ETV Bharat / politics

অসমৰ ৰাইজে কাক কয় আন্ধাৰৰ ৰজা: ক'লে মন্ত্রী পীযুষ হাজৰীকাই

তেখেতে নিজকে গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে । তেওঁ মিনাৰেল ৱাটাৰতকৈও ওপৰত । কাৰ কথা ক'লে মন্ত্ৰীয়ে ?

Minister Pijush Hazarika react on panchayat election and Congress
কংগ্ৰেছক তীব্ৰ সমালোচনা পীযুষ হাজৰীকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: "আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্নীতি আৰু কু-অভিপ্ৰায়ৰ বিপৰীতে বিজেপিৰ সুশাসনৰ জয় হ'ব । হত্যা, হিংসা আৰু ক'লাধনৰ হেঁচাৰে আমাৰ চৰকাৰৰ বিকাশ যাত্ৰাক কেতিয়াও ৰুধিব নোৱাৰে । কাৰণ জনতাৰ আশিস আৰু আস্থা বিজেপিৰ সৈতে আছে ।"-এই মন্তব্য মন্ত্রী পীযুষ হাজৰীকাৰ । শনিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে ।

ইফালে কংগ্ৰেছৰ টিকট বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, "অসমৰ ৰাজনীতিত নিজকে সকলোতকৈ পৰিষ্কাৰ বুলি ভবা ব্যক্তিজনেই হৈছে প্ৰদ্যুৎ বৰদলৈ । তেখেতে নিজকে গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে । তেওঁ মিনাৰেল ৱাটাৰতকৈও ওপৰত । তেখেতৰ বিৰুদ্ধেই প্ৰসন্ন তুৰুং আৰু তেওঁৰ পত্নীৰ হত্যাৰ অভিযোগ থাকে । তেখেতক অসমৰ মানুহে আন্ধাৰৰ ৰজা বুলি কয় । তেওঁৰ দিনতে গঁড় মাৰি শেষ হ’ল । তেখেতে নিজেই ভাবে তেখেততকৈ ক্লীন ব্যক্তি অসম কোনো নাই । কিন্তু সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ৰজলিন ফাৰুকি নামৰ এগৰাকী মহিলাই ২০ লাখ টকা লোৱা বুলি কৈছে । তেওঁ নিজে ফোন কৰি কৈছে, ফোন ৰেকৰ্ডো আছে বুলি কৈছে মহিলাগৰাকীয়ে ।’’

কংগ্ৰেছক তীব্ৰ সমালোচনা পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "কংগ্ৰেছ দলৰ এইটো হৈছে চৰিত্ৰ । টিকট দি পইচা সংগ্ৰহ কৰাটো কংগ্ৰেছ দলৰ আগৰে চৰিত্ৰ । অকল লাহৰীঘাটৰ পৰাই এই খবৰ অহা নাই । ধুবুৰীৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, প্ৰত্যেকখন জিলাৰ পৰাই আহিছে, বিশেষকৈ য’ত সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত নিৰ্বাচন হৈছে, তাৰ পৰা এনে খবৰ আহিছে । সংঘ্যালঘু ৰাইজক তেওঁলোকে এইদৰে প্ৰতাৰণাও কৰে ।"

Minister Pijush Hazarika react on panchayat election and Congress
বিজেপিৰ সামাজিক মাধ্যম কোষৰ এখন বিশেষ বৈঠক (ETV Bharat Assam)

উল্লেখ্য যে আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ সামাজিক মাধ্যম কোষৰ এখন বিশেষ বৈঠকত অনুষ্ঠিত হয় । বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্রী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, সামাজিক মাধ্যম কোষৰ ৰাজ্যিক প্ৰভাৰী কিশোৰ কুমাৰ উপাধ্যায়সহ সামাজিক মাধ্যম কোষৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহৰ উদগীৰণ, কংগ্ৰেছ ত্যাগ ক্ষুব্ধ নেতা-কৰ্মীৰ - CONGRESS CANDIDATE CONFLICT

মুখ্যমন্ত্ৰী ভ্ৰমত থকা উচিত নহয়; সকলো মুছলমান অসন্তুষ্ট : কিয় ক'লে বিধায়ক ৰফিকুল ইছলামে - AIUDF ON WAQF ACT