ধেমাজি/জোনাই: ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে শাসকীয় দল বিজেপিয়ে । প্ৰচাৰত জপিয়াই পৰিছে সাংসদ, মন্ত্ৰী-বিধায়ক । শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা ।
মন্ত্ৰীগৰাকীয়ে প্ৰথমেই ধেমাজি অৰুণোদয় হাইস্কুল খেলপথাৰত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । উক্ত সভাত ৰাইজক সম্বোধন কৰাৰ পিছত সাংবাদিকৰ আগত মন্ত্ৰী হাজৰীকাই কয়,"আমি ভাবো যে আমি প্ৰায়বোৰ সমষ্টিতে আমি জিকিম । উজনি অসমৰ ৯৫% সমষ্টিত আমি জয়লাভ কৰিম বুলি মই অনুভৱ কৰোঁ ।"
কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়,"কংগ্ৰেছক আৰু ৰাইজে ভোট নিদিয়ে । যি দলে টিকট দিওতে টকা খাই, যি দলে টিকট দিওতে দুৰ্নীতিৰ লাইচেঞ্চখন লগত দি দিয়ে । মানুহেটো এই কথাবোৰ দেখি আছে । ক'ৰবাত বিজেপি দলৰ, অগপ দলৰ টকা খোৱাৰ নিউজ আহিছে নেকি ? এতিয়ালৈকে বোলে ১৮ টা অভিযোগেই আহিলে । ভূপেন বৰাই বোলে এখন কমিটীও বনাই দিছে । এইবোৰ সকলো ভেকোঁভাওনা ।"
টিকটৰ নামত দুৰ্নীতিৰ অভিযোগ কেনেকৈ আহে বুলি তেওঁ লগতে কয়,"জুই জ্বলিলেহে ধোঁৱা ওলাব । তেওঁলোকে ইতিমধ্যে টিকটৰ নামত টকা ল'লে । ২০ লাখ, ৩০ লাখকৈ টকা । সেই মানুহ কেইজন যদি কৰ'বাত জিকে তেতিয়া কি হ'ব ? তেওঁলোকেটো টকাই খাব । গতিকে দুৰ্নীতিৰ লাইচেঞ্চ দিয়া কংগ্ৰেছক মানুহে ভোট নিদিয়ে । ৰাইজে বিজেপি, এজিপি, গণশক্তি, ইউপিপিএলক ভোট দিব । সৰ্বাধিক পঞ্চায়তত বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে মানে অন্য দলবোৰে বিজেপি মিত্ৰজোঁটৰ লগত নিৰ্বাচন খেলিবলৈ ভয় খায় ।"
ইয়াৰ পিছতে জোনাইৰ চিচিবৰগাঁও সমষ্টিত উপস্থিত হৈ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ শ্ৰীপাণিত ভাৰতীয় জনতা পাৰ্টিৰ চিচিবৰগাঁও মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মন্ত্ৰী হাজৰীকাই । এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ কয়," আমি প্ৰায় গোটেই সমষ্টিবোৰতে জিকিম, বিৰোধী শূন্য হ'ব । বিৰোধী কোনো নিৰ্বাচন খেলিবলৈ অহাও নাই । নিৰ্বাচনত হাৰিলে কি কি ক'ব তেওঁলোকে তাৰেই ৰণনীতি বনাই আছে । আমি জিকাৰ ৰণনীতি বনাই আছোঁ, ভূপেন বৰা কংগ্ৰেছ দলৰ সদস্যসকলে হাৰিলে কি ক'ব, তাৰ ৰণনীতি কৰি আছে ।"
লগতে ধেমাজিত ৮০% বান মুক্ত হৈছে বুলি উল্লেখ কৰি অসমৰ দক্ষ মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতাৰ বাবে আজি ধেমাজি বহু আগুৱাই গৈছে বুলি মন্তব্য কৰে । ইফালে মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ উপ সভাপনেত্ৰী চুমী বৰাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলৰ তিনিকুৰি সদস্যই বিজেপি দলত যোগদান কৰে ।