীত হৈ আছে ৷

Minister Pijush Hazarika
মন্ত্ৰী পীযুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 5:50 PM IST

2 Min Read
Choose ETV Bharat
মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : যিমানেই চমু চাপি আহিছে নিৰ্বাচন, সিমানেই ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে । এনে সময়তে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ‘ধুমুহা আহি আছে’ বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰীগৰাকীয়ে ওলোটাই ‘ধুমুহা ক’ত আহিছে’ বুলি প্ৰশ্ন কৰে ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ ক’ত ধুমুহা ? তেওঁলোকৰ দলততো সদায় ধুমুহা আহে, ধুমুহা আমালৈকে নাহে, তেওঁলোকৰ দললৈ সদায় ধুমুহা আহে । তেওঁলোকে সেইটোকে যদি কৈছে মই মানি ল’ব লাগিব । তেওঁলোকৰ কোনোবা বিধায়ক, ডাঙৰ ডাঙৰ নেতা, কাৰ্যকৰ্তা বিজেপিলৈ আহি আছে ।’’

ধুমুহা হৈ আছে ভূপেন বৰাৰ ঘৰত, ধুমুহা হৈ আছে ৰাজীৱ ভৱনত, ধুমুহা হৈ আছে কংগ্ৰেছ পাৰ্টীত বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ বিজেপিক ধুমুহাই একো কৰিব নোৱাৰে বুলি মন্তব্য কৰি পীষুয হাজৰীকাই কয় যে অসমৰ মানুহ বিজেপিৰ লগত আছে ।

মন্ত্ৰী হাজৰীকাই লগতে কয়, ‘‘ধুমুহা যদি আমালৈ আহে, অসমৰ মানুহ ধুমুহাক ভেটা দিবলৈকে আমাৰ আগত থিয় দিব, বিজেপি দলৰ আগত থিয় দিব । গতিকে কোনো ধুমুহাই আমাক একো কৰিব নোৱাৰে । ধুমুহাই অকল কংগ্ৰেছকহে নাইকিয়া কৰিছে, কংগ্ৰেছক ক্ষতি কৰিছে ৷’’

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত কংগ্ৰেছৰ এলায়েন্স সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে তেওঁলোকৰ এয়া চাহমেল, ভোজভাত খোৱা এলায়েন্স, তাৰ বাহিৰে একো নহয় । যিকেইটা দল এই এলায়েন্সত আছে, দলকেইটাৰ নামো কোনেও নাজানে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

আচলতে এলায়েন্সৰ নামত কেইটামান ক্লাবে লগ লাগি চাহমেল কৰা, ভোজভাত খোৱা কামবোৰ কৰি আছে বুলি তেওঁ কয় । কংগ্ৰেছক ধুমুহাই এনেকে কোবাইছে যে তেওঁলোকে ক’ৰবাত সৰু ঘৰ এটাত বহি চাহ-ভাত খোৱাৰ বাহিৰে একো নাই বুলি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন : কৰিমগঞ্জ লোকসভা সমষ্টিৰ ৰূপৰেখা