গুৱাহাটী: ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি । সৰ্বত্রে ব্যাপক ৰূপত চলিছে প্ৰচাৰ অভিযান । ইফালে এই অভিযানৰ মাজতে পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।
অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । যাৰ বাবে এতিয়া প্ৰতিগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰত ভীষণ ব্যস্ত । তাৰ মাজতে সোমবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত মুকলি কৰা হয় পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন সমিতিৰ কাৰ্যালয় । কাৰ্যালয়টো মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰবন্ধন সমিতিৰ আহ্বায়ক তথা মন্ত্ৰী পীযুষ হাজৰীকা, অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলৰ কাৰ্যকৰ্তাসকল ।
প্ৰবন্ধন সমিতিৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা আশ্বাস আৰু বিশ্বাসৰ বাবে বিজেপি দলে সদায় শক্তিশালী ৰূপত ৰাইজৰ কাষত আছে । ৰাইজেও সেইমতে সঁহাৰি জনাই আহিছে । যাৰ বাবে পঞ্চায়ত নিৰ্বাচনতো অভূতপূৰ্বভাৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি মিত্ৰজোঁটে ।"
তেওঁ লগতে কয়, "বিজেপিয়ে বৰ্তমানলৈকে প্ৰায় ৩১ টা জিলা পৰিষদ আৰু ২৫৯ আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । ঠিক একেদৰে মিত্ৰজোঁট অগপই ২ খন জিলা পৰিষদ আৰু ২৯ টা আঞ্চলিক পঞ্চায়তত জয়লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ ৰাইজৰ আৰ্শীবাদ লৈ এই জয়লাভ কৰিবলৈ সক্ষম হৈছো ।"

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "অসমৰ বাবে বিগত ১১ বছৰে প্ৰধানমন্ত্ৰীয়ে যি কাম কৰিছে, আন কোনেও কৰিব নোৱাৰে । ১১ বছৰত অসমলৈ ৭০ বাৰকৈ আহি যিটো ৰেকৰ্ড কৰিছে, সেই ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰে । বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত ৰাইজ যথেষ্ট সন্তুষ্ট । দিলীপ শইকীয়াৰ নেতৃত্বত দল যথেষ্ট শক্তিশালী হৈছে । বি টি চি নিৰ্বাচনৰ লগতে '২৬ ৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাম ।"
আনহাতে, পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে গুণ্ডাগিৰি কৰা বুলি উত্থাপন কৰা কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য, "কংগ্ৰেছে হৰাৰ পাছত উত্তৰ দিবলৈ এইবোৰ নিজেই সৃষ্টি কৰিছে । কংগ্ৰেছে প্ৰাৰ্থীৰ পৰা টকা লোৱা বুলি ১৮ টা অভিযোগ আহিছে । কংগ্ৰেছে হৰাৰ পাছত উত্তৰ দিবলৈ এইবোৰ নিজে বনাই থৈছে । কংগ্ৰেছে কাৰ বাবে কাম কৰে সকলোৱে জানে । পঞ্চায়ত নিৰ্বাচনত টিকটৰ নামত টকা লোৱা অঞ্চলকেইটা দেখিলেই গম পোৱা যায় কোন ক’ত কিমান শক্তিশালী । কংগ্ৰেছে অসমীয়াৰ কাৰণে মাত মতা মই শুনা নাই ।"
ইফালে অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ সকীয়নি সন্দৰ্ভত তেওঁৰ মন্তব্য, "কোন দিনা কংগ্ৰেছে অখিল গগৈৰ সৈতে মিত্ৰতাত বহে, কোন দিনা ভাঙে কোনেও নাজানে । দুদিন পূৰ্বে যেতিয়া ইয়াৰ ওপৰত মোক সাংবাদিকে প্ৰশ্ন কৰিছিল তেতিয়া মই উত্তৰ দিয়া নাছিলো । কাৰণ হীৰেন গোহাঁইৰ নেতৃত্বত বিৰোধীয়ে আজি বহিছে, কাইলৈ কি হয় কোনে জানে ।"